জীৱনৰ শিক্ষা প্ৰদান কৰাৰ প্ৰয়াস, বিক্ৰেতাৰ ৰূপত এজাক কণমানি

কেৱল পাঠ্যপুথিৰ শিক্ষাই নহয়, জীৱনৰ শিক্ষাৰে ছাত্ৰ-ছাত্ৰীক মানুহ কৰাৰ প্ৰয়াস এখন বিদ্যালয়ৰ। বৰ্তমান সময়ত ছাত্ৰ-ছাত্ৰীক কেৱল পাঠ্যপুথিৰ জ্ঞানৰ মাজতে আৱদ্ধ কৰি ৰখা হয় বুলি সততে চৰ্চা চলি থকাৰ মাজতে এইবাৰ এখন বিদ্যালয়ে গ্ৰহণ কৰিছে অভিনৱ পদক্ষেপ।

থলুৱা শাক-পাচলিৰে খুবেই সাধাৰণ যেন লগা এখন বজাৰ। কিন্তু সাধাৰণ হৈও চৰ্চালৈ আহিছে এইখন বজাৰ।

বজাৰখনত বিক্ৰেতাৰ ৰূপত কণ কণ ছাত্ৰ-ছাত্ৰী। হাতত কিতাপ-বহী এৰি শিক্ষাৰ্থী ওলাইছে বজাৰলৈ। সন্মুখত উলিয়াই লৈছে বিভিন্ন ধৰণৰ শাক-পাচলি।

গোলকগঞ্জৰ উত্তৰ ৰায়পুৰ ৰঘুনাথ জনসেৱী প্ৰাথমিক বিদ্যালয়ৰ এই বজাৰখনে সম্প্ৰতি দৃষ্টি আকৰ্ষণ কৰিছে সকলোৰে। ছাত্ৰ-ছাত্ৰীক কেৱল কিতাপৰ জ্ঞানৰ মাজতেই আবদ্ধ নকৰি ‘বজাৰ’ৰ জৰিয়তে জীৱনমুখী শিক্ষা দিয়া বিদ্যালয় কৰ্তৃপক্ষৰ সলাগ লৈছে সকলোৱে।

গুণগত শিক্ষাৰ লগতে ব্যৱহাৰিক জ্ঞান বৃদ্ধিত গুৰুত্ব শিক্ষানুষ্ঠানখনৰ। ছাত্ৰ-ছাত্ৰীক বজাৰ আৰু হিচাপ সম্পৰ্কীয় জ্ঞান দিয়াৰ উদ্দেশ্যে বিদ্যালয়সমূহৰ উপ-পৰিদৰ্শকৰ উদ্যোগত আৰু বিদ্যালয় কৰ্তৃপক্ষৰ সহযোগত অনুষ্ঠিত হৈছে এই বজাৰ।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

Assam down town University Wins Big at ET TechEDU Awards 2026

Assam down town University has brought pride to the...

ইৰাণক বিধ্বংসী আক্ৰমণ ইজৰাইলৰ

ইৰাণক বিধ্বংসী আক্ৰমণ ইজৰাইলৰ। ৰাজধানী তেহৰানসহ ইৰানৰ বিভিন্ন ঠাইত...

গুৱাহাটীত ফাগুনৰ প্ৰথমজাক বৰষুণ

ধূলিৰে ধূসৰিত গুৱাহাটী মহানগৰীৰ বাসিন্দাই অপেক্ষা কৰি আছিল এজাক...

৯০ লাখ বছৰৰ পূৰ্বে বনৰীয়া বিলাহীৰ সৈতে মিলনত জন্ম হৈছিল আলুৰ!

বিজ্ঞানীসকলে নিশ্চিত কৰিছে যে আলুৰ উৎপত্তি এক প্ৰাচীন জিনীয়...