সোণাপুৰৰ কচুতলিত পুনৰ গঢ়ি উঠিছে তম্বু, অস্থায়ী ঘৰ

সোণাপুৰৰ কচুতলিত পুনৰ গঢ়ি উঠিছে তম্বু, অস্থায়ী ঘৰ। বসবাস আৰম্ভ কৰিছে উচ্ছেদিত একাংশ লোকে। চৰকাৰ-প্ৰশাসনৰ সকীয়নি, মুখ্যমন্ত্ৰীৰ মৰমৰ ধমক, একোকে কেৰেপ নকৰে কচুতলিত পুনৰ বসতি আৰম্ভ কৰা একাংশ লোকে।

কচুতলিলৈ ঘূৰি আহিছে উচ্ছেদিত একাংশ লোক। কচুতলিৰ মছজিদৰ সমীপৰ অঞ্চলত তম্বু বা অস্থায়ী ঘৰ সাজি পুনৰ একাংশ লোকে বেদখল আৰম্ভ কৰাত উদ্বিগ্ন হৈ উঠিছে সোণাপুৰৰ স্থানীয় লোক তথা একাংশ দল-সংগঠন। ১৪ মে’ত কচুতলিৰ বেদখলমুক্ত ভূমি পৰিদৰ্শন কৰিছিল মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। বেদখলমুক্ত কচুতলিত অসম চৰকাৰে কেইবাটাও প্ৰকল্পৰ প্ৰস্তাৱগ্ৰহণ কৰিছে। ইয়াৰ ভিতৰত অন্যতম দশম আৰক্ষী বাহিনীৰ কাৰ্যালয় স্থাপন। তদুপৰি আন কেইবাটাও প্ৰকল্প প্ৰস্তাৱ কৰিছে চৰকাৰে। এই প্ৰকল্পসমূহৰ কাম শীঘ্ৰে আৰম্ভ কৰাৰ বাবে আহ্বান জনাইছে কচুতলিৰ সমীপৰ বিজনী-গুমৰীয়া আদি অঞ্চলৰ ৰাইজে। এক সংবাদমেলযোগে এই আহ্বান জনাই ৰাইজে। ৰাইজৰ আশা, প্ৰকল্পসমূহৰ কাম আৰম্ভ হ’লে কচুলিত চলি থকা বেদখলৰ অপচেষ্টা মষিমূৰ হ’ব।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

২২ বছৰীয়া দীঘলীয়া অপেক্ষাৰ অন্ত! ডুৰাণ্ড কাপৰ-২০২৬ৰ চেম্পিয়ন ইষ্ট বেংগল

মোহনবাগানক ৪-১ গ’লত পৰাস্ত কৰি ১৭সংখ্যক ডুৰাণ্ড কাপ জয়...

অসমৰ বানাক্ৰান্ত বিদ্যালয়সমূহৰ পুনৰ্নিৰ্মাণৰ বাবে ONGCৰ ২০ কোটি টকাৰ সাহায্য

অসমত শেহতীয়াকৈ হোৱা প্ৰলয়ংকাৰী বানত ক্ষতিগ্ৰস্ত হোৱা ৰাজ্যখনৰ প্ৰায়...

প্ৰথম বিদেশ যাত্ৰাতে থমকি ৰ’ল জীৱন, ২২ বছৰীয়া ভাৰতীয় যুৱকৰ কৰুণ পৰিণতি

ৰাছিয়ান ক্ষেপণাস্ত্ৰ আক্ৰমণত নিহত উত্তৰ প্ৰদেশৰ যুৱকৰ মৃতদেহ ৩৪...