ঈদৰ উচাহ ম্লান পেলাব নেকি বৰষুণে, প্ৰবল বৃষ্টিপাতৰ আগজাননী বতৰ বিজ্ঞান কেন্দ্ৰৰ!

অসমত ঈদৰ দিনাও আহিব পাৰে ধাৰাষাৰ বৰষুণ। মুষলধাৰ বৰষুণৰ আগজাননী বতৰ বিজ্ঞান কেন্দ্ৰৰ। বৰঝাৰস্থিত আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই জনোৱা অনুসৰি পশ্চিম বংগ আৰু উত্তৰ প্ৰদেশৰ উপকূলীয় অঞ্চলত সাগৰীয় জোখ ০.৯ত থকা হেতুকে অসমৰ লগতে উত্তৰ-পূৰ্বাঞ্চলত আগমন ঘটিব বৰষুণৰ। বতৰ বিজ্ঞান কেন্দ্ৰৰ জাননী অনুসৰি আগন্তুক ৫ দিনলৈ অসমৰ লগতে উত্তৰ-পূবৰ কেইবাখনো ৰাজ্যত আগমন ঘটিব এই বৰষুণৰ। অসম, অৰুণাচল আৰু মেঘালয়তো মধ্যমীয়া পৰিমাণৰ বৰষুণ হ’ব পাৰে। ঠিক একেদৰে নাগালেণ্ড, মণিপুৰ, মিজোৰাম আৰু ত্ৰিপুৰাতো ৫ দিনলৈ কম-বেছি পৰিমাণে অব্যহত থাকিব এই বৰষুণ। লগতে ৩০-৪০ কিঃমিঃ বেগত ধুমুহা বলাৰ সম্ভাৱনা আছে বুলি সদৰি কৰিছে বৰঝাৰস্থিত আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

এ চি এৰ কৰ্পৰেট টি-২০ ক্ৰিকেট প্ৰতিযোগিতা ২০২৬ৰ সূচী ঘোষণা

এ চি এৰ কৰ্পৰেট টি-২০ ক্ৰিকেট প্ৰতিযোগিতা ২০২৬ৰ সূচী...

ACAৰ কৰ্পৰেট টি-২০ ক্ৰিকেট প্ৰতিযোগিতা ২০২৬ৰ সূচী ঘোষণা

অসম ক্ৰিকেট সন্থাই অহা ১০ মাৰ্চত আৰম্ভ হ’বলগীয়া...

Assam down town University Wins Big at ET TechEDU Awards 2026

Assam down town University has brought pride to the...

ইৰাণক বিধ্বংসী আক্ৰমণ ইজৰাইলৰ

ইৰাণক বিধ্বংসী আক্ৰমণ ইজৰাইলৰ। ৰাজধানী তেহৰানসহ ইৰানৰ বিভিন্ন ঠাইত...