‘নতুন প্ৰধানমন্ত্ৰীক গ্ৰহণ নকৰোঁ!’ প্ৰতিবাদত কঁপি উঠিল ফ্ৰান্স; এতিয়ালৈকে ২০০জন লোকক গ্ৰেপ্তাৰ

বুধবাৰৰ পৰা ফ্ৰান্সত অশান্তিৰ জুই বিয়পি পৰিছে। পেৰিছকে ধৰি দেশৰ বিভিন্ন চহৰত পুৱাৰে পৰা অশান্তিৰ সৃষ্টি হৈছে। শ শ বিক্ষোভকাৰী ৰাজপথত নামি পৰিছে। তেওঁলোকৰ প্ৰশ্ন, ফ্ৰান্সৰ ৰাষ্ট্ৰপতি ইমানুয়েল মেক্ৰোনে কিয় ছেবাষ্টিয়ান লেকৰ্নুক নতুন প্ৰধানমন্ত্ৰী হিচাপে মনোনীত কৰিছে। অশান্তি ৰোধ কৰিবলৈ আৰক্ষীয়ে কন্দুৱা গেছ নিক্ষেপ কৰিবলগীয়া হৈছে। বিক্ষোভকাৰীৰ ফালৰ পৰাও আৰক্ষীক উদ্দেশ্যি ইটা নিক্ষেপ কৰিছে। মুঠতে পৰিস্থিতি ক্ৰমশঃ উত্তপ্ত হৈ পৰিছে। সংবাদ সংস্থা এপিৰ খবৰ অনুসৰি, পুৱাৰে পৰা কমেও ২০০ জন বিক্ষোভকাৰীক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে।

‘সকলো অৱৰোধ কৰা’, এই দাবীৰে বুধবাৰে প্ৰতিবাদকাৰীসকলে ৰাজপথত নামি পৰিছিল। এই প্ৰতিবাদৰ আহ্বান অনলাইনৰ জৰিয়তে দিয়া হৈছিল। কিন্তু এই আন্দোলনৰ কোনো নেতৃত্ব প্ৰকাশ্যে ওলাই অহা নাই। পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে অতিৰিক্ত বাহিনী মোতায়েন কৰা হৈছে। বিক্ষোভকাৰীক ৰোধ কৰিবলৈ ৰাজপথৰ বিভিন্ন স্থানত বেৰিকেডৰ ব্যৱস্থা কৰা হৈছে। আৰক্ষীৰ তৎপৰতাৰ বাবে বিক্ষোভৰ জুই বেছি বিয়পি নপৰিলেও, বহু ঠাইৰ পৰা অশান্তিৰ খবৰ পোৱা গৈছে।

বাছত অগ্নিকাণ্ডৰ পৰা আৰম্ভ কৰি ৰে’লৰ বিদ্যুৎ সংযোগ বিচ্ছিন্ন কৰাৰ দৰে ঘটনা সমগ্ৰ ফ্ৰান্সত সংঘটিত হৈছে। ফ্ৰান্সৰ স্বৰাষ্ট্ৰমন্ত্ৰী ব্ৰুনো ৰিটেইলউৰ অভিযোগ, বিক্ষোভকাৰীসকলে ‘বিদ্ৰোহৰ পৰিৱেশ’ সৃষ্টিৰ চেষ্টা কৰিছিল। কিন্তু তাক ব্যৰ্থ কৰা সম্ভৱ হৈছে।

বিগত কেইবছৰমানৰ পৰা ফ্ৰান্সত নাগৰিকৰ দৈনন্দিন খৰচ বৃদ্ধি পাইছে। মূলতঃ এই অৰ্থনৈতিক সংকটক হাথিয়াৰ কৰি অতি দক্ষিণপন্থী নেচনেল ৰেলীয়ে প্ৰতিবাদৰ সুৰ তুলিছিল। ইয়াৰ উপৰিও, দেশৰ বিভিন্ন প্ৰান্তত বিভিন্ন সময়ত অশান্তিৰ ঘটনা ঘটিছে। আন্দোলনকাৰীৰ লক্ষ্য আছিল ফ্ৰান্সৰ সদ্যপ্ৰাক্তন প্ৰধানমন্ত্ৰী ফ্ৰাঁচোৱা বেৰু। এই পৰিস্থিতিত বেৰুৱে নিজেই আস্থা ভোটৰ দিশে গৈছিল। অনাস্থা ভোটৰ পূৰ্বে তেওঁ নিজৰ আৰ্থিক আৰু ভৱিষ্যতৰ পৰিকল্পনাৰ কথা প্ৰকাশ কৰি সমৰ্থনৰ আহ্বান জনাইছিল। কিন্তু তেওঁৰ এই আহ্বানৰ কোনো ফল পোৱা নগ’ল। সোমবাৰে ফৰাচী আইনসভাৰ ৫৭৭ জন সদস্যৰ মাজত ৩৩১ জনে বেৰুৰ প্ৰতি ‘অনাস্থা’ প্ৰকাশ কৰিছিল। ফলত তেওঁ পদত্যাগ কৰিবলৈ বাধ্য হৈছিল। যোৱা বছৰৰ ডিচেম্বৰ মাহত প্ৰধানমন্ত্ৰী হিচাপে নিযুক্ত হোৱা বেৰুৱে ৯ মাহৰো কম সময়ৰ ভিতৰত সোমবাৰৰ ‘আস্থা’ ভোটত পৰাজিত হৈছে। ইয়াকে লৈ ফ্ৰান্সত ধাৰাবাহিকভাৱে দুবাৰ অনাস্থা ভোটত দুজন প্ৰধানমন্ত্ৰী পৰাজিত হৈছে। উল্লেখযোগ্য যে, বিগত বছৰৰ ৪ ডিচেম্বৰত ফৰাচী সংসদৰ নিম্নকক্ষ ‘নেচনেল এছেম্বলী’ত আস্থাভোটত তৎকালীন প্ৰধানমন্ত্ৰী মাইকেল বাৰ্নিয়া পৰাজিত হৈছিল। তেওঁৰ বিৰুদ্ধে বামপন্থী আৰু অতি দক্ষিণপন্থী সদস্যসকল একত্ৰিত হৈছিল। তেওঁৰ উত্তৰসূৰী হিচাপে বেৰুক মনোনীত কৰা হৈছিল, কিন্তু তেওঁৰো ক্ষমতা বেছি দিন টিকি নাথাকিল।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

জাপানত আৰম্ভ এছিয়ান পেৰা গেমছ ২০২৬; ১৬৮গৰাকী খেলুৱৈৰে পদকৰ যুঁজত নামিব ভাৰত

জাপানৰ আইচি-নাগোয়াত আজি আনুষ্ঠানিকভাৱে আৰম্ভ হ’ব এছিয়ান পেৰা গেমছ...

কলকাতাত দুৰ্গা পূজাৰ আনন্দৰ মাজতে কৰুণ ঘটনা; পদপিষ্ট হৈ ১৮জনৰ মৃত্যু, আহত ৩৫জন

কলকাতাৰ দুৰ্গা পূজাৰ আনন্দৰ মাজতে সংঘটিত হ’ল এক শোকাৱহ...

দিল্লীৰ যন্তৰ-মন্তৰত হোৱা জুলাইৰ হিংসাত্মক ঘটনাৰ তদন্তৰ বাবে পৰ্টেল মুকলি উচ্চতম ন্যায়ালয়ৰ গঠিত HPECৰ

ভাৰতৰ উচ্চতম ন্যায়ালয়ে ২০২৬ চনৰ জুলাই মাহত দিল্লীৰ যন্তৰ-মন্তৰ...