এসময়ত Salesgirl আছিল অভিনেত্ৰী নীনা গুপ্তা!

গুৱাহাটী, ২৭ জুন, NKTV: অলপতে উন্মোচন হ’ল বৰ্ষীয়ান অভিনেত্ৰী নীনা গুপ্তাৰ Sach Kahun Toh শীৰ্ষক আত্মজীৱনীখন। নীনাৰ আত্মজীৱনীখনত প্ৰকাশ পাইছে অভিনেত্ৰী গৰাকীৰ জীৱনৰ উত্থান-পতনৰ বহু জীয়া কাহিনী। এক সাক্ষাৎকাৰত নীনাই তেওঁ সন্দৰ্ভত বহু বছৰ পূৰ্বে প্ৰকাশিত এক বাতৰিৰ কথা উল্লেখ কৰি কয় যে, এসময়ত অভিনেত্ৰী গৰাকী সন্দৰ্ভত মিছা বাতৰি প্ৰকাশ হৈছিল। য’ত কোৱা হৈছিল – নীনা গুপ্তাই শ্যাম আহুজা নামৰ এগৰাকী ব্যক্তিৰ কাৰ্পেটৰ দোকানত চেলছ গাৰ্ল হিচাপে কাম কৰিছিল। কিন্তু সাক্ষাৎকাৰটোত কোৱা অনুসৰি সেইখিনি সময়ত নীনাই শ্যাম আহুজাক চিনিয়েই পোৱা নাছিল। শ্যাম আহুজা কোননো? সেই বিষয়ে বান্ধৱীক সুধিবলগীয়া হৈছিল বুলিও ক’লে নীনাই।

নীনা সন্দৰ্ভত এনেধৰণৰ বাতৰি সেইখিনি সময়ত খুবেই প্ৰচাৰ হৈছিল বুলিও মন্তব্য কৰে বৰ্ষীয়ান অভিনেত্ৰী গৰাকীয়ে। আবিশ্বাস্য যেন লাগিলেও এনে বহু জীয়া কাহিনীৰ সাক্ষী নীনা গুপ্তা। আৰু সেই কাহিনী সমূহ জীৱন্ত ৰূপত উপস্থাপন কৰা হৈছে Sach Kahun Toh শীৰ্ষক আত্মজীৱনীখনত।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

কেতিয়াৰ পৰা মুকলি হ’ব চেন্নাই ছুপাৰ কিংছ আৰু ৰাজস্থান ৰয়েলছৰ মেচৰ টিকট?

অহা ৩০ মাৰ্চত গুৱাহাটীৰ এ চি এ ষ্টেডিয়ামত অনুষ্ঠিত...

মেঘালয়ত অসমৰ এজন লোকৰ সৈতে ভয়ংকৰ ঘটনা

মেঘালয়ত সুৰক্ষিত নহয় নেকি অসমৰ যুৱক-যুৱতী? এটা ঘটনাৰ পিছতেই...

গুৱাহাটীত তিনিখন IPL মেচ খেলিব ৰাজস্থান ৰয়েলছে

ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব’ৰ্ডে চলিত বৰ্ষৰ ইণ্ডিয়ান প্ৰিমিয়াৰ...