তাচপাতৰ দৰে খহি পৰিল অট্টালিকা, ভয়াৱহ ভূমিকম্পত মুহূৰ্ততে শেষ সকলো

মুহূৰ্ততে শেষ সকলো। খহি পৰিল ইটোৰ পিছত সিটোকৈ সুবিশাল অট্টালিকাৰ। অনাকাংক্ষিত ঘটনাৰ পিছতে লাগিছে হাহাকাৰ।

ম্যানমাৰত ভূমিকম্পৰ ধ্বংসলীলা। পুৱাই দেশখনক জোকাৰি গ’ল বিধ্বংসী ভূমিকম্পই।

ৰিখটাৰ স্কেলত ভূমিকম্পৰ প্ৰাবল্য আছিল ৭.৭। ম্যানমাৰৰ ছাগাইং চহৰৰ ১৬ৰ পৰা ১৮ কিঃমিঃ ভিতৰত এই ভূমিকম্পৰ অভিকেন্দ্ৰ।

ম্যানমাৰত কেইবাটাও অট্টালিকাৰ লগতে ধ্বংস হয় বহু দলং। কেইবা দশকৰ পিছত ম্যানমাৰত এনে বৃহৎ ভূমিকম্প।

ম্যানমাৰৰ সমান্তৰালকৈ থাইলেণ্ডৰ বহু অঞ্চলতো ধ্বংসলীলা ভূমিকম্পৰ। থাইলেণ্ডৰ উত্তৰাঞ্চলত ভূমিকম্পৰ বিপৰ্যয়।

বেংককৰ বহু অট্টালিকা কঁপি উঠিল এই প্ৰাকৃতিক দুৰ্যোগত। কেইবাটাও সুউচ্চ অট্টালিকা ধ্বংস্তূপত পৰিণত। প্ৰাণৰ মমতাত বহু লোকৰ মুকলি স্থানলৈ দৌৰ দিলে জনতাই।

ইতিমধ্যে সামাজিক মাধ্যমত বিয়পি পৰিছে কেতবোৰ ভয়ংকৰ দৃশ্য। চীনৰ য়ুনান প্ৰদেশতো ভয়ংকৰ কম্পন। য়ুনানত ভূমিকম্পৰ প্ৰাবল্য আছিল ৰিখ্টাৰ স্কেলত ৭.৯। ভাৰতৰ বিভিন্ন প্ৰান্তৰ লগতে অসমতো অনুভূত ভূমিকম্প। অসমত পুৱা ১১.৫০ বজাত অনুভূত হয় ভূমিকম্প।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

গুৱাহাটীত উত্তৰ-পূব ভাৰতৰ প্ৰথমটো ভিছা আবেদন কেন্দ্ৰ উদ্বোধন মুখ্যমন্ত্ৰীৰ

এতিয়াৰে পৰা গুৱাহাটীৰ পৰাই কেইবাখনো দেশৰ ভিছাৰ বাবে কৰিব...

মুখ্যমন্ত্ৰীৰ ‘নিযুত মইনা’ আৰু ‘নিযুত বাবু’ আঁচনিৰ প্ৰথম কিস্তিৰ ধন বিতৰণ

অসমৰ ৫.৪২ লাখ শিক্ষাৰ্থীলৈ প্ৰথম কিস্তিৰ চেক বিতৰণৰ শুভাৰম্ভ...

গুৱাহাটীত প্ৰায় ৮ কোটি টকাৰ ড্ৰাগছ জব্দ; গ্ৰেপ্তাৰ দম্পতী

মহানগৰীৰ দিছপুৰ আৰক্ষীয়ে ড্ৰাগছৰ বিৰুদ্ধে চলোৱা এক বৃহৎ অভিযানত...