শান্তিৰ নোবেল বঁটাৰ বাবে মনোনীত মহম্মদ জুবাইৰ আৰু প্ৰতীক সিনহাৰ নাম

নোবেল বঁটাৰ বাবে দৌৰত আছে গ্ৰেপ্তাৰ কৰা ‘সত্যানুসন্ধানকাৰী’ মহম্মদ জুবেইৰ। এইবাৰ মুঠ ৩৪৩ জন ব্যক্তি আৰু সংগঠনৰ নাম শান্তিৰ নোবেল বঁটাৰ বাবে মনোনীত হৈছে। ফেক্ট-চেকিং নিউজ ৱেবছাইট অল্ট নিউজৰ প্ৰতিষ্ঠাপক মহম্মদ জুবাইৰ আৰু প্ৰতীক সিনহাৰ নাম ২০২২ চনৰ শান্তিৰ নোবেল বঁটাৰ বাবে মনোনীত হৈছে। টাইম আলোচনীয়ে এই কথা সদৰি কৰিছে।

টাইম আলোচনীৰ সূত্ৰ অনুসৰি এইবাৰ ভাৰতীয় সাংবাদিক দুজন সম্ভাৱ্য নোবেল প্ৰাপকৰ ভিতৰত অন্যতম। নৰৱেৰ শান্তি গৱেষণা প্ৰতিষ্ঠান অচলোই প্ৰতি বছৰে ঘোষণা কৰে শান্তিৰ নোবেল বঁটাৰ নাম। বিভিন্ন ব্যক্তি আৰু প্ৰতিষ্ঠানে শান্তি গৱেষণা প্ৰতিষ্ঠানক নাম-পৰামৰ্শ দিয়ে। শান্তিৰ নোবেল বঁটাৰ বাবে জুবেইৰ আৰু সিনহাৰ নাম মনোনীত হোৱা খবৰটো নৰৱেৰ বিধায়িনী দলৰ সদস্যই প্ৰকাশ কৰিছে।

এইবাৰ পৃথিৱীৰ বিভিন্ন দেশৰ ৩৪৩ জন ব্যক্তি আৰু সংগঠনে শান্তিৰ নোবেল বঁটাৰ বাবে প্ৰতিদ্বন্দ্বিতা কৰিছে। কিন্তু সম্ভাৱ্য নোবেলৰ বাবে মনোনীতৰ নাম কেতিয়াও নোবেল কমিটীয়ে ৰাজহুৱা নকৰে। কিন্তু ৰয়টাৰ্ছ সংবাদগোষ্ঠীৰ সূত্ৰ অনুসৰি, এই বছৰ শান্তিৰ নোবেল বঁটা লাভৰ যুঁজত আছে জুবেইৰৰ উপৰিও প্ৰতীক, ঘোষক ডেভিদ এটেনব’ৰ’, পৰিৱেশ আন্দোলনৰ প্ৰতি সঁহাৰি জনোৱা গ্ৰেটা থানবাৰ্গ, পোপ ফ্ৰান্সিছ, টুভালুৰ বৈদেশিক মন্ত্ৰী চাইমন কফি, ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি জেলেনস্কি। নৰৱেত স্থানীয় সময় অনুসৰি ৭ অক্টোবৰৰ পুৱা ১১ বজাত ঘোষণা কৰা হ’ব শান্তিৰ নোবেল বঁটাপ্ৰাপকৰ নাম।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

শিক্ষকৰ আৰ্জিত ছুটি সম্পৰ্কত ৰাজ্য চৰকাৰৰ কেবিনেটে লোৱা সিদ্ধান্তক আদৰণি সদৌ অসম কৰ্মচাৰী পৰিষদৰ

শিক্ষক সমাজৰ দীৰ্ঘদিনীয়া দাবী সম্পৰ্কত আজি ৰাজ্য চৰকাৰৰ কেবিনেটে...

চেক বাউন্স গোচৰত অন্তৱৰ্তীকালীন জামিন লাভ ৰাজপাল যাদৱৰ

হিন্দী চিনেমাৰ প্ৰবীণ অভিনেতা তথা কমেডিয়ান ৰাজপাল যাদৱে কিছুদিনৰ...

হোজাইত সক্ৰিয় ৰূপত খাদ্য সুৰক্ষা বিভাগ; ছীল কৰিলে ২খনকৈ হোটেল

হোজাইত খাদ্য সুৰক্ষা বিভাগৰ অভিযান। হোজাইৰ দেৱস্থান অঞ্চলত খাদ্য...