খেলো ইণ্ডিয়া অস্মিতা ৰাজ্যিক হকী লীগৰ জুনিয়ৰ শাখাত নগাঁও চেম্পিয়ন

নগাঁও ছোৱালী দলে গুৱাহাটীত অনুষ্ঠিত খেলো ইণ্ডিয়া অস্মিতা ৰাজ্যিক হকী লীগৰ জুনিয়ৰ শাখাৰ খিতাপ লাভ কৰিছে৷ ভেটাপাৰাৰ মৌলানা মহম্মদ তয়াবুল্লাহ হকী ষ্টেডিয়ামত চলি থকা প্ৰতিযোগিতাখনৰ আজি হোৱা ফাইনেলত নগাঁও দলে ৪-০ গলৰ ব্যৱধানত মাকুমৰ ছোৱালী দলক পৰাস্ত কৰে৷ নগাঁৱৰ হৈ গল কৰে মিনু ডেকা, হেমা ৰাৱট, অঞ্জলি ভগট আৰু সাগৰিকা বৰ্মনে৷

ইফালে, জুনিয়ৰ শাখাৰ ব্ৰঞ্জ পদক লাভ কৰে নাহৰকটীয়া ছোৱালী দলে৷ ফাইনেল মেচৰ পূৰ্বে অনুষ্ঠিত তৃতীয়স্থান নিৰ্ধাৰণকাৰী খেলখনত নাহৰকটীয়াই ১৩-০ গলৰ ব্যৱধানত তেজপুৰৰ ছোৱালী দলক পৰাস্ত কৰে৷ নাহৰকটীয়াৰ হৈ ৰেছমা জগত আৰু সুনীতা ৰোমানীয়ে হেট্ৰিক অৰ্জন কৰাৰ বিপৰীতে দুটাকৈ গল কৰে দেবিকা বাগ, মোমিতা হেমৰাম আৰু সংগীতা ৰোমানীয়ে৷

উল্লেখ্য যে ভাৰতীয় ক্ৰীড়া প্ৰাধিকৰণৰ সহযোগত অসম হকীয়ে আয়োজন কৰা প্ৰাইজমানি প্ৰতিযোগিতাখনৰ চেম্পিয়ন নগাঁও দলে দুই লাখ, ৰানাৰ্ছ আপ মাকুম দলে এক লাখ ৬০ হেজাৰ আৰু তৃতীয় নাহৰকটীয়াই এক লাখ ২০ হেজাৰ টকা লাভ কৰে৷

ট্ৰফী প্ৰদান অনুষ্ঠানত উপস্থিত থাকে অসমৰ ক্ৰীড়ামন্ত্ৰী নন্দিতা গাৰ্লোছা, বিশিষ্ট সমাজসেৱক ৰবীন্দ্ৰ ৰাজু, প্ৰাক্তন ডি জি পি প্ৰদীপ কুমাৰ, যুটীয়া ক্ৰীড়া সঞ্চালক অন্তৰা গগৈ, ছাই গুৱাহাটী কেন্দ্ৰৰ সহকাৰী সঞ্চালক অনন্য শৰ্মা, অসম হকীৰ সম্পাদক তপন দাস, সমাজসেবিকা স্বপ্না বনিয়া আৰু জ্যেষ্ঠ সাংবাদিক প্ৰনয় বৰদলৈ৷

অহা ২৬ মাৰ্চত সামৰণি পৰিব লগা প্ৰতিযোগিতাৰ ছাব-জুনিয়ৰৰ লীগৰ খেল আজি আবেলিৰ পৰা অনুষ্ঠিত হৈছে৷ জুনিয়ৰ শাখাৰ দৰে ছাব-জুনিয়ৰ শাখাতো আঠটা দলে অংশগ্ৰহণ কৰিছে৷ দুটা গ্ৰুপত দলকেইটাক ভাগ কৰি শীৰ্ষ দুটাই ফাইনেল খেলিব৷

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

AC নোহোৱাকৈয়ে কমাব পাৰিব কোঠাৰ ভিতৰৰ আৰ্দ্ৰতা: ঘৰখনক আৰামদায়ক কৰি ৰাখিবলৈ কিছু সহজ টিপছ

বৰ্ষাকাল বা বাৰিষাৰ আগমন নিশ্চয়কৈ এক সকাহজনক খবৰ। কিন্তু...

প্ৰধানমন্ত্ৰী মোদী বিশ্বৰ অন্যতম শক্তিশালী নেতা: ২০১৯ৰ MAN vs WILDৰ স্মৃতি ৰোমন্থন বিয়েৰ গ্ৰিলছৰ

ব্ৰিটেইনৰ প্ৰখ্যাত দুঃসাহসী অভিযাত্রী তথা জনপ্ৰিয় দূৰদৰ্শন ব্যক্তিত্ব বিয়েৰ...