ট্ৰাম্পৰ শুল্ক ভাবুকিৰ মাজতে চীন ভ্ৰমণলৈ যাব প্ৰধানমন্ত্ৰী মোদী!

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী চলিত মাহৰ অন্তত চীনলৈ যাব। আন্তৰ্জাতিক জোঁট ‘শাংহাই কো-অপাৰেচন অৰ্গেনাইজেচন’ (এছচিঅ’)ৰ ৰাষ্ট্ৰনেতাসকলৰ বৈঠকত যোগ দিবলৈ তেওঁ এই ভ্ৰমণ  কৰিব। ২০২০ চনত লাডাখত ভাৰত-চীন সংঘৰ্ষৰ পিছত এয়া মোদীৰ প্ৰথম চীন ভ্ৰমণ।

আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে বাৰে বাৰে ভাৰতক শুল্কৰ বিষয়ে সতৰ্ক কৰি আহিছে। তেওঁ ইতিমধ্যে নতুন দিল্লীৰ ওপৰত ২৫ শতাংশ শুল্ক আৰোপৰ কথা ঘোষণা কৰিছে। ৰাছিয়াৰ সৈতে বাণিজ্যিক সম্পৰ্ক ৰখাৰ বাবে এই শুল্কৰ হাৰ আৰু বৃদ্ধিৰ ভাবুকি দিছে ট্ৰাম্পে। উল্লেখ্য, ৰাছিয়াৰ পৰা ইন্ধন কিনা দেশসমূহৰ ভিতৰত ভাৰতৰ লগতে চীনো আছে। এনে কূটনৈতিক পৰিস্থিতিত মোদীৰ চীন ভ্ৰমণ  আৰু অধিক গুৰুত্বপূৰ্ণ হৈ পৰিছে।

চীনৰ টিয়ানজিন চহৰত ৩১ আগষ্ট আৰু ১ ছেপ্টেম্বৰত এছচিঅ’ৰ ৰাষ্ট্ৰনেতাসকলৰ বৈঠক অনুষ্ঠিত হ’ব। এই জোঁটৰ সদস্য ৰাষ্ট্ৰৰ ভিতৰত পাকিস্তানো আছে। পাকিস্তানৰ প্ৰধানমন্ত্ৰী শ্বাহবাজ শ্বৰীফে এই বৈঠকত যোগ দিব নে নাই, সেয়া এতিয়াও স্পষ্ট হোৱা নাই। কিন্তু পেহেলগাম হত্যাকাণ্ড আৰু ‘অপাৰেশ্যন সিন্দূৰ’ৰ পিছৰ সময়ত এছচিঅ’ বৈঠকত মোদীয়ে সন্ত্ৰাসবাদৰ বিৰুদ্ধে কোনো বাৰ্তা দিয়ে নেকি, সেই দিশত সকলোৰ দৃষ্টি নিবদ্ধ হৈ থাকিব।

ইতিপূৰ্বে এছচিঅ’ৰ প্ৰতিৰক্ষামন্ত্ৰী আৰু বিদেশ মন্ত্ৰীসকলৰ পৃথক সন্মিলন অনুষ্ঠিত হৈ গৈছে। প্ৰথমে প্ৰতিৰক্ষামন্ত্ৰী ৰাজনাথ সিং আৰু পিছত বিদেশ মন্ত্ৰী এছ জয়শংকৰ এই সন্মিলনৰ বাবে চীন ভ্ৰমণ  কৰিছিল। প্ৰতিৰক্ষামন্ত্ৰীসকলৰ সন্মিলনত ৰাজনাথ সিঙে নাম উল্লেখ নকৰাকৈ পাকিস্তানক লক্ষ্য কৰি সন্ত্ৰাসবাদৰ প্ৰসঙ্গত কথা কৈছিল। তেওঁ স্পষ্ট কৰিছিল যে, সন্ত্ৰাসবাদৰ বিৰুদ্ধে যুঁজত ভাৰতে কোনো দ্বি-মুখী আচৰণ সহ্য নকৰিব। পাকিস্তানৰ প্ৰতিৰক্ষামন্ত্ৰী খোৱাজা আছিফ মুহাম্মদৰ উপস্থিতিতে নতুন দিল্লীৰ এই অৱস্থান স্পষ্ট কৰিছিল ৰাজনাথে। এইবাৰ ৰাষ্ট্ৰনেতাসকলৰ সন্মিলনত শ্বাহবাজ উপস্থিত থাকিলে মোদীয়ে কঠোৰ বাৰ্তা দিয়ে নেকি, তাৰ বিষয়ে ইতিমধ্যে আলোচনা আৰম্ভ হৈছে।

মোদীয়ে শেষবাৰৰ বাবে ২০১৯ চনত চীন ভ্ৰমণ  কৰিছিল। তাৰ পিছত লাডাখত ভাৰত-চীন সংঘৰ্ষৰ পৰা দুয়োখন দেশৰ সম্পৰ্কৰ অৱনতি হ’বলৈ আৰম্ভ কৰিছিল। কিন্তু বিগত বছৰ ৰাছিয়াৰ কাজানত আন্তৰ্জাতিক জোঁট ‘ব্ৰিক্স’ৰ পাৰ্শ্ববৈঠকত মোদী আৰু চীনৰ ৰাষ্ট্ৰপতি জিনপিঙৰ সাক্ষাৎ হৈছিল। তাৰ পিছৰে পৰা সীমান্ত সমস্যা দূৰ কৰি দুয়োখন দেশৰ মাজত কূটনৈতিক সম্পৰ্কৰ উন্নতি আৰম্ভ হৈছে।

সম্প্ৰতি আমেৰিকাৰ ৰাষ্ট্ৰপতি ট্ৰাম্পৰ শুল্ক-ভাবুকিৰ পৰিপ্ৰেক্ষিতত বেইজিঙে ভাৰতৰ সৈতে বন্ধুত্ব অধিক গভীৰ কৰাৰ চেষ্টা কৰিছে। ভাৰত আৰু চীনৰ শক্তিৰ কথা ক’বলৈ গৈ তেওঁলোকে ‘হাতী’ আৰু ‘ড্ৰেগন’ৰ উপমা ব্যৱহাৰ কৰিছে। চীনৰ মতে, “ড্ৰেগন আৰু হাতীৰ মাজত সহযোগিতামূলক সম্পৰ্ক দুয়োখন দেশৰ বাবে গুৰুত্বপূৰ্ণ। ড্ৰেগন আৰু হাতীক একেলগে নচুৱাব লাগিব। ইজনৰ বিৰুদ্ধে কথা নকৈ পৰস্পৰক সহায় কৰিব লাগিব। তাতেই দুয়োখন দেশৰ লাভ। যদি এছিয়াৰ দুটা বৃহৎ অৰ্থনীতি একত্ৰিত হয়, তেন্তে সমগ্ৰ বিশ্বৰ বাবেই লাভজনক।” এই পৰিপ্ৰেক্ষিতত মোদীৰ চীন ভ্ৰমণত জিনপিঙৰ সৈতে পৃথক কোনো বৈঠক হয় নে নহয়, তাৰ প্ৰতি কৌতূহল বৃদ্ধি পাইছে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

মুখ্যমন্ত্ৰীৰ পৰা প্ৰধানমন্ত্ৰী হোৱালৈ…মোদী-পুটিনৰ ২৫ বছৰীয়া সম্পৰ্ক…

মোদী-পুটিনৰ ২৫ বছৰীয়া বন্ধুত্ব : ভাৰত-ৰাছিয়া সম্পৰ্কৰ এক অটুট...

মাত্ৰ ২ ঘণ্টা শোৱা এগৰাকী প্ৰধানমন্ত্ৰীৰ কাহিনী ক’ম আজি…

আপুনি দৈনিক কিমান ঘণ্টা শোৱে? নিশ্চয়কৈ ৬ৰ পৰা ৮...

ভাৰতলৈ আহিছে পুটিন… সিফালে চীন পালেগৈ ফ্ৰান্সৰ ৰাষ্ট্ৰপতি ইমানুৱেল মেক্ৰন

ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনে দুদিনীয়া ভ্ৰমণসূচীৰে ভাৰত ভ্ৰমণ কৰাৰ...

পুটিনৰ ভাৰত ভ্ৰমণঃ বাণিজ্যৰ পৰা মহাকাশলৈ এই ৮টা ক্ষেত্ৰত স্বাক্ষৰিত হ’ব বৃহৎ চুক্তি

ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনৰ ভাৰত ভ্ৰমণ। এই ভ্ৰমণৰ সময়ত...