আৰ ই চি ৰাষ্ট্ৰীয় মুকলি প্ৰতিভা সন্ধানী বক্সিং, অসমৰ ২১ গৰাকী খেলুৱৈ তৃতীয় ৰাউণ্ডত

অসমৰ মুঠ ২১ গৰাকী খেলুৱৈয়ে গুৱাহাটীত চলি থকা আৰ ই চি ৰাষ্ট্ৰীয় মুকলি প্ৰতিভা সন্ধানী বক্সিং প্ৰতিযোগিতাৰ জুনিয়ৰ আৰু ছাব-জুনিয়ৰৰ বিভিন্ন ওজন শাখাৰ তৃতীয় ৰাউণ্ডত প্ৰৱেশ কৰিছে৷ পল্টন বজাৰস্থিত ছাই কেন্দ্ৰৰ ইনড’ৰ ষ্টেডিয়ামত চলি থকা প্ৰতিযোগিতাখনৰ জুনিয়ৰৰ ছোৱালীৰ ৪৪ কেজি শাখাত অসমৰ মনিকা দলে আৰু লিজা নাথে নিজৰ নিজৰ মেচত জয়লাভ কৰে৷

ইফালে, বক্সিং ফেডাৰেছন অব ইণ্ডিয়া [বি এফ আই] ৰ সহযোগিতাত অসম এমেচাৰ বক্সিং সন্থাই আয়োজন কৰা প্ৰতিযোগিতাখনত ল’ৰাৰ জুনিয়ৰৰ ৪৪ কেজি শাখাত প্ৰশান্ত ৰাজবংশী আৰু দ্বীপাংকৰ দাসে জয়লাভ কৰাৰ লগতে ৪৬ কেজিত হিমাংশু বৰা, ৫৪ কেজিত নিপেন সিনহা তথা ৫৭ কেজিত ছাহিমন নেৱাৰে পৰৱৰ্তী ৰাউণ্ডত প্ৰৱেশ কৰে৷

আনহাতে, ছাব-জুনিয়ৰৰ ছোৱালীৰ ৪০ কেজিত প্ৰিয়ংকা, ৪৩ কেজিত অস্মিতা ৰয়, পাবিশা সন্দিকৈ, ৪৬ কেজিত পৰিস্মিতা শইকীয়া, প্ৰেমিকা বসুমতাৰী, প্ৰিথিক মুছাহাৰী আৰু ৪৯ কেজিত ৰিম্পী পেগুৱে জয়লাভ কৰাৰ বিপৰীতে ল’ৰাৰ ছাব-জুনিয়ৰৰ ৪০ কেজিত আদিত্য ৰাজভৰ, আয়ান শইকীয়া, ৪৩ কেজিত লুনমিন খোংছাই, নীৰজ, লক্ষ্যজিত চুতীয়া, ৪৬ কেজিত ধনঞ্জয় বড়ো আৰু ৪৯ কেজিত লাচিতে জয়লাভ কৰি পৰবৰ্তী ৰাউণ্ডলৈ যোগ্যতা অৰ্জন কৰিছে৷

উল্লেখ্য যে ইয়াৰপূৰ্বে প্ৰতিযোগিতাত এলিট আৰু যুৱ শাখাৰ পুৰুষ-মহিলাৰ খেল সুকলমে অনুষ্ঠিত হৈ গৈছে৷ অসমে এলিট আৰু যুৱ শাখাৰ পুৰুষ-মহিলাৰ বিভিন্ন ওজন শাখাত মুঠ ১৬ টা পদক লাভ কৰিছে৷ ইয়াৰে দুটা সোণ, ছটা ৰূপ আৰু আঠটা ব্ৰঞ্জৰ পদক৷ অহা ৩০ ছেপ্টেম্বৰত প্ৰতিযোগিতাখন সামৰণি পৰিব৷

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

আজিৰে পৰা আৰম্ভ ৰাজস্থান ৰয়েলছ-আৰ চি বি খেলৰ টিকট বিক্ৰী

অহা ১০ এপ্ৰিলত বৰ্ষাপাৰাৰ এ চি এ ষ্টেডিয়ামত অনুষ্ঠিত...

নিশাই গুৱাহাটীত উপস্থিত হ’ব মুম্বাই ইণ্ডিয়ানছ, দেওবাৰে পাব ৰাজস্থান ৰয়েলছ

গুৱাহাটীৰ এ চি এ ষ্টেডিয়ামত অহা সাত এপ্ৰিলত চলিত...

জিএনআৰচি হাস্পতালৰ বসন্তকালীন চিএমই ২০২৬

ক্লিনিকেল নিউৰ 'ফিজিঅ'লজি আপডেটৰ গুৰুত্বপূৰ্ণ একাডেমিক অধিৱেশনত নতুন দিল্লীৰ...

দেশত পুনৰ ভূমিকম্পৰ জোকাৰণি

দেশত পুনৰ ভূমিকম্পৰ জোকাৰণি। শুকুৰবাৰে নিশা ৯:৫০ বজাত অনুভূত...