অৱসৰ ল’ব নেকি মহম্মদ ছামীয়ে?

ভাৰতীয় ক্ৰিকেটৰ কোনো ফৰ্মেটৰ দলত এতিয়া তেওঁ সুযোগ পোৱা নাই। ফিটনেছৰ সমস্যাৰ কথাতো আছেই। তেওঁৰ অৱসৰৰ বিষয়েও চৰ্চা চলিছে। কিন্তু এই সকলো আলোচনাক গুজব বুলি উৰুৱাই দিছে মহম্মদ ছামীয়ে। তেওঁ স্পষ্ট কৰিছে যে, তেওঁৰ এতিয়াই অৱসৰ লোৱাৰ কোনো ইচ্ছা নাই। তেওঁৰ শেষ সপোন এদিনীয়া বিশ্বকাপ জয় কৰা, আৰু সেই সপোন পূৰণ কৰিবলৈ তেওঁ দৃঢ়প্ৰতিজ্ঞ। ইয়াৰ উপৰিও, বিৰাট কোহলীয়ে দিয়া এটা নামৰ বিষয়েও মুখ খুলিছে ছামীয়ে।

‘নিউজ২৪’ক দিয়া এক সাক্ষাৎকাৰত অৱসৰৰ প্ৰসংগত ছামীয়ে কয়, “কাৰোবাৰ সমস্যা থাকিলে মোৰ ওচৰলৈ আহি কওক। মই অৱসৰ ল’লে কাৰ জীৱনলৈ সুখ আহিব? যিদিন খেলিবলৈ ভাল নালাগিব, মই নিজেই খেল এৰি দিম। মই কঠোৰ পৰিশ্ৰম কৰি যাম। ক’ৰবাত নহয় ক’ৰবাত খেলাৰ সুযোগ পাম। আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত নোৱাৰিলে ঘৰুৱা ক্ৰিকেটত খেলিম। যেতিয়া ভাল নালাগিব, তেতিয়াহে মানুহে খেল এৰে।”

২০২৩ৰ এদিনীয়া বিশ্বকাপৰ ফাইনেললৈ গৈও ভাৰতে জিকিব নোৱাৰিছিল। ছামীয়েও সেই মেচত চাপ পেলাব পৰা নাছিল। এতিয়া তেওঁৰ লক্ষ্য ২০২৭ৰ বিশ্বকাপ। তেওঁ কয়, “একমাত্ৰ সপোন বাকী আছে—এদিনীয়া বিশ্বকাপ জয় কৰা। মই সেই দলৰ অংশ হৈ দেশক বিশ্বকাপ জিকোৱাব বিচাৰো। ২০২৩ত আমি বহুত ওচৰ চাপিছিলো। সকলো মেচ জিকি ফাইনেল খেলিবলৈ নামিছিলো। ক’ৰবাত অলপ ভয় আছিল বুলি মোৰ মনে কয়। তথাপিও ষ্টেডিয়ামত ইমান দৰ্শক দেখি সকলোৰে আত্মবিশ্বাস বাঢ়িছিল। ভাগ্যই সহায় নকৰিলে। নহ’লে দুবছৰ আগতেই মোৰ সপোন পূৰণ হ’লহেঁতেন।”

দলৰ বহুতেই ছামীক ‘লালা’ বুলি মাতে। এই নাম ক’ৰ পৰা আহিল, কোনে দিলে, তেওঁ নিজেও নাজানে। তেওঁৰ ধাৰণা, এইটো নিশ্চয় বিৰাট কোহলীৰ কাম। ছামীয়ে কয়, “নাজানো কেনেকৈ এই নাম আহিল। মনে কয় এইটো বিৰাটৰ কাম। তেওঁৰ পৰাই এনে কাম হ’ব পাৰে। এদিন ভাবিছিলো, লালা আকৌ কি নাম! শ্বাহিদ আফ্ৰিদীক এই নামেৰে মতা হৈছিল। মোক কিয়? মই জানো শকত? যিসকলে গহনাৰ ব্যৱসায় কৰে, তেওঁলোকক লালা বোলে। মইতো সেই কাম নকৰো। মোটাও নহয়। দলত নতুন কোনোবা আহিলে তাক বিভিন্ন নাম দিয়া হয়। প্ৰতিবাদ কৰিলে আৰু বেছি পিছত লাগে। তাৰ বাবে মনে মনে থকাই ভাল।”

বৃহস্পতিবাৰৰ পৰা ছামীয়ে দুলীপ ট্ৰফীত খেলিবলৈ নামিছে। তেওঁ জনাইছে যে, এতিয়া তেওঁ সম্পূৰ্ণ ফিট। ছামীয়ে কয়, “আগৰ তুলনাত এতিয়া মই বহুত সুস্থ। দুমাহ ধৰি অনুশীলন কৰি নিজৰ দক্ষতা বঢ়াইছো, ওজন কমাইছো। চাওঁ এইবাৰ কি হয়। এতিয়াৰ বাবে ছন্দত ঘূৰি অহাই লক্ষ্য। দীঘলীয়া স্পেলত বল কৰিব বিচাৰো। বেটিং আৰু ফিল্ডিঙৰ অনুশীলনো কৰিছো।”

দেশৰ হৈ বেয়া খেলিলে অতীতত ছামীক ধৰ্মৰ নামত বাৰে বাৰে আক্ৰমণ কৰা হৈছে। কিছুমানে তেওঁক দেশদ্ৰোহী, প্ৰতাৰক বুলিও অভিহিত কৰিছে। ছামীয়ে জনাইছে যে, এইবোৰত তেওঁ এতিয়া গুৰুত্ব নিদিয়ে। ছামীয়ে কয়, “মই এইবোৰত গুৰুত্ব নিদিও। মোক এটা কাম দিয়া হৈছে। মই যন্ত্ৰ নহয়। গোটেই বছৰ কঠোৰ পৰিশ্ৰম কৰো। কেতিয়াবা সফল হওঁ, কেতিয়াবা ব্যৰ্থ। কোনে কি ভাবে, সেয়া তেওঁলোকৰ বিষয়। দেশৰ হৈ খেলিলে এই সকলো পাহৰি যাওঁ। তেতিয়া উইকেট লোৱা আৰু দেশক জিকোৱাই মোৰ বাবে মুখ্য বিষয়।”

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

NASAৰ বাবে বেয়া খবৰ! ১২ বছৰ ধৰি মংগল গ্ৰহত থকা MAVENৰ সৈতে হেৰাইছে যোগাযোগ

মাৰ্কিন মহাকাশ সংস্থা নাছাৰ বাবে মংগল গ্ৰহৰ পৰা আহিছে...

১৪ ডিচেম্বৰত গুৱাহাটীত ছনু নিগমৰ ‘দিৱানা তেৰা ট্যুৰ’ৰ শুভাৰম্ভ

ভাৰতৰ প্ৰখ্যাত সংগীত শিল্পী ছনু নিগমে অহা ১৪ ডিচেম্বৰ,...

পৰ্টেবল পাৰমাণৱিক শক্তি কি? যাৰ বাবে ৰাছিয়াৰ সৈতে চুক্তি হৈছে ভাৰতৰ

ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনৰ সৈতে যৌথ সংবাদমেলত প্ৰধানমন্ত্ৰী মোদীয়ে...