ঈদৰ উচাহ ম্লান পেলাব নেকি বৰষুণে, প্ৰবল বৃষ্টিপাতৰ আগজাননী বতৰ বিজ্ঞান কেন্দ্ৰৰ!

অসমত ঈদৰ দিনাও আহিব পাৰে ধাৰাষাৰ বৰষুণ। মুষলধাৰ বৰষুণৰ আগজাননী বতৰ বিজ্ঞান কেন্দ্ৰৰ। বৰঝাৰস্থিত আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই জনোৱা অনুসৰি পশ্চিম বংগ আৰু উত্তৰ প্ৰদেশৰ উপকূলীয় অঞ্চলত সাগৰীয় জোখ ০.৯ত থকা হেতুকে অসমৰ লগতে উত্তৰ-পূৰ্বাঞ্চলত আগমন ঘটিব বৰষুণৰ। বতৰ বিজ্ঞান কেন্দ্ৰৰ জাননী অনুসৰি আগন্তুক ৫ দিনলৈ অসমৰ লগতে উত্তৰ-পূবৰ কেইবাখনো ৰাজ্যত আগমন ঘটিব এই বৰষুণৰ। অসম, অৰুণাচল আৰু মেঘালয়তো মধ্যমীয়া পৰিমাণৰ বৰষুণ হ’ব পাৰে। ঠিক একেদৰে নাগালেণ্ড, মণিপুৰ, মিজোৰাম আৰু ত্ৰিপুৰাতো ৫ দিনলৈ কম-বেছি পৰিমাণে অব্যহত থাকিব এই বৰষুণ। লগতে ৩০-৪০ কিঃমিঃ বেগত ধুমুহা বলাৰ সম্ভাৱনা আছে বুলি সদৰি কৰিছে বৰঝাৰস্থিত আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

ইৰাণত ট্ৰাম্পৰ মিছন, খামেনেইৰ পতনৰ কাউণ্টডাউন আৰম্ভ, আমেৰিকাই আক্ৰমণ কৰিব নেকি?

বৰ্তমান ট্ৰাম্পৰ প্ৰধান লক্ষ্য হৈছে ইৰাণ। কাৰণ ইৰাণ জ্বলিছে।...

ইৰাণ সংকটক লৈ হাই এলাৰ্টত ইজৰাইল; ট্ৰাম্পৰ বক্তব্যৰ পিছত আমেৰিকাৰ আক্ৰমণৰ আশংকা

ইৰাণত চলি থকা চৰকাৰ বিৰোধী বৃহৎ প্ৰতিবাদৰ মাজতে ইজৰাইল...

অপাৰেচন হকআইঃ ছিৰিয়াত ISISৰ ওপৰত আমেৰিকাৰ বৃহৎ আক্ৰমণ, কেইবাটাও লক্ষ্যত বিমান আক্ৰমণ

মিত্ৰশক্তিৰ বাহিনীৰ সৈতে আমেৰিকাৰ কেন্দ্ৰীয় কমাণ্ড (চেণ্টকম) বাহিনীয়ে অপাৰেচন...