গুৱাহাটীত অইল-আইটা ছুপাৰ ছিৰিজ ৰাষ্ট্ৰীয় টেনিছ

সদৌ অসম টেনিছ সন্থাৰ উদ্যোগত শনিবাৰৰ পৰা গুৱাহাটীত অনুষ্ঠিত হ’ব অইল-আইটা ছুপাৰ ছিৰিজ ৰাষ্ট্ৰীয় টেনিছ প্ৰতিযোগিতা৷ ১২ আৰু ১৪ বছৰ অনূধ্বৰ্ৰ ল’ৰা-ছোৱালীৰ প্ৰতিযোগিতাখনত অসমসহ দেশৰ ১৫ খন ৰাজ্যৰ প্ৰায় ১৮০ গৰাকী খেলুৱৈয়ে ইতিমধ্যে নাম পঞ্জিয়ন কৰি অংশগ্ৰহণ নিশ্চিত কৰিছে৷ যোৱা বছৰতকৈ এইবাৰ ৰাজ্য তথা খেলুৱৈৰ সংখ্যা বৃদ্ধি পাইছে৷

উল্লেখ্য ২০২৪ ত ১৩ খন ৰাজ্যৰ প্ৰায় ১৫০ খেলুৱৈয়ে প্ৰতিযোগিতাত অংশ লৈছিল৷ সদৌ অসম টেনিছ সন্থাৰ সম্পাদক অংকুশ দত্তই জনোৱা অনুসৰি অংশগ্ৰহণকাৰী ৰাজ্য তথা খেলুৱৈৰ সংখ্যা বৃদ্ধি হোৱাৰ পূৰ্ণ সম্ভাৱনা আছে৷ কাৰণ প্ৰতিযোগিতাৰ মূল ৰাউণ্ডৰ খেল অহা ১৪ জুলাইৰ পৰাহে আৰম্ভ হ’ব৷ শনি আৰু দেওবাৰে দূয়োটা বয়স শাখাৰ ল’ৰা-ছোৱালীৰ মূল ৰাউণ্ডলৈ যোগ্যতা নিৰ্ণয়কাৰী খেলহে অনুষ্ঠিত হ’ব৷

গুৱাহাটীৰ চচলত থকা অসম টেনিছ সন্থাৰ প্ৰকল্পত অনুষ্ঠিত হ’বলগা ৰাষ্ট্ৰীয় ৰেংকিং প্ৰতিযোগিতাখনত ল’ৰা-ছোৱালীৰ উভয় বয়স শাখাৰে একক তথা ডাবলছৰ মেচ অনুষ্ঠিত হ’ব৷ স্মৰ্তব্য যে অইল ইণ্ডিয়া লিমিটেডে ২০০৮ চনৰ পৰাই প্ৰতি বছৰে এই প্ৰতিযোগিতাখন আয়োজন কৰাত সহযোগিতা আগবঢ়াই আহিছে৷

অসমৰ প্ৰায় ৫০ গৰাকী খেলুৱৈয়ে অংশ ল’ব লগা প্ৰতিযোগিতাখনত যোগদান কৰা অন্য ৰাজ্য কেইখন হ’ল ঃ দিল্লী, উত্তৰ প্ৰদেশ, বংগ, মহাৰাষ্ট্ৰ, চত্তীশগড়, ওড়িশা, হাৰিয়ানা, তেলেংগানা, কৰ্ণাটক, ঝাৰখণ্ড, উত্তৰাখণ্ড, তামিলনাডু, বিহাৰ আৰু মণিপুৰ৷

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

NASAৰ বাবে বেয়া খবৰ! ১২ বছৰ ধৰি মংগল গ্ৰহত থকা MAVENৰ সৈতে হেৰাইছে যোগাযোগ

মাৰ্কিন মহাকাশ সংস্থা নাছাৰ বাবে মংগল গ্ৰহৰ পৰা আহিছে...

১৪ ডিচেম্বৰত গুৱাহাটীত ছনু নিগমৰ ‘দিৱানা তেৰা ট্যুৰ’ৰ শুভাৰম্ভ

ভাৰতৰ প্ৰখ্যাত সংগীত শিল্পী ছনু নিগমে অহা ১৪ ডিচেম্বৰ,...

পৰ্টেবল পাৰমাণৱিক শক্তি কি? যাৰ বাবে ৰাছিয়াৰ সৈতে চুক্তি হৈছে ভাৰতৰ

ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনৰ সৈতে যৌথ সংবাদমেলত প্ৰধানমন্ত্ৰী মোদীয়ে...