মালেগাঁও বিস্ফোৰণৰ ঘটনাত প্ৰাক্তন বিজেপি সাংসদ সাধ্বী প্ৰজ্ঞা-সহ ৭ অভিযুক্তক মুক্তি দিলে NIA আদালতে

মালেগাঁও বিস্ফোৰণৰ গোচৰত প্ৰাক্তন বিজেপি সাংসদ প্ৰজ্ঞা সিং ঠাকুৰ, ওৰফে সাধ্বী প্ৰজ্ঞা, আৰু অন্য ছয়জন অভিযুক্তক মুম্বাইৰ বিশেষ এনআইএ আদালতে দোষমুক্ত ঘোষণা কৰিছে। সাতোজনেই জামিনত মুক্ত আছিল আৰু এইবাৰ এই গোচৰৰ পৰাও তেওঁলোকে নিষ্কৃতি লাভ কৰিছে। বৃহস্পতিবাৰে আদালতে জনাইছে যে, কেৱল সন্দেহৰ ভিত্তিত গোচৰ আগবঢ়াই নিয়া নহয়। অভিযুক্তসকলৰ বিৰুদ্ধে দাখিল কৰা তথ্য-প্ৰমাণ সন্দেহৰ ঊৰ্ধ্বত নহয় বুলিও আদালতে উল্লেখ কৰিছে। বিচাৰক এ কে লাহোটিয়ে কয়, “এই ঘটনা সমাজৰ বাবে এক ভয়াৱহ ঘটনা। কিন্তু কেৱল নৈতিকতাৰ যুক্তিৰে আদালতে কাকো দোষী সাব্যস্ত কৰিব নোৱাৰে।”

এই গোচৰত প্ৰধান অভিযুক্ত হিচাপে ভূপালৰ প্ৰাক্তন বিজেপি সাংসদ প্ৰজ্ঞাৰ নাম চৰ্চালৈ আহিছিল। বিস্ফোৰণত ব্যৱহৃত মটৰচাইকেলখন প্ৰজ্ঞাৰ নামত নথিভুক্ত আছিল বুলি তদন্তত প্ৰকাশ পাইছিল। অভিযোগ উত্থাপিত হৈছিল যে, বিস্ফোৰণৰ পৰিকল্পনা প্ৰজ্ঞাই কৰিছিল। বৃহস্পতিবাৰে আদালতে জনাইছে যে, ফৰেন্সিক পৰীক্ষাত মটৰচাইকেলখন প্ৰজ্ঞাৰ বুলি প্ৰমাণিত হোৱা নাই। আদালতৰ পৰ্যবেক্ষণত এইটোও উল্লেখ আছে যে, প্ৰজ্ঞা বিস্ফোৰণৰ ঘটনাৰ দুবছৰ আগতেই সন্ন্যাসিনী হৈছিল। এনআইএইয়ে এই গোচৰৰ তদন্তভাৰ গ্ৰহণ কৰাৰ পিছত তদন্তৰ দিশ কিছু পৰিমাণে সলনি হৈছিল। তথাপি অভিযুক্তসকলৰ বিৰুদ্ধে ইউএপিএ (বেআইনি কাৰ্যকলাপ প্ৰতিৰোধ আইন) আৰু অস্ত্ৰ আইনৰ অধীনত গোচৰ বলৱৎ আছিল। বৃহস্পতিবাৰে বিশেষ আদালতে জনাইছে যে, এই গোচৰত ইউএপিএ প্ৰযোজ্য নহয়।

২০০৮ চনৰ ২৯ ছেপ্টেম্বৰৰ নিশা মহাৰাষ্ট্ৰৰ নাছিক জিলাৰ মালেগাঁও চহৰত হোৱা এটা বিস্ফোৰণত সাতজনৰ মৃত্যু হৈছিল আৰু ১০০ৰো অধিক লোক আহত হৈছিল। তদন্তত প্ৰকাশ পাইছিল যে, মালেগাঁও চহৰৰ মছজিদৰ কাষৰ কবৰস্থানত এখন মটৰচাইকেলত দুটা বোমা ৰখা হৈছিল, যাৰ ফলত বিস্ফোৰণ সংঘটিত হৈছিল। ঘটনাৰ তদন্তৰ দায়িত্ব লৈছিল মহাৰাষ্ট্ৰৰ সন্ত্ৰাস দমন শাখাই (এটিএছ)। তদন্তত প্ৰকাশ পাইছিল যে, এটা হিন্দুত্ববাদী সংগঠন এই ঘটনাৰ নেপথ্যত আছিল। বিস্ফোৰণৰ ঘটনাত প্ৰজ্ঞা আৰু প্ৰাক্তন সেনা বিষয়া লেফটেনেণ্ট কৰ্নেল প্ৰসাদশ্ৰীকান্ত পুৰোহিতক গ্ৰেপ্তাৰ কৰা হৈছিল। কিন্তু তেওঁলোকে তেওঁলোকৰ বিৰুদ্ধে উত্থাপিত অভিযোগ অস্বীকাৰ কৰিছিল। পিছত দুয়োজনেই জামিন লাভ কৰিছিল।

২০১১ চনত মালেগাঁও বিস্ফোৰণৰ গোচৰ জাতীয় তদন্তকাৰী সংস্থা (এনআইএ)ৰ হাতলৈ যায়। তাৰ পিছত আদালতত একাধিক চাৰ্জশ্বীট আৰু অতিৰিক্ত চাৰ্জশ্বীট দাখিল কৰা হয়। ২০১৮ চনত বিচাৰ প্ৰক্ৰিয়া আৰম্ভ হৈছিল আৰু সাতজন অভিযুক্তৰ বিৰুদ্ধে অভিযোগ গঠন কৰা হৈছিল। বিচাৰৰ সময়ত আদালতে ৩২৩গৰাকী সাক্ষীৰ ভাষ্য পৰীক্ষা কৰিছিল। চলিত বছৰৰ এপ্ৰিলত বিশেষ আদালতত এনআইএইয়ে কেইবাশ পৃষ্ঠাৰ তথ্য-প্ৰমাণ দাখিল কৰিছিল। ১৯ এপ্ৰিলত বিচাৰকে ৰায় প্ৰদান স্থগিত ৰাখিছিল। উল্লেখযোগ্য যে, ২০১৯ চনত বিজেপিয়ে বিতৰ্কিত প্ৰজ্ঞাক মধ্যপ্ৰদেশৰ ভূপাল লোকসভা কেন্দ্ৰৰ পৰা প্ৰাৰ্থিত্ব দিছিল, আৰু তেওঁ জয়ী হৈছিল। কিন্তু ২০২৪ চনত বিজেপিয়ে তেওঁক প্ৰাৰ্থিত্ব দিয়া নাছিল।

দোষমুক্ত হোৱাৰ পিছত প্ৰজ্ঞাই কয়, “মোক তদন্তৰ বাবে মাতি গ্ৰেপ্তাৰ কৰা হৈছিল। তাৰ পিছত মোৰ ওপৰত অত্যাচাৰ কৰা হৈছিল। মোৰ গোটেই জীৱন শেষ হৈ গৈছে। আজি মই জীয়াই আছোঁ কাৰণ মই এগৰাকী সন্ন্যাসিনী। তেওঁলোকে ষড়যন্ত্ৰ কৰি গেৰুৱাৰ অৱমাননা কৰিছিল। আজি গেৰুৱাৰ জয় হৈছে, হিন্দুত্বৰ জয় হৈছে। যিসকল দোষী, ঈশ্বৰে তেওঁলোকক শাস্তি দিব।”

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

NASAৰ বাবে বেয়া খবৰ! ১২ বছৰ ধৰি মংগল গ্ৰহত থকা MAVENৰ সৈতে হেৰাইছে যোগাযোগ

মাৰ্কিন মহাকাশ সংস্থা নাছাৰ বাবে মংগল গ্ৰহৰ পৰা আহিছে...

১৪ ডিচেম্বৰত গুৱাহাটীত ছনু নিগমৰ ‘দিৱানা তেৰা ট্যুৰ’ৰ শুভাৰম্ভ

ভাৰতৰ প্ৰখ্যাত সংগীত শিল্পী ছনু নিগমে অহা ১৪ ডিচেম্বৰ,...

পৰ্টেবল পাৰমাণৱিক শক্তি কি? যাৰ বাবে ৰাছিয়াৰ সৈতে চুক্তি হৈছে ভাৰতৰ

ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনৰ সৈতে যৌথ সংবাদমেলত প্ৰধানমন্ত্ৰী মোদীয়ে...