ভাৰতীয় সাংবাদিকৰ পৰা তথ্য আহৰণৰ চেষ্টা পাকিস্তানী চোৰাংচোৱাৰ

পাকিস্তানৰ গুপ্তচৰ সংস্থাই ভাৰতীয় সাংবাদিক আৰু সাধাৰণ নাগৰিকৰ সৈতে যোগাযোগ কৰিবলৈ আৰম্ভ কৰিছে, নিজকে ভাৰতীয় প্ৰতিৰক্ষা বিষয়া বুলি পৰিচয় দি চলি থকা অপাৰেচন সিন্দূৰৰ বিষয়ে তথ্য বিচাৰিছে পাকিস্তানী চোৰাংচোৱাই।

ভাৰতীয় বিষয়াসকলে নাগৰিকসকলক এনে কলৰ উত্তৰ নিদিবলৈ সতৰ্ক কৰিছে, যিবোৰ কল এটা ভাৰতীয় নম্বৰৰ পৰা আহিছে – +917340921702।

দেশৰ বহু সাংবাদিকে এনে কল লাভ কৰা বুলি ৰাষ্ট্ৰীয় সংবাদ মাধ্যমত প্ৰকাশ পাইছে, যিয়ে নিজকে প্ৰতিৰক্ষা সেনাৰ মুখ্য কাৰ্যালয়ৰ বিষয়া বুলি পৰিচয় দিছিল।

কল কৰোঁতাজনে নতুন দিল্লীত অপাৰেচন সিন্দূৰৰ বিষয়ে সামৰিক সংবাদমেলৰ আয়োজনৰ কথা জনাইছিল আৰু সংবাদমাধ্যমৰ সৈতে হোৱা আলোচনাৰ সময়ত কি প্ৰশ্ন কৰা হ’ব, বিশেষকৈ ভাৰত আৰু ভাৰতীয় ঘাটিত হোৱা “ক্ষতি”ৰ বিষয়ে জানিবলৈ চেষ্টা কৰিছিল।

“ভাৰতীয় হোৱাটছএপ নম্বৰ: 7340921702 পাকিস্তানী গুপ্তচৰ সংস্থা (PIO)ই ভাৰতীয় প্ৰতিৰক্ষা বিষয়াৰূপে ব্যৱহাৰ কৰি সাংবাদিক আৰু সাধাৰণ নাগৰিকৰ পৰা চলি থকা অপাৰেচন সিন্দূৰৰ তথ্য সংগ্ৰহৰ বাবে কল কৰিছে। অনুগ্ৰহ কৰি এনে প্ৰচেষ্টাত সঁহাৰি নজনাব,” ভাৰতীয় সেনা বিষয়াসকলে এক বিবৃতিত সতৰ্ক কৰিছে।

দেশৰ বহু সাংবাদিকে এনে কল পাইছিল, যিবোৰ পাকিস্তানৰ ISPR (Inter-Services Public Relations)ৰ পৰা অহা বুলি সন্দেহ কৰা হৈছে। তেওঁলোকে Xত এই বিষয়ে অৱগত কৰি পাকিস্তানৰ পৰা চলা এই অভিযানৰ বিষয়ে সতৰ্ক কৰিছে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

কেতিয়াৰ পৰা মুকলি হ’ব চেন্নাই ছুপাৰ কিংছ আৰু ৰাজস্থান ৰয়েলছৰ মেচৰ টিকট?

অহা ৩০ মাৰ্চত গুৱাহাটীৰ এ চি এ ষ্টেডিয়ামত অনুষ্ঠিত...

মেঘালয়ত অসমৰ এজন লোকৰ সৈতে ভয়ংকৰ ঘটনা

মেঘালয়ত সুৰক্ষিত নহয় নেকি অসমৰ যুৱক-যুৱতী? এটা ঘটনাৰ পিছতেই...

গুৱাহাটীত তিনিখন IPL মেচ খেলিব ৰাজস্থান ৰয়েলছে

ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব’ৰ্ডে চলিত বৰ্ষৰ ইণ্ডিয়ান প্ৰিমিয়াৰ...