প্ৰধানমন্ত্ৰী পদৰ পৰা পদত্যাগ কৰিব নেকি ইমৰান খানে?

পাকিস্তানত যিকোনো মুহূৰ্তত পতন ঘটিব ইমৰান খানৰ চৰকাৰৰ। সংখ্যালঘুত পৰিণত হোৱা চৰকাৰখনৰ বিৰুদ্ধে অনুষ্ঠিত হ’বলগীয়া আস্থাভোটৰ প্ৰাকমুহূৰ্তত মিত্ৰদল MQMএ সমৰ্থন প্ৰত্যাহাৰ কৰাৰ লগতে দলৰ দুয়োজন মন্ত্ৰীয়ে মন্ত্ৰীসভাৰ পৰা পদত্যাগ কৰিছে।

ইমৰান খান মন্ত্ৰীসভাৰ গুৰুত্বপূৰ্ণ দপ্তৰত আছিল দুয়োজন মন্ত্ৰী। বৃহস্পতিবাৰে পাকিস্তানৰ সদনত ইমৰান খানৰ চৰকাৰৰ ওপৰত উত্থাপন কৰা অনাস্থা প্ৰস্তাৱৰ আলোচনা হ’ব। ৩এপ্ৰিলত অনাস্থা প্ৰস্তাৱৰ ওপৰত ভোটগ্ৰহণ অনুষ্ঠিত হ’ব। ৩৪২জনীয়া পাকিস্তানৰ সংসদত সংখ্যাগৰিষ্ঠতাৰ বাবে ১৭২খন আসন লাগে।

বৰ্তমান ইমৰান খানৰ চৰকাৰৰ সমৰ্থনত থকা সাংসদৰ সংখ্যা ১৬৪লৈ হ্ৰাস পাইছে। ইয়াৰ বিপৰীতে PML আৰু PPP দলৰ নেতৃত্বত বিৰোধীৰ সংখ্যা ১৭৭লৈ বৃদ্ধি পাইছে। ইতিমধ্যেই ইমৰান খানৰ বিৰুদ্ধে পাকিস্তান সেনাবাহিনীৰ মুৰব্বী তথা কেইবাটাও ৰাজনৈতিক দলে অনাস্থা প্ৰকাশ কৰিছে।

দেশখন সন্মুখীন অভাৱনীয় বিত্তীয় সংকট, মুদ্ৰাস্ফীতি, ঋণৰ বোজাৰ ফলত উদ্ভৱ হোৱা অচলাৱস্থাৰ বাবে ইমৰান খানৰ চৰকাৰক জগৰীয়া কৰিছে। ইয়াৰ মাজতে দেশবাসীক সম্বোধন কৰিছে ইমৰান খানে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

মুখ্যমন্ত্ৰীৰ পৰা প্ৰধানমন্ত্ৰী হোৱালৈ…মোদী-পুটিনৰ ২৫ বছৰীয়া সম্পৰ্ক…

মোদী-পুটিনৰ ২৫ বছৰীয়া বন্ধুত্ব : ভাৰত-ৰাছিয়া সম্পৰ্কৰ এক অটুট...

মাত্ৰ ২ ঘণ্টা শোৱা এগৰাকী প্ৰধানমন্ত্ৰীৰ কাহিনী ক’ম আজি…

আপুনি দৈনিক কিমান ঘণ্টা শোৱে? নিশ্চয়কৈ ৬ৰ পৰা ৮...

ভাৰতলৈ আহিছে পুটিন… সিফালে চীন পালেগৈ ফ্ৰান্সৰ ৰাষ্ট্ৰপতি ইমানুৱেল মেক্ৰন

ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনে দুদিনীয়া ভ্ৰমণসূচীৰে ভাৰত ভ্ৰমণ কৰাৰ...

পুটিনৰ ভাৰত ভ্ৰমণঃ বাণিজ্যৰ পৰা মহাকাশলৈ এই ৮টা ক্ষেত্ৰত স্বাক্ষৰিত হ’ব বৃহৎ চুক্তি

ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনৰ ভাৰত ভ্ৰমণ। এই ভ্ৰমণৰ সময়ত...