দালালৰাজ বন্ধ হ’ব লাগিব; দুদিন দেৰি হ’লেও দালালক টকা নিদিব : মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা

ৰাজ্যত পাইকাৰী হাৰত দালাল গ্ৰেপ্তাৰৰ পিছতে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। অসম আৰক্ষীৰ হাতত মুঠ ৭০০ দালালৰ দীঘলীয়া তালিকা থকা বুলি মন্তব্য মুখ্যমন্ত্ৰীৰ। সোমবাৰে নিশাৰ পৰা চলা অভিযানত ৪৫০টা মাটিৰ দালালক আটক কৰাৰ পিছত আজি নিশাৰ ভিতৰত আৰু ২৫০টা দালালক আটক কৰাৰ ঘোষণা মুখ্যমন্ত্ৰী ড০ শৰ্মাৰ। সমান্তৰালকৈ চৰকাৰী বিষয়াকো সকীয়নি মুখ্যমন্ত্ৰীৰ। টকা-পইচা নোলোৱাকৈ আপোনালোকে কাম কৰক। ৰাইজলৈ অনুৰোধ মুখ্যমন্ত্ৰীৰ, দেৰি হ’লেও কামত টকা নিদিব। মুখ্যমন্ত্ৰীৰ ঘোষণা ৰাজ্যৰ কোনো অফিচতে দালাল থাকিব নোৱাৰিব। মুখ্যমন্ত্ৰীৰ ঘোষণাৰ পিছতে প্ৰশ্ন উঠিছে নতুনকৈ জালত পৰিব লগা দালালৰ তালিকাত আৰু কাৰ কাৰ নাম?

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

ইৰাণত ট্ৰাম্পৰ মিছন, খামেনেইৰ পতনৰ কাউণ্টডাউন আৰম্ভ, আমেৰিকাই আক্ৰমণ কৰিব নেকি?

বৰ্তমান ট্ৰাম্পৰ প্ৰধান লক্ষ্য হৈছে ইৰাণ। কাৰণ ইৰাণ জ্বলিছে।...

ইৰাণ সংকটক লৈ হাই এলাৰ্টত ইজৰাইল; ট্ৰাম্পৰ বক্তব্যৰ পিছত আমেৰিকাৰ আক্ৰমণৰ আশংকা

ইৰাণত চলি থকা চৰকাৰ বিৰোধী বৃহৎ প্ৰতিবাদৰ মাজতে ইজৰাইল...

অপাৰেচন হকআইঃ ছিৰিয়াত ISISৰ ওপৰত আমেৰিকাৰ বৃহৎ আক্ৰমণ, কেইবাটাও লক্ষ্যত বিমান আক্ৰমণ

মিত্ৰশক্তিৰ বাহিনীৰ সৈতে আমেৰিকাৰ কেন্দ্ৰীয় কমাণ্ড (চেণ্টকম) বাহিনীয়ে অপাৰেচন...