গুৱাহাটীৰ উভয় আই পি এল মেচৰ অফলাইন টিকট কাউণ্টাৰ মুকলি

আসন্ন ইণ্ডিয়ান প্ৰিমিয়াৰ লীগ [আই পি এল] ৰ গুৱাহাটীৰ এ চি এ ষ্টেডিয়ামত অনুষ্ঠিত হ’বলগা মেচ দুখনৰ অফলাইন টিকট আজিৰে পৰা অনুৰাগীৰ বাবে মুকলি কৰি দিয়া হৈছে৷ গুৱাহাটীৰ লালগনেশৰ আস্থা একাডেমীত ক্ৰিকেটপ্ৰেমীৰ বাবে অফলাইনৰ টিকট কাউণ্টাৰ মুকলি কৰিছে ৰাজস্থান ৰয়েলছে৷ অহা ২৩ মাৰ্চৰ দিনটো বাদ দি উভয় মেচৰ টিকট জমা থকালৈকে এই কাউণ্টাৰ দৰ্শকৰ বাবে মুকলি থাকিব৷ প্ৰতিদিনে পূৱা দহ বজাৰ পৰা কাউণ্টাৰত টিকট বিক্ৰি কৰা হ’ব৷

উল্লেখ্য যে প্ৰথমে কেবল ছাত্ৰ-ছাত্ৰীৰ বাবে এই টিকট কাউণ্টাৰ মুকলি কৰাৰ সিদ্ধান্ত লোৱা হৈছিল যদিও অনলাইনত টিকট ক্ৰয় কৰাত অসুবিধা পোৱা ক্ৰীড়ানুৰাগীৰ অনুৰোধৰ প্ৰতি সহাৰি জনাই ৰাজস্থান ৰয়েলছ দলে উক্ত কাউণ্টাৰত ছাত্ৰ-ছাত্ৰীৰ বিশেষ টিকটৰ লগতে অন্য টিকটো দৰ্শকক দিয়াৰ ব্যৱস্থা কৰিছে৷ আজিৰে পৰা সকলোৱে গুৱাহাটীৰ উভয় মেচৰ টিকট এই কাউণ্টাৰৰ পৰা ক্ৰয় কৰিব পাৰিব৷ অৱশ্যে কমসংখ্যক টিকটহে বিক্ৰি হ’বলৈ বাকী আছে৷ আজি প্ৰথমদিনাই পুৱতি নিশাৰ পৰাই টিকট ক্ৰয়ৰ বাবে কাউণ্টাৰত অনুৰাগীয়ে ভিৰ কৰে৷ কাউণ্টাৰত সকলোকে এটাকৈ টিকট দিয়া হৈছে৷

উল্লেখ্য যে এই টিকট ক্ৰয় কৰাৰ বাবে ছাত্ৰ-ছাত্ৰীয়ে স্কুলৰ সঠিক প্ৰমান প্ৰত্ৰ দেখুৱাব লাগিব৷ টিকটৰ মুল্য পাঁচশ টকা৷ ৰাজস্থান ৰয়েলছ একমাত্ৰ আই পি এল দল যিয়ে ছাত্ৰ-ছাত্ৰীক কম মূল্যত বিশেষ টিকট দিয়াৰ ব্যৱস্থা কৰিছে৷ দলে গুৱাহাটীৰ লগতে জয়পুৰত খেলিব লগা আটাইকেইখন গৃহ মেচতে ছাত্ৰ-ছাত্ৰীক বিশেষ টিকট দিয়াৰ ব্যৱস্থা কৰিছে৷ শিক্ষাৰ্থীয়ে অহা ২৬ মাৰ্চত অনুষ্ঠিত হ’বলগা ৰাজস্থান ৰয়েলছ আৰু কলকাতা নাইট ৰাইডাৰ্ছৰ মাজৰ মেচৰ লগতে এ চি এ ষ্টেডিয়ামত অহা ৩০ মাৰ্চত হ’বলগা ৰাজস্থান ৰয়েলছ আৰু চেন্নাই ছুপাৰ কিংছৰ মাজৰ দ্বিতীয়খন আই পি এল মেচৰো টিকট ক্ৰয় কৰিব পাৰিব৷

ইফালে, সাধাৰণ দৰ্শকে টিকট কাউণ্টাৰত ২৪০০ টকা মূল্যৰ টিকট ল’ব পাৰিব৷ অন্য মূল্যৰ টিকট অনলাইনত বুক মাই শ্ব’ত ক্ৰয় কৰিব লাগিব৷ অহা ৩০ মাৰ্চৰ চি এছ কে আৰু আৰ আৰ দলৰ মেচখনৰ অন্তিম পৰ্যায়ৰ টিকট বুক মাই শ্ব’ত মুকলি কৰা হৈছে৷ যিসকল দৰ্শকে এই মেচখন উপভোগ কৰাৰ আশা কৰিছে এয়াই হ’ব টিকট ক্ৰয়ৰ অন্তিম সুযোগ৷ অৱশ্যে আই পি এল উপভোগ কৰিব বিচৰা গুৱাহাটীৰ ক্ৰিকেটপ্ৰেমীয়ে দ্বিতীয় মেচখনৰ টিকটৰ পৰা বঞ্চিত হ’লেও অহা ২৬ মাৰ্চত অনুষ্ঠিত হ’বলগা ৰাজস্থান ৰয়েলছ আৰু কলকাতা নাইট ৰাইডাৰ্ছৰ মাজৰ মেচখনৰ টিকট ক্ৰয় কৰিব পাৰিব৷ বুক মাই শ্ব’ত এই মেচৰ প্ৰায় আঠ হেজাৰ টিকট এতিয়াও আছে৷ লগতে জিলাৰ পৰা বিক্ৰি নহোৱাকৈ ঘুৰি অহা টিকট গুৱাহাটীৰ কাউণ্টাৰত উপলদ্ধ হ’ব৷

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

এ চি এৰ কৰ্পৰেট টি-২০ ক্ৰিকেট প্ৰতিযোগিতা ২০২৬ৰ সূচী ঘোষণা

এ চি এৰ কৰ্পৰেট টি-২০ ক্ৰিকেট প্ৰতিযোগিতা ২০২৬ৰ সূচী...

ACAৰ কৰ্পৰেট টি-২০ ক্ৰিকেট প্ৰতিযোগিতা ২০২৬ৰ সূচী ঘোষণা

অসম ক্ৰিকেট সন্থাই অহা ১০ মাৰ্চত আৰম্ভ হ’বলগীয়া...

Assam down town University Wins Big at ET TechEDU Awards 2026

Assam down town University has brought pride to the...

ইৰাণক বিধ্বংসী আক্ৰমণ ইজৰাইলৰ

ইৰাণক বিধ্বংসী আক্ৰমণ ইজৰাইলৰ। ৰাজধানী তেহৰানসহ ইৰানৰ বিভিন্ন ঠাইত...