নতুন জনসংখ্যা নীতিৰ পৰা কোনে কোনে পাব ৰেহাই?

ৰাজ্যত প্ৰৱৰ্তন হ’ব নতুন জনসংখ্যা নীতি
সন্তান জন্ম দিয়াৰ ক্ষেত্ৰত সাৱধান
অধিক সন্তানৰ বাবে বঞ্চিত হ’ব পাৰে সুবিধাৰ পৰা

গুৱাহাটী, ২০ জুন, NKTV: ৰাজ্যত অচিৰেই প্ৰৱৰ্তন হ’ব জনসংখ্যা নিয়ন্ত্ৰণ আইন। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কৰিছে এই ঘোষণা। অধিক সন্তানে বঞ্চিত কৰিব পাৰে চৰকাৰী চাকৰিকে ধৰি অন্যান্য সা-সুবিধাৰ পৰা। কোন কোন পৰিব এই আইনৰ আওতাত? কোনে ৰেহাই পান এই আইনৰ পৰা?

ৰাজ্য চৰকাৰে শেহতীয়াকৈ প্ৰৱৰ্তন কৰিবলৈ ওলাইছে নতুন জনসংখ্যা নীতি। এই নীতি,অনুসৰি ২০২৫ চনৰ পৰা দুটাতকৈ অধিক সন্তান থকা ব্যক্তিয়ে নাপাব চৰকাৰী সা-সুবিধা। নাপাব চৰকাৰী আঁচনিৰ সা-সুবিধাও। চৰকাৰী চাকৰি কৰাৰ ক্ষেত্ৰতো হ’ব বঞ্চিত। একেদৰে ২০২২ চনৰ পৰা ৪টা সন্তানতকৈ অধিক সন্তান থাকিলে নাপাব চৰকাৰী সুবিধা। ২০২১ চনত ৬টাতকৈ অধিক সন্তান থাকিলে নাপাব পাৰে চৰকাৰী সা-সুবিধা।

ৰাজ্য চৰকাৰে শীঘ্ৰেই প্ৰৱৰ্তন কৰিবলৈ ওলোৱা এই আইনৰ পৰা ৰেহাই পাব – অনুসূচীত জাতি,অনুসূচীত জনজাতি, চাহ জনগোষ্ঠীয়ে।

চৰকাৰৰ নতুন জনসংখ্যা নীতিক লৈ সৃষ্টি হৈছে বিতৰ্কৰ। কিয়নো একাংশ জাতি জনগোষ্ঠীয়ে এই আইনৰ পৰা ৰেহাই পাব৷ চৰকাৰৰ এই স্থিতিক সমালোচনা বিৰোধীৰ। বিৰোধীৰ প্ৰশ্ন, সকলোকে কিয় সামৰি লোৱা নহ’ল প্ৰস্তাৱিত আইনখনত? জনসংখ্যা নিয়ন্ত্ৰণৰ ক্ষেত্ৰত চৰকাৰে প্ৰৱৰ্তন কৰিবলৈ ওলোৱা নতুন আইনত কি কাৰণে নিৰ্দিষ্ট কেইটামান জাতি জনগোষ্ঠীক ৰেহাই দিয়া হ’ল? এই আইনৰ পৰা ৰেহাই বিচাৰি দাবী জনাইছে কেইবাটাও জাতি জনগোষ্ঠীয়েও। অসমৰ খিলঞ্জীয়া ভূমিপুত্ৰ হিচাপে দাবী কৰা গৰীয়া মৰিয়া দেশী জাতীয় পৰিষদৰো একেই দাবী। তেওঁলোককো ৰেহাই দিব লাগে আইনখনৰ পৰা।

একাংশ লোকক নতুন জনসংখ্যা আইনৰ পৰা ৰেহাই দি আন একাংশক আইনৰ আওতাতত সামৰি লোৱা কথাটো সহজভাৱে মানি ল’ব পৰা নাই সাধাৰণ লোকসকলে। ৰাজ্যজুৰি ইয়াক লৈ সৃষ্টি হৈছে বিতৰ্কৰ। চৰকাৰৰ বিৰুদ্ধে আহিছে বিভাজনৰ অভিযোগ। জনসংখ্যা নীতিৰ পৰা ৰেহাই দিয়া নিদিয়াক লৈ আৰম্ভ হৈছে বিতৰ্কৰ। কিন্তু মুখ্যমন্ত্ৰীৰ আকোৰগোজ স্থিতিয়ে অসন্তুষ্ট কৰিছে বহুলোকক৷ ৰাজ্যত জনসংখ্যা নিয়ন্ত্ৰণৰ ক্ষেত্ৰত সকলোকে সামৰি লোৱাৰ দাবী সচেতন লোকসকলৰ। বিভাজনমুখী পথেৰে নগৈ এই আইনৰ আওতালৈ সকলোকে অনাৰ দাবী। কেৱল অনুসূচীত জাতি, অনুসূচীত জনজাতি অথবা চাহ জনজাতিক কিয়? চৰকাৰৰ এই ভূমিকাক লৈ সৰ্বত্ৰে প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

পেহেলগামৰ সন্ত্ৰাসবাদী আক্ৰমণক কঠোৰ ভাষাৰে নিন্দা BRICSৰ সদস্য ৰাষ্ট্ৰসমূহৰ

ভাৰতৰ অধ্যক্ষতাত অনুষ্ঠিত BRICS ২০২৬ সন্মিলনত সদস্য ৰাষ্ট্ৰসমূহে জম্মু-কাশ্মীৰৰ...

১৩১ বছৰীয়া অভিলেখ ভংগ কৰি ইংলেণ্ডৰ মাটিত ভাৰতীয় স্পিনাৰৰ চমক

ইংলেণ্ডৰ মাটিত ভাৰতীয় স্পিনাৰ মানৱ সুথাৰৰ দুৰ্দান্ত প্ৰদৰ্শন ।...

BRICS-এ গ্ৰহণ কৰিলে ‘নতুন দিল্লী ঘোষণা ২০২৬’

নতুন দিল্লীত অনুষ্ঠিত ১৮সংখ্যক BRICS সন্মিলনত শনিবাৰে সৰ্বসন্মতিক্ৰমে গ্ৰহণ...

ডিব্ৰুগড়ৰ খোৱাঙত নাহৰফুটুকীৰ সন্ত্ৰাস, নাহৰফুটুকীৰ আক্ৰমণত আহত কিশোৰ

ডিব্ৰুগড় জিলাৰ খোৱাঙত পুনৰ নাহৰফুটুকীৰ আতংক। নাহৰফুটুকীৰ আক্ৰমণত এজন...