ককা-আইতাৰ সৈতে ধোনীৰ জন্মদিন উদযাপন এম এছ ধোনী ফেন ক্লাব অসমৰ

ভাৰতক ৩টা ICC ট্ৰফীৰ সোৱাদ দিয়া সবল অধিনায়কৰ ৭ জুলাইত আছিল ওপজা দিন। ৪৪ বছৰত ভৰি দিলে প্ৰাক্তন ক্ৰিকেটাৰ এম এছ ধোনীয়ে। ধোনীৰ অসমত অনুৰাগীৰ সংখ্যা কিমান সকলোৱে গুৱাহাটীত অনুষ্ঠিত হোৱা CSKৰ IPL মেচত দেখা পোৱা গৈছিল। হালধীয়া হৈ পৰিছিল বৰ্ষাপাৰা ক্ৰিকেট ষ্টেডিয়াম। ৭ জুলাইত ধোনীৰ জন্মদিন উপলক্ষে এম এছ ধোনী ফেন ক্লাব অসমে নলবাৰীৰ এখন বৃদ্ধাশ্ৰমত গছপুলি ৰোপণ কৰে। PEACE SENIOR CITIZEN HOMEত আয়োজন কৰা এই কাৰ্যসূচীত প্ৰথমে ধোনীৰ জন্মদিন উপলক্ষে কেক কাটি বৃদ্ধসকলৰ মাজত কেক বিতৰণ কৰি দিয়া হয়।

বৃদ্ধাশ্ৰমত গছপুলি ৰোপণৰ বাবে ব্যৱহাৰ কৰা হয় ৭ বিধ কৈ গছপুলি। নিমগছ, বকুল, নাহৰ, চন্দন, কঠাল, আমলখি, আৰু অৰ্জুন গছপুলি ৰোপণ কৰে। বৃদ্ধ ককা আইতা সকলৰ লগত কিছু ৰং ধেমালিৰ লগতে দুপৰীয়াৰ আহাৰ গ্ৰহণ কৰে এম এছ ধোনী ফেন ক্লাব অসমে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

এ চি এৰ কৰ্পৰেট টি-২০ ক্ৰিকেট প্ৰতিযোগিতা ২০২৬ৰ সূচী ঘোষণা

এ চি এৰ কৰ্পৰেট টি-২০ ক্ৰিকেট প্ৰতিযোগিতা ২০২৬ৰ সূচী...

ACAৰ কৰ্পৰেট টি-২০ ক্ৰিকেট প্ৰতিযোগিতা ২০২৬ৰ সূচী ঘোষণা

অসম ক্ৰিকেট সন্থাই অহা ১০ মাৰ্চত আৰম্ভ হ’বলগীয়া...

Assam down town University Wins Big at ET TechEDU Awards 2026

Assam down town University has brought pride to the...

ইৰাণক বিধ্বংসী আক্ৰমণ ইজৰাইলৰ

ইৰাণক বিধ্বংসী আক্ৰমণ ইজৰাইলৰ। ৰাজধানী তেহৰানসহ ইৰানৰ বিভিন্ন ঠাইত...