আৰক্ষীৰ জালত ড্ৰাগছসহ ২ সৰবৰাহকাৰী ৰিণ্টু আলী আৰু আফনুৰ আলী

আৰক্ষীৰ চকুত ধূলি দি এতিয়াও একাংশ ড্ৰাগছ ব্যৱসায়ীয়ে অব্যাহত ৰাখিছে ড্ৰাগছৰ অবৈধ ব্যৱসায়। ড্ৰাগছ বিৰোধী অভিযানত পুনৰ মুকালমুৱা আৰক্ষীৰ জালত পৰে ২ ড্ৰাগছ সৰবৰাহকাৰী। মুকালমুৱা আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া সীমান্ত বৰাৰ নেতৃত্বত অভিযান চলাই নাৰায়ণপুৰৰ পৰা আটক কৰে ড্ৰাগছ সৰবৰাহকাৰী দুজনক। ধৃত ড্ৰাগছ সৰবৰাহকাৰী ৰিণ্টু আলী(বৰা) আৰু আফনুৰ আলী। আৰক্ষীয়ে ধৃত ড্ৰাগছ সৰবৰাহকাৰী দুজনৰ পৰা ৬টা ড্ৰাগছ ভৰ্তি কণ্টেইনাৰ, ৪৩৮টা নিচাযুক্ত টেবলেট আৰু ৪টা মোবাইল ফোন জব্দ কৰে। ধৃত ড্ৰাগছ সৰবৰাহকাৰী দুজনে দীৰ্ঘদিন ধৰি অঞ্চলটোত ড্ৰাগছৰ বেহা চলাই আহিছিল।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

ভাৰতৰ বাবে ‘ভাল খবৰ’! ভাৰত বিশ্বৰ আটাইতকৈ শক্তিশালী গোটৰ অংশ হ’ব…

আমেৰিকা আৰু ভাৰতৰ সম্পৰ্কত এক নতুন আৰু অতি গুৰুত্বপূৰ্ণ...

ইৰাণে ২ কোটি সৈন্য নিয়োগ কৰিছে, তৃতীয়বাৰৰ বাবে খামেনেইক আমেৰিকাৰ পৰা ৰক্ষা কৰিব পৰা বাচিজ কি?

ইৰাণৰ ৰাজপথত চলি থকা অশান্তি নিয়ন্ত্ৰণৰ বাবে আয়াতুল্লাহ আলী...

আপুনি একো নকৰাকৈ আপোনাৰ PFৰ ধনৰাশি বাঢ়ি গৈ থাকিব… মাথোঁ এই ভুল নকৰিব…

ব্যক্তিগত খণ্ডৰ কৰ্মচাৰীৰ বাবে চাকৰিৰ অনিশ্চয়তা নতুন কথা নহয়।...

ৰাছিয়াৰ সৈতে বন্ধুত্ব! আমেৰিকাই ২৩ বছৰত এই সাতজন বিশ্ব নেতাক নিৰ্মূল কৰিলে…

যোৱা দুটা দশকত এক আচৰিত ধৰণৰ আৰ্হিৰ উন্মেষ ঘটিছে।...