শক্তি বিভাগৰ ভুৱা নিযুক্তি পত্ৰ লৈ চাকৰিত জইন কৰিবলৈ আহি জালত মহিলা

শক্তি বিভাগৰ ভুৱা নিযুক্তি পত্ৰ লৈ চাকৰিত জইন কৰিবলৈ গৈ জালত মহিলা। এই ঘটনাৰে জড়িত লিপিকা শইকীয়া নামৰ এগৰাকী মহিলাক আটক কৰিছে আৰক্ষীয়ে। মৰিগাঁও বিদ্যুৎ বিভাগৰ উপ সংমণ্ডলত যোগদানৰ বাবে গৈছিল মহিলাগৰাকী৷ সহকাৰী গাণনিক বিষয়া হিচাপে যোগদানৰ বাবে আহিছিল। মৰিগাঁও বিদ্যুৎ উপ সংমণ্ডলৰ বিষয়া মঞ্জুল হকে বিষয়টো সন্দেহ হোৱাত উৰ্দ্ধতন কৰ্তৃপক্ষৰ লগত যোগাযোগ কৰাত এই নিযুক্তি ভুৱা বুলি পোহৰলৈ আহে। এই সন্দৰ্ভত ইতিমধ্যে মৰিগাঁও সদৰ থানাত দাখিল কৰা এজাহাৰৰ ভিত্তিত লিপিকা শইকীয়াক সোধা-পোছা অব্যাহত ৰাখিছে আৰক্ষীয়ে৷ ধৃত মহিলাগৰাকীৰ ঘৰ মাজদিয়া নলবাৰীত। মহিলাগৰাকীয়ে কৌশলেৰে নিযুক্তি পত্ৰখনত বদলিকৰণৰ নিৰ্দেশ লৈ মৰিগাঁও বিদ্যুৎ বিভাগত চাকৰিত যোগদান কৰিবলৈ গৈ ৰঙাঘৰত সোমাল মহিলা। পত্ৰখনত হাফলং বৈদ্যুতিক উপ সংমণ্ডলৰ পৰা মৰিগাঁও বৈদ্যুতিক উপ সংমণ্ডললৈ বদলি হৈ অহা বুলি নিৰ্দেশনাত উল্লেখ আছিল।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

ভাৰতৰ বাবে ‘ভাল খবৰ’! ভাৰত বিশ্বৰ আটাইতকৈ শক্তিশালী গোটৰ অংশ হ’ব…

আমেৰিকা আৰু ভাৰতৰ সম্পৰ্কত এক নতুন আৰু অতি গুৰুত্বপূৰ্ণ...

ইৰাণে ২ কোটি সৈন্য নিয়োগ কৰিছে, তৃতীয়বাৰৰ বাবে খামেনেইক আমেৰিকাৰ পৰা ৰক্ষা কৰিব পৰা বাচিজ কি?

ইৰাণৰ ৰাজপথত চলি থকা অশান্তি নিয়ন্ত্ৰণৰ বাবে আয়াতুল্লাহ আলী...

আপুনি একো নকৰাকৈ আপোনাৰ PFৰ ধনৰাশি বাঢ়ি গৈ থাকিব… মাথোঁ এই ভুল নকৰিব…

ব্যক্তিগত খণ্ডৰ কৰ্মচাৰীৰ বাবে চাকৰিৰ অনিশ্চয়তা নতুন কথা নহয়।...

ৰাছিয়াৰ সৈতে বন্ধুত্ব! আমেৰিকাই ২৩ বছৰত এই সাতজন বিশ্ব নেতাক নিৰ্মূল কৰিলে…

যোৱা দুটা দশকত এক আচৰিত ধৰণৰ আৰ্হিৰ উন্মেষ ঘটিছে।...