ছিনিয়ৰ মহিলা বক্সিং আৰম্ভ

গ্ৰেটাৰ নয়ডাৰ শ্বহীদ বিজয় সিং পাথিক ক্ৰীড়া প্ৰকল্পত আজিৰে পৰা আৰম্ভ হৈছে ছিনিয়ৰ ৰাষ্ট্ৰীয় মহিলা বক্সিং প্ৰতিযোগিতা৷ অহা ২৭ মাৰ্চলৈ অনুষ্ঠিত হ’বলগীয়া প্ৰতিযোগিতাত ২৪ খন ৰাজ্যিৰ মুঠ ১৮৮ গৰাকী বক্সাৰে অংশ লৈছে৷

মুঠ ১০টা ওজন শাখাত খেল অনুষ্ঠিত হ’বলগা প্ৰতিযোগিতাখনত অলিম্পিয়ান জয়ছমিন আৰু পূজা ৰাণীসহ বিশ্ব চেম্পিয়ন নিতু ঘাংঘাছ, দুবাৰৰ বিশ্ব যুৱ চেম্পিয়ন সাক্ষী , প্ৰাক্তন ৰাষ্ট্ৰীয় চেম্পিয়ন পুনম পুনিয়া, বিশ্ব চেম্পিয়নশ্বিপৰ ব্ৰঞ্জৰ পদক বিজয়ী সীমৰণজিত কৌৰ, প্ৰাক্তন বিশ্ব চেম্পিয়ন পদক বিজয়ী ছোনিয়া লেথাৰ আৰু অনামিকা আদি তাৰকাই অংশ লৈছে৷

আজি প্ৰতিযোগিতাৰ উদ্বোধনী অনুষ্ঠানত উপস্থিত থাকে ভাৰতীয় অলিম্পিক সন্থাৰ সভানেত্ৰী পি টি উষা, অলিম্পিক ব্ৰঞ্জজয়ী বিজেন্দৰ সিং, বিশ্ব চেম্পিয়ন তথা কমনৱেলথ গেমছৰ স্বৰ্ণজয়ী অলিম্পিয়ান নিখাত জাৰীণ, অলিম্পিয়ান সৰিতা দেৱী লগতে ভাৰতীয় বক্সিং ফেডাৰেছনৰ সভাপতি অজয় সিং৷

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

ইৰাণত ট্ৰাম্পৰ মিছন, খামেনেইৰ পতনৰ কাউণ্টডাউন আৰম্ভ, আমেৰিকাই আক্ৰমণ কৰিব নেকি?

বৰ্তমান ট্ৰাম্পৰ প্ৰধান লক্ষ্য হৈছে ইৰাণ। কাৰণ ইৰাণ জ্বলিছে।...

ইৰাণ সংকটক লৈ হাই এলাৰ্টত ইজৰাইল; ট্ৰাম্পৰ বক্তব্যৰ পিছত আমেৰিকাৰ আক্ৰমণৰ আশংকা

ইৰাণত চলি থকা চৰকাৰ বিৰোধী বৃহৎ প্ৰতিবাদৰ মাজতে ইজৰাইল...

অপাৰেচন হকআইঃ ছিৰিয়াত ISISৰ ওপৰত আমেৰিকাৰ বৃহৎ আক্ৰমণ, কেইবাটাও লক্ষ্যত বিমান আক্ৰমণ

মিত্ৰশক্তিৰ বাহিনীৰ সৈতে আমেৰিকাৰ কেন্দ্ৰীয় কমাণ্ড (চেণ্টকম) বাহিনীয়ে অপাৰেচন...