শক্তি বিভাগৰ ভুৱা নিযুক্তি পত্ৰ লৈ চাকৰিত জইন কৰিবলৈ আহি জালত মহিলা

শক্তি বিভাগৰ ভুৱা নিযুক্তি পত্ৰ লৈ চাকৰিত জইন কৰিবলৈ গৈ জালত মহিলা। এই ঘটনাৰে জড়িত লিপিকা শইকীয়া নামৰ এগৰাকী মহিলাক আটক কৰিছে আৰক্ষীয়ে। মৰিগাঁও বিদ্যুৎ বিভাগৰ উপ সংমণ্ডলত যোগদানৰ বাবে গৈছিল মহিলাগৰাকী৷ সহকাৰী গাণনিক বিষয়া হিচাপে যোগদানৰ বাবে আহিছিল। মৰিগাঁও বিদ্যুৎ উপ সংমণ্ডলৰ বিষয়া মঞ্জুল হকে বিষয়টো সন্দেহ হোৱাত উৰ্দ্ধতন কৰ্তৃপক্ষৰ লগত যোগাযোগ কৰাত এই নিযুক্তি ভুৱা বুলি পোহৰলৈ আহে। এই সন্দৰ্ভত ইতিমধ্যে মৰিগাঁও সদৰ থানাত দাখিল কৰা এজাহাৰৰ ভিত্তিত লিপিকা শইকীয়াক সোধা-পোছা অব্যাহত ৰাখিছে আৰক্ষীয়ে৷ ধৃত মহিলাগৰাকীৰ ঘৰ মাজদিয়া নলবাৰীত। মহিলাগৰাকীয়ে কৌশলেৰে নিযুক্তি পত্ৰখনত বদলিকৰণৰ নিৰ্দেশ লৈ মৰিগাঁও বিদ্যুৎ বিভাগত চাকৰিত যোগদান কৰিবলৈ গৈ ৰঙাঘৰত সোমাল মহিলা। পত্ৰখনত হাফলং বৈদ্যুতিক উপ সংমণ্ডলৰ পৰা মৰিগাঁও বৈদ্যুতিক উপ সংমণ্ডললৈ বদলি হৈ অহা বুলি নিৰ্দেশনাত উল্লেখ আছিল।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

এ চি এৰ কৰ্পৰেট টি-২০ ক্ৰিকেট প্ৰতিযোগিতা ২০২৬ৰ সূচী ঘোষণা

এ চি এৰ কৰ্পৰেট টি-২০ ক্ৰিকেট প্ৰতিযোগিতা ২০২৬ৰ সূচী...

ACAৰ কৰ্পৰেট টি-২০ ক্ৰিকেট প্ৰতিযোগিতা ২০২৬ৰ সূচী ঘোষণা

অসম ক্ৰিকেট সন্থাই অহা ১০ মাৰ্চত আৰম্ভ হ’বলগীয়া...

Assam down town University Wins Big at ET TechEDU Awards 2026

Assam down town University has brought pride to the...

ইৰাণক বিধ্বংসী আক্ৰমণ ইজৰাইলৰ

ইৰাণক বিধ্বংসী আক্ৰমণ ইজৰাইলৰ। ৰাজধানী তেহৰানসহ ইৰানৰ বিভিন্ন ঠাইত...