ইৰাণৰ ৰাষ্ট্ৰপতিলৈ মোদীৰ ফোন, পৰিস্থিতিক লৈ উদ্বেগ প্ৰকাশ

ইৰাণৰ ৰাষ্ট্ৰপতি মাছুদ পেজেশকিয়ানলৈ ফোন প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ। দেওবাৰ বিয়লি ৩ বজাত সামাজিক মাধ্যমত এটা পোষ্ট কৰি মোদীয়ে জনাইছে যে, তেওঁ ইৰাণৰ ৰাষ্ট্ৰপতিৰ সৈতে কথা পাতিছে। ফোনত কথোপকথনৰ সময়ত পশ্চিম এছিয়াৰ সামগ্ৰিক পৰিস্থিতিৰ প্ৰতি উদ্বেগ প্ৰকাশ কৰিছে মোদীয়ে। একেসময়তে ইৰাণৰ ৰাষ্ট্ৰপতিক উত্তেজনা শান্ত কৰাৰ বাবেও অনুৰোধ জনাইছে। শনিবাৰে (স্থানীয় সময়) ইৰাণৰ তিনিটা পৰমাণু কেন্দ্ৰত আমেৰিকাই আক্ৰমণ চলাইছিল। তাৰ পিছতে ইৰাণ-ইজৰাইলৰ সংঘাতে নতুন মাত্ৰা লাভ কৰিছে। এনে পৰিস্থিতিত ইৰাণৰ প্ৰশাসনিক প্ৰধানক ফোন কৰি মোদীয়ে শান্তি প্ৰতিষ্ঠাৰ বাৰ্তা প্ৰদান কৰিছে।

Xত পোষ্ট কৰি মোদীয়ে লিখিছে, “বৰ্তমান পৰিস্থিতিৰ বিষয়ে আমাৰ মাজত বিস্তাৰিত কথা-বতৰা হৈছে। শেহতীয়া উত্তেজনা বৃদ্ধিৰ বিষয়ে গভীৰ উদ্বেগৰ কথা প্ৰকাশ কৰিছো। আলোচনা আৰু কূটনীতিৰ মাধ্যমেৰে উত্তেজনা শান্ত কৰাৰ বাৰ্তা আকৌ এবাৰ দিয়া হৈছে। আমি বিচাৰো যে, আঞ্চলিক শান্তি, নিৰাপত্তা আৰু সুস্থিতি সোনকালে ঘূৰি আহক।”

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

কেতিয়াৰ পৰা মুকলি হ’ব চেন্নাই ছুপাৰ কিংছ আৰু ৰাজস্থান ৰয়েলছৰ মেচৰ টিকট?

অহা ৩০ মাৰ্চত গুৱাহাটীৰ এ চি এ ষ্টেডিয়ামত অনুষ্ঠিত...

মেঘালয়ত অসমৰ এজন লোকৰ সৈতে ভয়ংকৰ ঘটনা

মেঘালয়ত সুৰক্ষিত নহয় নেকি অসমৰ যুৱক-যুৱতী? এটা ঘটনাৰ পিছতেই...

গুৱাহাটীত তিনিখন IPL মেচ খেলিব ৰাজস্থান ৰয়েলছে

ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব’ৰ্ডে চলিত বৰ্ষৰ ইণ্ডিয়ান প্ৰিমিয়াৰ...