কেন্দ্ৰৰ সাহায্য তালিকাত স্থান নাপালে ক’ভিডত মৃত্যু হোৱা অসমৰ এজনো সাংবাদিকে

মহামাৰী ক’ভিড -১৯ত মৃত্যু হোৱা ১৯ ৰাজ্যৰ ১২৩ গৰাকী সাংবাদিকৰ পৰিয়ালক ৬ কোটি ১৫ লাখ টকা আৰ্থিক সাহায্য প্ৰদান কৰে কেন্দ্ৰীয় চৰকাৰে। কিন্ত উদ্বেগজনক কথা যে কেন্দ্ৰই ঘোষণা কৰা ক্ষতিপূৰণৰ তালিকাত উল্লেখ নাই অসমৰ সাংবাদিকৰ নাম। ক’ভিড-১৯ত আক্রান্ত হৈ মৃত্যু হৈছিল দিল্লীস্থিত অসমৰ জ্যেষ্ঠ সাংবাদিক কল্যান বৰুৱা, সাংবাদিক নীলাক্ষী ভট্টাচাৰ্য আৰু গুৱাহাটীস্থিত সাংবাদিক আয়ুষ্মান দত্তৰ। কিন্ত কেন্দ্ৰীয় চৰকাৰে ঘোষণা কৰা ক্ষতিপূৰণৰ তালিকাত নাম নাই অসমৰ ক’ভিড আক্ৰান্ত হৈ মৃত্যু হোৱা সাংবাদিকৰ। কি পৰিস্থিতিত অসমৰ সাংবাদিকৰ নাম ক্ষতিপূৰণৰ তালিকাত অন্তৰ্ভুক্ত নহ’ল তাকে লৈ উদ্বেগ প্ৰকাশ কৰিছে গুৱাহাটী প্ৰেছ ক্লাৱে।

গুৱাহাটী প্ৰেছ ক্লাৱৰ সভাপতি মনোজ কুমাৰ নাথ আৰু সাধাৰণ সম্পাদক সঞ্জয় ৰায়ে গভীৰ উদ্বেগ প্ৰকাশ কৰি কয় যে অসমৰ কোনো ক’ভিড আক্রান্ত হৈ মৃত্যু হোৱা সাংবাদিকৰ পৰিয়াল যাতে বঞ্চিত নহয় সেই বিষয়ৰ প্ৰতি ৰাজ্য চৰকাৰ তথা সংশ্লিষ্ট বিভাগে কঠোৰ দৃষ্টি ৰাখিব লাগিব। অৱশ্যে দিল্লীৰ ক’ভিড মৃতকৰ তালিকাত জ্যেষ্ঠ সাংবাদিক কল্যান বৰুৱা আৰু নীলাক্ষী ভট্টাচাৰ্যৰ নাম আছে নে সেয়া এতিয়াও স্পষ্ট নহয়। কিন্ত ক’ভিড আক্ৰান্ত হৈ মৃত্যুক আঁকোৱালি লোৱা সাংবাদিক আয়ুষ্মান দত্তৰ নাম সাংবাদিক কল্যান নিধিৰ ক্ষতিপূৰণৰ তালিকাত নথকা বিষয়টো পৰিতাপৰ বিষয় বুলি গণ্য কৰে গুৱাহাটী প্ৰেছ ক্লাৱে। ক’ভিড আক্রান্ত হৈ মৃত্যুক সাৱটি লোৱা সাংবাদিকৰ পৰিয়ালে যাতে ন্যায় পায়, সেয়াই আহ্বান গুৱাহাটী প্ৰেছ ক্লাৱৰ।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

ছাত্ৰ-ছাত্ৰী আৰু ৰোগীসকলৰ বাবে ভাল খবৰ! শিক্ষা আৰু চিকিৎসাৰ বাবে বহিঃদেশলৈ ধন প্ৰেৰণৰ ব্যয় হ্ৰাস পালে…

কেন্দ্ৰীয় বাজেট ২০২৬-২৭ত বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে *লিবাৰেলাইজড ৰেমিটেন্স স্কিম...

কোন হ’ব NCPৰ ৰাজ্যিক সভাপতি? উপ-মুখ্যমন্ত্ৰীৰ পিছত এতিয়া সভাপতি পদটোক লৈ চলিছে জল্পনা-কল্পনা

নেচনেলিষ্ট কংগ্ৰেছ পাৰ্টি (NCP)-ৰ কাৰ্যকৰী সভাপতি প্ৰফুল্ল পেটেলে দেওবাৰে...

ভাৰতৰ বাবে বায়’লজিক ঔষধ কেনেকৈ গেম চেঞ্জাৰ হ’ব?

নতুন কেন্দ্ৰীয় বাজেটত বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে বায়'লজিকেল ঔষধ (Biologic...

বিচিচিআই ছিনিয়ৰ মহিলাৰ এদিনীয়া প্ৰতিযোগিতালৈ অসমৰ দল ঘোষণা

৬ ফেব্ৰুৱাৰীৰ পৰা ৰাজকোটত হ’বলগীয়া বি চি চি আই...