২০২৩ চনত ২০০০ টকীয়া নোট বজাৰৰ পৰা প্ৰত্যাহাৰ কৰা হৈছিল। ২০১৯ চনৰ পৰাই এই নোটৰ ছপা বন্ধ কৰা হৈছে। তথাপিও, ৰিজাৰ্ভ বেংক অৱ ইণ্ডিয়া (RBI)ৰ ওচৰলৈ সকলো নোট এতিয়াও ঘূৰি অহা নাই। বহু লোকৰ হাতত এতিয়াও এই নোট আছে। যদি আপোনাৰ হাততো এই নোট আছে, তেন্তে কি কৰিব?
২০২৩ চনৰ ১৯ মে’ত RBIয়ে ২০০০ টকীয়া নোট বন্ধৰ ঘোষণা কৰিছিল। সেই বছৰৰ ৩০ ছেপ্টেম্বৰলৈকে নোট সলনি কৰাৰ সময় দিয়া হৈছিল। যিকোনো বেংকত গৈ এই নোট সলনি কৰিব পৰা গৈছিল। সময়সীমা পাৰ হৈ যোৱাৰ পিছতো RBIয়ে ২০০০ টকীয়া নোট সলনিৰ সুযোগ দি আছে। RBIৰ ১৯টা আঞ্চলিক কাৰ্যালয়ত এই নোট সলনি কৰিব পাৰি।
যোৱা মাহত RBIয়ে জনাইছিল যে, ২০০০ টকীয়া নোটৰ প্ৰায় ৯৬ শতাংশ ঘূৰি আহিছে। তথাপিও, ৬,১৮১ কোটি টকাৰ মূল্যৰ ২০০০ টকীয়া নোট এতিয়াও RBIৰ ওচৰলৈ ঘূৰি অহা নাই। এই টকা ক’ত গ’ল, তাৰ কোনো সঠিক উত্তৰ কাৰো ওচৰত নাই।
বৃহস্পতিবাৰে RBIৰ গৱৰ্ণৰ সঞ্জয় মালহোত্ৰাই সংসদৰ বিত্তীয় স্থায়ী সমিতিক জনাইছে যে, ২০০০ টকীয়া নোট এতিয়া চলনত নাই। অৰ্থাৎ, RBIয়ে এই নোট নতুনকৈ বজাৰত প্ৰচলন কৰা নাই। তথাপিও, ২০০০ টকীয়া নোট এতিয়াও অবৈধ ঘোষণা কৰা হোৱা নাই আৰু ই বৈধ মুদ্ৰা হিচাপে আছে।
যদিও RBIয়ে ২০০০ টকীয়া নোট অবৈধ ঘোষণা কৰা নাই, বৰ্তমান বজাৰত এই নোটৰ চলন নাই। যদি যাৰ হাতত এই নোট আছে, তেন্তে তেওঁ তাক খৰচ কৰিব নোৱাৰিব। একমাত্ৰ উপায় হ’ল RBIৰ আঞ্চলিক কাৰ্যালয়ত গৈ বা ডাকযোগে RBIৰ ওচৰলৈ নোট পঠিয়াই তাৰ পৰিৱৰ্তে টকা ল’ব পাৰিব।
RBIৰ গৱৰ্ণৰে ৫০০ টকীয়া নকল নোটৰ বিষয়েও তথ্য দিছে। তেওঁ জনাইছে যে, সম্প্ৰতি বৃহৎ পৰিমাণৰ ৫০০ টকীয়া নকল নোট জব্দ কৰা হৈছে। RBI আৰু চৰকাৰে এনে কাৰ্যকলাপ ৰোধ কৰিবলৈ আৰু নকল নোট বন্ধ কৰিবলৈ কেইবাটাও পদক্ষেপ গ্ৰহণ কৰিছে।
