ট্ৰাম্পে তেহৰাণ খালী কৰাৰ কথা কোৱাৰ পিছতে আন্তঃৰাষ্ট্ৰীয় তেল বজাৰত উদ্বেগ! খাৰুৱা তেলৰ মূল্য আৰু বৃদ্ধি

পশ্চিম এছিয়াত সংঘৰ্ষময় পৰিস্থিতিৰ মাজত আন্তৰ্জাতিক বজাৰত অপৰিশোধিত তেলৰ দাম পুনৰ বৃদ্ধি পাইছে। ইৰাণ আৰু ইজৰাইলৰ মাজৰ সংঘৰ্ষই মঙলবাৰে পঞ্চম দিনত ভৰি দিছে। ড’নাল্ড ট্ৰাম্পে মঙলবাৰে তেহৰাণৰ পৰা সকলোকে আঁতৰি যাবলৈ কৈছে। ট্ৰাম্পৰ এই বাৰ্তাৰ পিছতেই অপৰিশোধিত তেলৰ দাম বৃদ্ধি পাইছে।

বিগত সপ্তাহত ইৰাণৰ পৰমাণু কেন্দ্ৰত ইজৰাইলৰ আক্ৰমণৰ পিছত অপৰিশোধিত তেলৰ দাম ৭ শতাংশ বৃদ্ধি পাইছিল। মঙলবাৰে পুৱা তেলৰ দাম পুনৰ বৃদ্ধি পাইছে। আমেৰিকাৰ বেঞ্চমাৰ্ক অপৰিশোধিত তেলৰ দাম ৮৭ চেণ্ট (১০০ চেণ্টত এটা ডলাৰ) বৃদ্ধি পাই প্ৰতি বেৰেলত ৭২.৬৪ ডলাৰ (ভাৰতীয় মূল্যত ৬২৬৮ টকা) হৈছে। বেঞ্চমাৰ্ক হৈছে এটা নিৰ্দিষ্ট অপৰিশোধিত তেল, যিটো বিশ্ববজাৰত তেলৰ দাম নিৰ্ধাৰণৰ বাবে মানদণ্ড হিচাপে ব্যৱহাৰ হয়।

একেদৰে আন্তৰ্জাতিক বজাৰত তেলৰ দাম নিৰ্ধাৰণৰ আন এটা মানদণ্ড ব্ৰেণ্ট অপৰিশোধিত তেলৰ দামো ৮৭ শতাংশ বৃদ্ধি পাইছে। ইয়াৰ প্ৰতি বেৰেলত দাম বৃদ্ধি পাই ৭৪.১০ ডলাৰ (ভাৰতীয় মূল্যত ৬৩৮৯ টকা) হৈছে। বাস্তৱত, বিশ্বৰ খনিজ তেলৰ ভাণ্ডাৰৰ প্ৰায় ১০ শতাংশ ইৰাণৰ হাতত আছে। বিশ্বৰ তেল ৰপ্তানিকাৰী দেশসমূহৰ মাজত ইৰাণ প্ৰথম শাৰীত আছে। পেট্ৰ’লিয়াম ৰপ্তানিকাৰী দেশসমূহৰ সংস্থা অ’পেকৰ মাজত ইৰাণ দ্বিতীয় বৃহত্তম তেল উৎপাদনকাৰী ৰাষ্ট্ৰ। শুকুৰবাৰৰ পৰা আৰম্ভ হোৱা ইজৰাইল আৰু ইৰাণৰ সংঘৰ্ষৰ মাজত আন্তৰ্জাতিক অপৰিশোধিত তেলৰ বজাৰতো উত্তেজনা বিয়পিছে।

বৰ্তমান ভাৰতে প্ৰায় ৮৫ শতাংশ অপৰিশোধিত তেল অন্য দেশৰ পৰা আমদানি কৰে। ইয়াৰ মাজত প্ৰায় ৩৮ শতাংশ ৰাছিয়াৰ পৰা কিনা হয়। ইয়াৰ বাহিৰে অ’পেক গোষ্ঠীভুক্ত ৰাষ্ট্ৰসমূহৰ পৰা প্ৰায় ২৩ শতাংশ তেল কিনে ভাৰতে। ৰাছিয়াৰ পৰা তেল কিনা আৰম্ভ কৰাৰ পিছত নতুন দিল্লীৰ অ’পেক গোষ্ঠীৰ ৰাষ্ট্ৰসমূহৰ ওপৰত নিৰ্ভৰশীলতা বহু পৰিমাণে কমিছে।

শুকুৰবাৰৰ পৰা ইজৰাইল আৰু ইৰাণৰ সংঘৰ্ষত দুয়োপক্ষৰে ক্ষয়ক্ষতি হৈছে। দুয়োপক্ষই ইখনে সিখনৰ ওপৰত আক্ৰমণ চলাই আছে। দুয়ো দেশে পৰস্পৰৰ বিৰুদ্ধে অসামৰিক পৰিকাঠামোত আক্ৰমণৰ অভিযোগ উত্থাপন কৰিছে। পশ্চিম এছিয়াত সংঘৰ্ষৰ পৰিস্থিতি ক্ৰমশঃ জটিল হৈ পৰিছে। নতুন দিল্লীত ইৰাণৰ দূতাবাসৰ পৰা এটা বিবৃতি প্ৰকাশ কৰি জনোৱা হৈছে যে, এতিয়ালৈকে ইৰাণৰ ২২৪ গৰাকী সাধাৰণ নাগৰিকৰ মৃত্যু হৈছে। আঘাতপ্ৰাপ্ত হৈছে ১২৫৭ জন। আনহাতে, ইজৰাইলত এতিয়ালৈকে ২৪গৰাকীৰ মৃত্যুৰ খবৰ পোৱা গৈছে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

ছাত্ৰ-ছাত্ৰী আৰু ৰোগীসকলৰ বাবে ভাল খবৰ! শিক্ষা আৰু চিকিৎসাৰ বাবে বহিঃদেশলৈ ধন প্ৰেৰণৰ ব্যয় হ্ৰাস পালে…

কেন্দ্ৰীয় বাজেট ২০২৬-২৭ত বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে *লিবাৰেলাইজড ৰেমিটেন্স স্কিম...

কোন হ’ব NCPৰ ৰাজ্যিক সভাপতি? উপ-মুখ্যমন্ত্ৰীৰ পিছত এতিয়া সভাপতি পদটোক লৈ চলিছে জল্পনা-কল্পনা

নেচনেলিষ্ট কংগ্ৰেছ পাৰ্টি (NCP)-ৰ কাৰ্যকৰী সভাপতি প্ৰফুল্ল পেটেলে দেওবাৰে...

ভাৰতৰ বাবে বায়’লজিক ঔষধ কেনেকৈ গেম চেঞ্জাৰ হ’ব?

নতুন কেন্দ্ৰীয় বাজেটত বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে বায়'লজিকেল ঔষধ (Biologic...

বিচিচিআই ছিনিয়ৰ মহিলাৰ এদিনীয়া প্ৰতিযোগিতালৈ অসমৰ দল ঘোষণা

৬ ফেব্ৰুৱাৰীৰ পৰা ৰাজকোটত হ’বলগীয়া বি চি চি আই...