গুৱাহাটীত ৰাজস্থান ৰয়েলছৰ ৰাজকীয় অৱতৰণ

১৯সংখ্যক ইণ্ডিয়ান প্ৰিমিয়াৰ লীগ (IPL-২০২৬)ৰ প্ৰথম তিনিখন ঘৰুৱা মেচ খেলাৰ বাবে আজি গুৱাহাটীত উপস্থিত হৈছে ৰাজস্থান ৰয়েলছ৷ জয়পুৰৰ পৰা স্পাইছজেটৰ বিশেষ বিমানযোগে বিয়লি ৩.৪৫ বজাত দলটো বৰঝাৰৰ ভাৰতৰত্ন লোকপ্ৰিয় গোপীনাথ বৰদলৈ বিমান বন্দৰৰ নতুন টাৰ্মিটেনলত উপস্থিত হয়৷ মহানগৰীৰ শতাধিক ছাত্ৰ-ছাত্ৰী তথা অনুৰাগীয়ে ‘হাল্লা বল’ৰ ঝংকাৰৰ সুৰত ৰয়েলছৰ জাৰ্ছি পিন্ধি তথা দলৰ গোলাপী ফ্লেগ হাতত লৈ প্ৰিয় তাৰকাসকলক ৰাজকীয় আদৰণি জনায়৷ বিমান বন্দৰৰ পৰা দুখন বিশেষ বাচেৰে দলটোক তাজ বিভাণ্টালৈ লৈ আনে নিৰাপত্তাৰক্ষীয়ে৷ দলৰ মুখ্য প্ৰশিক্ষক কুমাৰ ছাংগাকাৰাসহ অন্য ছাপ’ৰ্ট ষ্টাফ তথা ক্ৰিকেটাৰসকল গুৱাহাটীত উপস্থিত হৈছে যদিও অধিনায়ক ৰিয়ান পৰাগ আজি অহা নাই। IPLৰ কেপ্টেইন মীটৰ অনুষ্ঠানত অংশ লোৱাৰ বাবে ৰিয়ান আজি দলৰ লগত আহিব নোৱাৰিলে৷ কাইলৈ নিশা গৃহভূমিত উপস্থিত হ’ব অসম সন্তান ৰিয়ান।

উল্লেখ্য যে, অসমক নিজৰ দ্বিতীয় ঘৰ হিচাপে লোৱা IPLৰ উদ্বোধনী বৰ্ষৰ চেম্পিয়ন ৰাজস্থান ৰয়েলছে এইবাৰ সাতখন ঘৰুৱা মেচৰ হাইভল্টেজ তিনিখন খেল গুৱাহাটীত খেলিব। সেই অনুসৰি অহা ৩০ মাৰ্চত গুৱাহাটীত হ’বলগা প্ৰথমখন মেচত ৰাজস্থান ৰয়েলছ পাঁচবাৰৰ চেম্পিয়ন চেন্নাই ছুপাৰ কিংছৰ মুখামুখি হ’ব। আনহাতে, অহা ৭ এপ্ৰিলত ACA ষ্টেডিয়ামৰ দ্বিতীয়খন মেচত ৰাজস্থান ৰয়েলছৰ প্ৰতিদ্বন্দ্বী হ’ব ৫বাৰৰ চেম্পিয়ন মুম্বাই ইণ্ডিয়ানছ। ইফালে, বিগত IPLৰ চেম্পিয়ন RCBয়ে অহা ১০ এপ্ৰিলত গুৱাহাটীত হ’বলগা তৃতীয় মেচখনত ৰাজস্থান ৰয়েলছৰ মুখামুখি হ’ব।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

গুৱাহাটীৰ IPL মেচৰ টিকট ক’ত পাব?

অসমক নিজৰ দ্বিতীয় ঘৰ হিচাপে লোৱা আই পি এলৰ...

অসমত গ্ৰেপ্তাৰ পাকিস্তানী চোৰাংচোৱা

পুনৰ দেশতেই ওলাইছে ঘৰ বিভীষণ। এইবাৰ ভাৰতীয় তথ্য পাকিস্তানক...

উৰণ সেতুত ৰীল বনাবলৈ গৈ তলত পৰিলগৈ কিশোৰ

উৰণ সেতুত ৰীল বনাবলৈ গৈ তলত পৰিলগৈ কিশোৰ। ঈদৰ...

ডায়েট ডিব্ৰুগড়ত কুইজ প্ৰতিযোগিতা, প্ৰথম স্থান জিনিলে কোনে?

জিলা শিক্ষা আৰু প্ৰশিক্ষণ প্ৰতিষ্ঠান (ডায়েট), ডিব্ৰুগড়ত প্ৰতিষ্ঠানটোৰ প্ৰশিক্ষাৰ্থীসকলৰ...