বিহু পালেহিয়েই, উখল-মাখল অসমীয়াৰ মন

গছে-বনে, মনে-প্ৰাণে ব’হাগ আহিছে। আমে মলিয়াইছে, কঠালে মুচি পেলাইছে। লুইতৰ পাৰেৰে আহিছে বিহু বলিয়া ডেকা-গাভৰু।

ফাগুন গৈ চ’ত সোমাল কি নোসোমাল, অসমীয়াৰ গা এতিয়া সাতখন-আঠখন। হোৱাৰে কথা, কাৰণ সমুখত হেঁপাহৰ ব’হাগ। এতিয়া আৰু ৰৈ থাকিব পাৰিনে? সেয়ে ঠায়ে ঠায়ে চলিছে বিহুৰ আখৰা, ঢোল-পেঁপাৰ নিৰ্মাণ আৰু তাঁতশালত ঘনে ঘনে দোৰ্পতিৰ অহা যোৱা। প্ৰকৃতিয়েও বহাগক সজাইছে ন ৰূপেৰে। ফাগুনে ধূলিয়ৰি কৰা সময়ক, উৰ্বৰা কৰিবৰ বাবে প্ৰকৃতিয়ে যেন গা ধুই ন সাঁজ পিন্ধিবলৈ আৰম্ভ কৰিছে। বৰষুণজাক ধৰালৈ আহিয়েই যেন দিলেহি বসন্তৰ আগজাননি। অকৃপণ হাতেৰে বসন্তই যেন প্ৰকৃতিক পিন্ধাইছে বাসন্তী সাজ। নাহঁৰ কেতেকীৰ গোন্ধই চৌদিশ আমোলমোলাই গৈছে। দুৰৈৰ ঢোল-পেঁপাৰ শব্দই নাচনীহতঁক বাউলী কৰিছে। সেয়ে গছৰ তলত নাইবা নদীৰ পাৰত চলিছে বিহুৰ আখৰা। চেনাইৰ বাবে বিহুৱানখন বৈ উলিয়াবলৈকে ব্যস্ততা বাঢ়িছে জীয়ৰী-বোৱাৰীৰ।

এই বিহুৱে বহুতৰে ঘৰো বান্ধে। বহুতৰে পেটটো পোহে। সেয়ে ৰাজ্যৰ প্ৰান্তে প্ৰান্তে বিহু নাচিবৰ বাবে প্ৰয়োজনীয় সামগ্ৰী প্ৰস্তুত কৰাত ব্যস্ত হৈ পৰিছে বহুজন। এই শিল্পীসকলেই যেন বুজি পাই আদৰৰ ব’হাগৰ আপোন মালিতা। যুগে যুগে অমোঘ হৈ জ্বলি থাকক অসমীয়াৰ আয়ুসৰেখা বহাগৰ এই উজ্জল শলিতা।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

অনশন বন্ধ কৰিবলৈ সন্মত সোনম ৱাংচুক; চৰ্ত ৰাখিলে ৩টা

বিখ্যাত শিক্ষাবিদ তথা সক্ৰিয় সমাজকৰ্মী সোনম ৱাংচুকে (Sonam Wangchuk)...

বানপানীৰ সময়ত আৰু ইয়াৰ পৰৱৰ্তী সময়ছোৱাত জনসাধাৰণে কি কি কৰা উচিত?

উজনি অসমৰ বৰ্তমানৰ ভয়াৱহ বান পৰিস্থিতি সঁচাকৈয়ে অত্যন্ত উদ্বেগজনক।...

ডাৱৰ বিস্ফোৰণ (Cloudburst) কি?

নাগালেণ্ডৰ মন (Mon) জিলাত হোৱা ডাৱৰ বিস্ফোৰণৰ (Cloudburst) পাছত...

কৃষ্ণকান্ত সন্দিকৈ ৰাজ্যিক মুক্ত বিশ্ববিদ্যালয়ত দ্বাদশ কৃষ্ণকান্ত সন্দিকৈ স্মাৰক বক্তৃতানুষ্ঠান সম্পন্ন

কৃষ্ণকান্ত সন্দিকৈ ৰাজ্যিক মুক্ত বিশ্ববিদ্যালয়ৰ খানাপাৰস্থিত নগৰ কাৰ্যালয়ৰ সভাগৃহত...