বন্ধুৰ হাততেই প্ৰাণ গ’ল বন্ধুৰ

কাক বিশ্বাস কৰিব মানুহে? এইবাৰ বন্ধুৰ হাততেই প্ৰাণ গ’ল বন্ধুৰ। জঘন্য কাণ্ডই জোকাৰিছে তিতাবৰ। তিতাবৰৰ মাধপুৰ শলগুৰিৰ ওৰাং গাঁৱত সংঘটিত হৈছে এই লোমহৰ্ষক হত্যাকাণ্ড। মুনু চুতীয়া নামৰ লোকজনে মূৰত কুঠাৰে ঘপিয়াই হত্যা কৰিলে বন্ধু গুদু গগৈক। প্ৰথমে সামান্য কথাতে তৰ্কাতৰ্কি লাগিছিল দুয়োৰে মাজত, পিছত সেই তৰ্কা-তৰ্কিয়েই ল’লেগৈ ভয়ংকৰ ৰূপ। আনফালে দুয়োৰে কাজিয়া ভাঙিবলৈ যাওঁতে মুনুৰ কুঠাৰৰ ঘাপত আহত হয় মৃত গুদু গগৈৰ মাতৃও। পৰৱৰ্তী সময়ত আহত মহিলাগৰাকীক ভৰ্তি কৰোৱা হয় তিতাবৰ অসামৰিক চিকিৎসালয়ত। ঘটনাস্থলীত তিতাবৰ আৰক্ষী উপস্থিত হৈ আৰম্ভ কৰিছে তদন্ত।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

ৰাছিয়া বা চীন নহয়, এই ৩১খন দেশৰ বিৰুদ্ধে আমেৰিকাই প্ৰথমে যুঁজিব…

১৯৪৯ চনত ব্ৰিটেইন, ফ্ৰান্সৰ দৰে ইউৰোপীয় দেশৰ সৈতে আমেৰিকাই...

ভেনিজুৱেলাত চাহ একাপৰ দামত পোৱা যাব সোণ

পৃথিৱীত এনেকুৱা এখন ঠাই আছে য’ত সোণৰ দাম ভাল...

এখন গ্ৰন্থই সলনি কৰিছিল ঝি জিনপিঙৰ জীৱন…

চীনৰ ৰাষ্ট্ৰপতি ঝি জিনপিঙে এক ব্যক্তিগত কথা প্ৰকাশ কৰিছে।...

বৰ্খাস্ত হোৱা মুস্তাফিজুৰে KKRৰ পৰা পাবনে ৯.২০ কোটি টকা? নিয়মবোৰ কি কি?

IPLৰ পৰা মুস্তাফিজুৰ ৰহমান বাদ পৰাৰ পিছত বিতৰ্ক বহু...