চীনে সাজু কৰিছে ‘জলবোমা’

চীনে সাজু কৰিছে ‘জলবোমা’। উদ্বিগ্ন অৰুণাচলৰ লগতে চিয়াং, ব্ৰহ্মপুত্ৰৰ নামনি অঞ্চল। অৰুণাচলৰ পৰা মাত্ৰ ৫০ কিলোমিটাৰ নিলগত চীনৰ বৃহৎ বান্ধ। চিয়াং-ব্ৰহ্মপুত্ৰৰ জলস্তৰ নিয়ন্ত্ৰণ কৰিব চীনে। ভয়াৱহ ৰূপ লোৱাৰ আশংকা নামনিৰ বান পৰিস্থিতিয়ে।

বিশ্বৰ বৃহত্তম বান্ধ নিৰ্মাণ কৰিছে চীনে। অৰুণাচল প্ৰদেশৰ পৰা মাত্ৰ ৫০ কিলোমিটাৰ নিলগত নিৰ্মাণ কৰা হৈছে দীৰ্ঘতম বান্ধ। ইয়াকে লৈ স্বাভাৱিকতে উদ্বিগ্ন হৈ পৰিছে অৰুণাচল প্ৰদেশৰ লগতে নামনি অঞ্চল। চীনৰ এই ‘মেডগ বান্ধ’ক লৈ শংকিত হৈ পৰিছে অৰুণাচল প্ৰদেশ। এই বৃহৎ বান্ধৰ নিৰ্মাণ কাৰ্য গোপনে অব্যাহত ৰাখিছে চীনে। তিব্বতৰ য়াৰ্লং চাংপো অঞ্চলত নিৰ্মাণ এই জলবিদ্যুৎ প্ৰকল্প। ১৩৭ বিলিয়ন ডলাৰ ব্যয় সাপেক্ষে নিৰ্মাণ এই বৃহৎ বান্ধ। ৬০ হাজাৰ মেগাৱাট বিদ্যুৎ উৎপাদনৰ লক্ষ্য চীনৰ।

চাংপো নদী ভাৰতত প্ৰৱেশ কৰি অৰুণাচলত চিয়াং আৰু অসমত ব্ৰহ্মপুত্ৰ নাম লৈ বাংলাদেশত প্ৰৱেশ কৰিছে। এই বান্ধ নিৰ্মাণৰ ফলত চিয়াং আৰু ব্ৰহ্মপুত্ৰৰ জলস্তৰ নিয়ন্ত্ৰণ চীনৰ হাতলৈ যাব। চীনে বান্ধ খুলি দিলে অতিৰিক্ত জলস্ৰোতে ভাৰতত ভয়াৱহ বান পৰিস্থিতিৰ সৃষ্টি কৰাৰ লগতে বান্ধ বন্ধ কৰিলে ভাৰত জল সংকটৰ সন্মুখীন হোৱাৰ আশংকা প্ৰকাশ কৰিছে বিশেষজ্ঞসকলে। ভাৰতৰ আশংকাৰ অন্যতম কাৰণ হ’ল চীনে এই বান্ধ নিৰ্মাণত কোনো ধৰণৰ আন্তৰ্জাতিক জলচুক্তিত স্বাক্ষৰ কৰা নাই।

চীনৰ এই ‘জলবোমা’ সদৃশ বৃহৎ বান্ধে কেৱল অৰুণাচল প্ৰদেশৰ বাবেই নহয়, অসম আৰু দেশৰ আন অংশৰ বাবেও অশনি সংকেত কঢ়িয়াই আনিছে। এই সম্ভাব্য বিপৰ্যয় ৰোধৰ লগতে পৰিস্থিতিৰ মুখামুখি হ’বলৈ অৰুণাচল প্ৰদেশেও চিয়াং আপাৰ মাল্টি পাৰপাছ প্ৰকল্প নিৰ্মাণৰ বাবে কেন্দ্ৰীয় চৰকাৰৰ ওচৰত প্ৰস্তাৱ দাখিল কৰিছে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

USTMত ১০ ফেব্ৰুৱাৰীৰ পৰা AIU (পূব) আন্তঃবিশ্ববিদ্যালয় হেণ্ডবল প্ৰতিযোগিতা ২০২৫–২৬

আগন্তুক ১০ ফেব্ৰুৱাৰীৰ পৰা ১৪ ফেব্ৰুৱাৰীলৈকে USTMৰ ক্ৰীড়া কমপ্লেক্সত...

ছাত্ৰ-ছাত্ৰী আৰু ৰোগীসকলৰ বাবে ভাল খবৰ! শিক্ষা আৰু চিকিৎসাৰ বাবে বহিঃদেশলৈ ধন প্ৰেৰণৰ ব্যয় হ্ৰাস পালে…

কেন্দ্ৰীয় বাজেট ২০২৬-২৭ত বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে *লিবাৰেলাইজড ৰেমিটেন্স স্কিম...

কোন হ’ব NCPৰ ৰাজ্যিক সভাপতি? উপ-মুখ্যমন্ত্ৰীৰ পিছত এতিয়া সভাপতি পদটোক লৈ চলিছে জল্পনা-কল্পনা

নেচনেলিষ্ট কংগ্ৰেছ পাৰ্টি (NCP)-ৰ কাৰ্যকৰী সভাপতি প্ৰফুল্ল পেটেলে দেওবাৰে...