গোৱা ভ্ৰমণৰ পৰিকল্পনা কৰিছে নেকি? সচেতন নহ’লে ১ লাখ টকা পৰ্যন্ত জৰিমনা ভৰিব পাৰে আপুনি!

গোৱা ভ্ৰমণৰ পৰিকল্পনা কৰিছে নেকি? তেন্তে সতৰ্ক হওক। লাখ টকাৰ জৰিমনাৰ সন্মুখীন হ’ব পাৰে আপুনি। সমুদ্ৰৰ তীৰত বহুতে সুৰাপান কৰে, য’ত-ত’ত বটল ভাঙে, বা গাড়ী-ঘোঁৰা চলায়—যিবোৰ পৰিৱেশ আৰু পৰ্যটনৰ বাবে ক্ষতিকাৰক। এনে আৰু বিভিন্ন কাৰ্যকলাপক অবৈধ ঘোষণা কৰা হৈছে। গোৱাত একাংশ পৰ্যটকৰ উৎপাত ৰোধ কৰিবলৈ কঠোৰ নিৰ্দেশনা জাৰি কৰা হৈছে। এই জৰিমনা ১ লাখ টকা পৰ্যন্ত হ’ব পাৰে! গোৱাৰ পৰ্যটন ৰক্ষা আৰু পৰিৱেশ প্ৰদূষণ হ্ৰাসৰ বাবেই এনে সিদ্ধান্ত লোৱা হৈছে। সেয়েহে ভ্ৰমণৰ পূৰ্বে জানি লওক, কি কি কাৰ্যকলাপৰ পৰা বিৰত থাকিব লাগিব।

শুকুৰবাৰে গোৱা বিধানসভাত এই সংক্ৰান্তীয় এখন বিধেয়ক গৃহীত হৈছে। এতিয়ালৈ পৰ্যটকসকলে যি নিয়ম মানি চলিবলগীয়া আছিল, সেই নিয়মৰ পৰিসৰ বৃদ্ধি কৰা হৈছে। অৰ্থাৎ, নিয়মৰ কঠোৰতা আৰু বৃদ্ধি পাইছে। এতিয়া য’তে-ত’তে মদ খোৱা, মদ খাই উৎপাত কৰা, বা মদৰ বটল য’তে-ত’তে পেলালে পৰ্যটকসকলে কঠোৰ শাস্তিৰ সন্মুখীন হ’ব লাগিব। এই সংশোধনী বিধেয়কে ‘নুইছেন্স’ অৰ্থাৎ উৎপাত, অসুবিধাজনক কাৰ্যকলাপ বা উচ্ছৃংখলাৰ আওতাত বিভিন্ন কামক অন্তৰ্ভুক্ত কৰিছে। এই আইনৰ আওতাত পৰা কাৰ্যকলাপৰ বাবে শাস্তিৰ পৰিমাণ বহু পৰিমাণে বৃদ্ধি কৰা হৈছে। কেৱল পৰ্যটকৰ বাবেই নহয়, ফেৰিৱালা আৰু স্থানীয় ক্ষুদ্ৰ ব্যৱসায়ীসকলৰ বাবেও গোৱা চৰকাৰে কঠোৰ নিয়ম জাৰি কৰিছে।

চলিত বছৰৰ জানুৱাৰীৰ পৰা জুনলৈ—এই ৬ মাহৰ ভিতৰত গোৱাত পৰ্যটকৰ সংখ্যা বৃদ্ধি পাই ৫৪.৫ লাখ হৈছে। ইয়াৰ ভিতৰত ৫১.৮৪ লাখ ভাৰতীয় আৰু ২.৭১ লাখ আন্তৰ্জাতিক পৰ্যটক। স্বাভাৱিকভাৱে এই বৃদ্ধিৰ ফলত পৰ্যটনৰ মানদণ্ড ৰক্ষা কৰাটো কঠিন হৈ পৰিছে। বিশেষকৈ যিসমূহ অঞ্চলত পৰ্যটকৰ ভিৰ বেছি, তেনে অঞ্চলত এই আইন প্ৰৱৰ্তন কৰা হ’ব।

কি কি ধৰণৰ কাৰ্যকলাপ নিষিদ্ধ কৰা হৈছে, তাৰ তালিকা এনেধৰণৰ:

  • বিপদজনক আৰু প্ৰদূষণ সৃষ্টিকাৰী জলযানৰ ব্যৱহাৰৰ পৰা পৰ্যটকসকলে বিৰত থাকিব লাগিব।
  • স্থানীয় লোকৰ বাবে নিৰ্দেশ দিয়া হৈছে যে, পৰ্যটকক বস্তু কিনিবলৈ জোৰ-জবৰদস্তি কৰিব নোৱাৰিব।
  • ভিক্ষা কৰা নিষিদ্ধ।
  • অনুমোদিত ঠাইৰ বাহিৰত মদ্যপান বা মদৰ বটল ভঙাত নিষেদ্ধাজ্ঞা।
  • নিৰ্দিষ্ট ঠাইৰ বাহিৰত বা খোলা আকাশৰ তলত ৰন্ধন কৰা নিষিদ্ধ।
  • ৰাস্তা-ঘাট, সাগৰৰ পাৰ (তীৰ) লেতেৰা কৰাটো দণ্ডনীয়।
  • জলক্ৰীড়াৰ ব্যৱসায়ো নিয়ন্ত্ৰিত হ’ব।
  • বস্তু ফেৰি কৰি বিক্ৰী কৰাও কঠোৰ নিয়মৰ আওতাত থাকিব।
  • তীৰত গাড়ী চলোৱা বা গাড়ীৰে পৰ্যটকক ঘূৰোৱা নিষিদ্ধ।

গোৱাৰ পৰ্যটন মন্ত্ৰী ৰোহন খাউণ্টে কৈছে, অবৈধভাৱে কিছু ব্যৱসায় চলি আছে। এই সকলো অবৈধ ব্যৱসায় বন্ধ কৰাৰ বাবেই এই বিধেয়ক আনিব লগা হৈছিল।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

NASAৰ বাবে বেয়া খবৰ! ১২ বছৰ ধৰি মংগল গ্ৰহত থকা MAVENৰ সৈতে হেৰাইছে যোগাযোগ

মাৰ্কিন মহাকাশ সংস্থা নাছাৰ বাবে মংগল গ্ৰহৰ পৰা আহিছে...

১৪ ডিচেম্বৰত গুৱাহাটীত ছনু নিগমৰ ‘দিৱানা তেৰা ট্যুৰ’ৰ শুভাৰম্ভ

ভাৰতৰ প্ৰখ্যাত সংগীত শিল্পী ছনু নিগমে অহা ১৪ ডিচেম্বৰ,...

পৰ্টেবল পাৰমাণৱিক শক্তি কি? যাৰ বাবে ৰাছিয়াৰ সৈতে চুক্তি হৈছে ভাৰতৰ

ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনৰ সৈতে যৌথ সংবাদমেলত প্ৰধানমন্ত্ৰী মোদীয়ে...