পানীৰ দৰত বিক্ৰী হ’বলৈ গৈ আছে নগাঁও-কাছাৰ কাগজ কলৰ ২০০০ একৰ মাটি!

ৰাষ্ট্ৰীয়তাবাদ আৰু আত্মনিৰ্ভৰশীল ভাৰতৰ নামত পানীৰ দৰত বিক্ৰী হ’বলৈ গৈছে নগাঁও আৰু কাছাৰ কাগজ কলৰ ২০০০ একৰ মাটিসহ অত্যাধুনিক যন্ত্ৰপাতি, প্ৰধানমন্ত্ৰীৰ মুখত আত্মনিৰ্ভৰশীল ভাৰতৰ প্ৰতিজ্ঞাবদ্ধৰ পিচতো অসমৰ দুটা এচিয়াৰ বৃহত্তম নগাঁও আৰু কাছাৰ কাগজ কল বন্ধ কৰি বিদেশৰ পৰা বছৰি প্ৰায় ৮০০০০ হাজাৰ (আশী হাজাৰ ) কোটি টকাৰ পাল্প ও কাগজ আমদানি কৰি দেশক পৰনিৰ্ভৰশীল কৰা হৈছে, যিতু মাননীয় কেন্দ্ৰীয় পথ পৰিবহন মন্ত্ৰী শ্ৰী নিতিন গাডকাৰীৰ ব্যক্তব্যত সংসদত প্ৰমানীত হৈছে।

জাকৰু’ৰ স্পষ্ট স্থিতি, ৰাষ্ট্ৰৰ সম্পত্তি ৰাষ্ট্ৰৰ হাততেই থাকিব লাগিব, পেলনীয়া সামগ্ৰীৰ মূল্যত ব্যক্তিগত কোম্পানীক হস্তান্তৰিত কৰা নচলিব, আৰু যদি সেই প্ৰচেষ্টা কৰা হয়, তেতিয়া হ’লে কোনো কাৰনত মাটি ও সম্পত্তি অধিগ্ৰহণ কৰিবলৈ দিয়া নহব।

অসমৰ কাগজ কল দুটা পুনৰ্জীৱিত কৰাৰ কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰে বাৰম্বাৰ প্ৰতিশ্ৰুতি, ৰাষ্ট্ৰবাদ আৰু আত্মনিৰ্ভৰশীল ভাৰতৰ প্ৰতিজ্ঞা ক সন্মান কৰি মিল দুটাক পুনৰাই উৎপাদনক্ষম কৰিব লাগিব কাৰন কেন্দ্ৰ আৰু ৰাজ্য মিলি ডবল ইঞ্জিনৰ চৰকাৰ, কেন্দ্ৰ চৰকাৰে প্ৰস্তাবিত পেকেজ আবল্টন দি ৰাজ্য চৰকাৰৰ সহায়ত মিল দুটা পুনৰ কাৰ্যক্ষম কৰাৰ সকলো ব্যবস্থা কৰিব লাগিব যাতে যুব সমাজৰ বাবে পৰোক্ষ ও প্ৰত্যক্ষভাৱে কমেও ৪ লক্ষাধিক কৰ্ম সংস্থান সুৰক্ষিত কৰিব পৰা যায়।

কোৱা বাহুল্য যে ২০২১চনৰ মে মাহত কাগজ কলৰ সম্পত্তিৰ নুন্যতম মূল্য ১১৩৯ কোটি টকা ধাৰ্য কৰা হৈছিল, কিন্তু যোৱা ১৫-০২-২০২২ তাৰিখৰ নিলাম জাননী মতে সেই মূল্য কমাই ৪২৯ কোটি টকা কৰা হৈছে, ইয়াৰ পিছত হয়টো আৰু কমায় অনা হ’ব যিতু দেশ বিৰোধী আত্মঘাতী পদক্ষেপ বুলি ভাবে জাকৰু ৱে।

ইফালে ৬১ মাহ ধৰি দৰমহা বন্ধ কৰি ৰখাৰ বাবদ আৰ্থিক দিনতা,ও চিকিৎসাৰ অভাৱত এতিয়ালৈকে ৯৯ জন শ্ৰমিকক মৃত্যুবৰণ কৰিবলৈ বাধ্য কৰোৱা হৈছে আৰু অন্যহাতেদি কাগজ কলৰ লগত জড়িত ৰাষ্ট্ৰৰ সমস্ত সম্পদ পেলনীয়া সামগ্ৰী দামত হস্তান্তৰ কৰাৰ প্ৰচেষ্টা অব্যাহত ৰাখিছে। জাকৰু সৰ্ব শক্তি প্ৰয়োগ কৰি হ’লেও ব্যক্তিগত কোম্পানীক সম্পত্তি হস্তান্তৰ কৰিবলৈ নিদিয়ে আৰু তেনে কৰিলে ইয়াক প্ৰতিহত কৰিবলৈ বদ্ধপৰিকৰ।

জাকৰু আশাবাদী কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰে, ৰাষ্ট্ৰবাদ আৰু আত্মনিৰ্ভৰশীল ভাৰতৰ প্ৰতিজ্ঞাক সন্মান কৰিব আৰু ব্যক্তিগত কোম্পানীক কাগজ কলৰ সম্পদ হস্তান্তৰ কৰাৰ পৰা বিৰত থাকিব অন্যথা তীব্ৰ প্ৰতিৰোধ গঢ়ি তুলিব ই অনিবাৰ্য,জাকৰু সকলোধৰনৰ পৰিস্থিতি মোকাবিলা কৰিবলৈ প্ৰস্তুত।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

যদি আপোনাৰ গাড়ীৰ সঠিক ঠাইত FASTag লগোৱা নাই; তেন্তে আপোনাক ব্লেকলিষ্ট কৰিব পাৰে NHAIয়ে!

দেশৰ বিভিন্ন টোল প্লাজাত আজিকালি গাড়ীৰ দীঘলীয়া শাৰী পূৰ্বৰ...

ভাৰতৰ সৈতে এতিয়ালৈকে কোনো চুক্তি হোৱা নাই! ট্ৰাম্পে ‘বন্ধু’লৈও প্ৰেৰণ কৰিবলৈ আৰম্ভ কৰিছে শুল্ক পত্ৰ

ইউৰোপীয় ইউনিয়ন আমেৰিকাৰ অন্যতম প্ৰধান বাণিজ্যিক মিত্ৰ। আমেৰিকাৰ ৰাষ্ট্ৰপতি...

২৮,০০০ কিঃমিঃ বেগত পৃথিৱীত অৱতৰণ কৰিব সুভাংশুৰ কেপচুল!

আন্তৰ্জাতিক মহাকাশ কেন্দ্ৰ (আই এছ এছ)ৰ পৰা সোমবাৰে ভাৰতীয়...

‘পুটিনে কথা ভাল কয়, কিন্তু সন্ধিয়া হ’লে বোমা পেলায়’! পুটিনৰ ওপৰত ক্ষুব্ধ ট্ৰাম্পে ইউক্ৰেইনলৈ প্ৰেৰণ কৰিছে ‘দেশপ্ৰেমিক’

মাৰ্কিন যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনৰ...