৭ মাৰ্চত কৰ্মচাৰীৰ বাবে বেতনসহ বন্ধ ঘোষণা

অহা ৭ মাৰ্চত মাজুলী বিধানসভা সমষ্টিৰ উপ-নিৰ্বাচন উপলক্ষে জনপ্ৰতিনিধিত্ব আইন, ১৯৫১ৰ ধাৰা ১৩৫ বি-ৰ আধাৰত বেতনসহ বন্ধ ঘোষণা কৰা হৈছে। সেইদিনা সমষ্টিটোৰ অন্তৰ্গত সকলো কাৰখানা, দোকান আৰু বাণিজ্যিক প্ৰতিষ্ঠান, ৰাজহুৱা আৰু এনেধৰণৰ অন্যান্য উদ্যোগৰ কৰ্মচাৰী যিসকল মাজুলী সমষ্টিৰ উপনিৰ্বাচনত ভোটদানৰ বাবে যোগ্য, তেওঁলোকে এই দিনটোত বেতনসহ বন্ধ লাভ কৰিব। আগন্তুক অসম বিধান সভাৰ উপ-নিৰ্বাচনত ভোটদানৰ সুবিধা প্ৰদান কৰাৰ অৰ্থে এই কৰ্মচাৰীসকলৰ বাবে এই বন্ধ ঘোষণা কৰা হৈছে।

তদুপৰি, উল্লেখিত নির্বাচনী এলেকাৰ সাধাৰণ বাসিন্দা আৰু সেই নির্দিষ্ট নির্বাচনী এলেকাৰ ভোটাৰ হিচাপে পঞ্জীভুক্ত, কিন্তু নির্বাচনী এলেকাৰ বাহিৰত অৱস্থিত যিকোনো প্রতিষ্ঠানত কৰ্মৰত বা নিযুক্ত ব্যক্তিসকলেও ভোট গ্ৰহণৰ দিনা বেতন সহ এই বন্ধৰ সুবিধা লাভ কৰিব। আনহাতে, দৈনিক মজুৰী প্ৰাপ্ত/অস্থায়ী শ্রমিকসকলেও এই সুবিধা লাভ কৰিব পাৰিব। উল্লেখ্য যে, কোনো নিয়োগকৰ্তাই এই বিধান উলঙ্ঘন কৰিলে তেওঁ শাস্তিযোগ্য হ’ব আৰু ৫০০ টকা লৈকে জৰিমনা বিহা হ’ব।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

আজিৰে পৰা আৰম্ভ ৰাজস্থান ৰয়েলছ-আৰ চি বি খেলৰ টিকট বিক্ৰী

অহা ১০ এপ্ৰিলত বৰ্ষাপাৰাৰ এ চি এ ষ্টেডিয়ামত অনুষ্ঠিত...

নিশাই গুৱাহাটীত উপস্থিত হ’ব মুম্বাই ইণ্ডিয়ানছ, দেওবাৰে পাব ৰাজস্থান ৰয়েলছ

গুৱাহাটীৰ এ চি এ ষ্টেডিয়ামত অহা সাত এপ্ৰিলত চলিত...

জিএনআৰচি হাস্পতালৰ বসন্তকালীন চিএমই ২০২৬

ক্লিনিকেল নিউৰ 'ফিজিঅ'লজি আপডেটৰ গুৰুত্বপূৰ্ণ একাডেমিক অধিৱেশনত নতুন দিল্লীৰ...

দেশত পুনৰ ভূমিকম্পৰ জোকাৰণি

দেশত পুনৰ ভূমিকম্পৰ জোকাৰণি। শুকুৰবাৰে নিশা ৯:৫০ বজাত অনুভূত...