বিশিষ্ট চিকিৎসক আভাৰাণী বৰাৰ মৃত্যু

গুৱাহাটীৰ বিশিষ্ট চিকিৎসক আভাৰাণী বৰাই সোমবাৰে পুৱা মৃত্যুক সাৱটি লয়৷ বিগত কিছুদিন ধৰি গুৰুতৰভাৱে অসুস্থ হৈ আছিল ডাঃ বৰা। মৃত্যুৰ সময়ত তেওঁৰ বয়স হৈছিল ৫৬ বছৰ। ডিব্ৰুগড়ৰ অসম চিকিৎসা মহাবিদ্যালয়ৰ পৰা স্নাতক ডিগ্ৰী লোৱা চিকিৎসকগৰাকীয়ে স্নাতকোত্তৰ ডিগ্ৰী লৈছিল গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ পৰা। চৰকাৰী চিকিৎসক হিচাপে সোণাৰি, জাগীৰোড, ৰঙিয়া, গুৱাহাটীত আদিত সেৱা আগবঢ়াই স্বাস্থ্যজনিত কাৰণত স্বেচ্ছা অৱসৰ লৈছিল। শেহতীয়াকৈ ডাঃ বৰাই গুৱাহাটীৰ এপল’ এক্সেলকেয়াৰ হাস্পতালত সেৱা আগবঢ়াই আছিল৷ ৰোগী আৰু অভিভাৱকৰ মাজত অত্যন্ত জনপ্ৰিয় আছিল চিকিৎসকগৰাকী। মৃত্যুৰ সময়ত আভাৰাণী বৰাই চিকিৎসক স্বামী ডাঃ দীপক দাসৰ লগতে দুই পুত্ৰক এৰি থৈ গৈছে।

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Popular

More like this
Related

ইজৰাইলৰ আক্ৰমণৰ প্ৰত্যুত্তৰ দিবলৈ সাজু হৈছে ইৰাণ

ইজৰাইলৰ বিৰুদ্ধে ক’ত কেনেদৰে আক্ৰমণ চলোৱা হ’ব তাৰ পৰিকল্পনা...

ইউৰোপলৈ সৰ্বাধিক তেল ৰপ্তানিকাৰী দেশৰূপে ভাৰতৰ উত্থান

খাৰুৱা তেল উৎপাদন আৰু ৰপ্তানিৰ ক্ষেত্ৰত ১ নম্বৰ দেশ...

আৰক্ষীৰ সফল অভিযান

ঘটনাটো যাৰ লগত ঘটিল তেওঁহে বুজি পায় সেই পৰিস্থিতি।...

আপুনি খোৱা ৰেষ্টুৰেণ্টৰ খাদ্য কিমান গ্ৰহণযোগ্য?

আপুনি ৰেষ্টুৰেণ্টৰ খাদ্য খাই ভালপায় নেকি?ছি:হ কি বিভৎস… খাদ্য প্ৰস্তুত...