ইৰাণৰ ৰাষ্ট্ৰপতিলৈ মোদীৰ ফোন, পৰিস্থিতিক লৈ উদ্বেগ প্ৰকাশ

ইৰাণৰ ৰাষ্ট্ৰপতি মাছুদ পেজেশকিয়ানলৈ ফোন প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ। দেওবাৰ বিয়লি ৩ বজাত সামাজিক মাধ্যমত এটা পোষ্ট কৰি মোদীয়ে জনাইছে যে, তেওঁ ইৰাণৰ ৰাষ্ট্ৰপতিৰ সৈতে কথা পাতিছে। ফোনত কথোপকথনৰ সময়ত পশ্চিম এছিয়াৰ সামগ্ৰিক পৰিস্থিতিৰ প্ৰতি উদ্বেগ প্ৰকাশ কৰিছে মোদীয়ে। একেসময়তে ইৰাণৰ ৰাষ্ট্ৰপতিক উত্তেজনা শান্ত কৰাৰ বাবেও অনুৰোধ জনাইছে। শনিবাৰে (স্থানীয় সময়) ইৰাণৰ তিনিটা পৰমাণু কেন্দ্ৰত আমেৰিকাই আক্ৰমণ চলাইছিল। তাৰ পিছতে ইৰাণ-ইজৰাইলৰ সংঘাতে নতুন মাত্ৰা লাভ কৰিছে। এনে পৰিস্থিতিত ইৰাণৰ প্ৰশাসনিক প্ৰধানক ফোন কৰি মোদীয়ে শান্তি প্ৰতিষ্ঠাৰ বাৰ্তা প্ৰদান কৰিছে।

Xত পোষ্ট কৰি মোদীয়ে লিখিছে, “বৰ্তমান পৰিস্থিতিৰ বিষয়ে আমাৰ মাজত বিস্তাৰিত কথা-বতৰা হৈছে। শেহতীয়া উত্তেজনা বৃদ্ধিৰ বিষয়ে গভীৰ উদ্বেগৰ কথা প্ৰকাশ কৰিছো। আলোচনা আৰু কূটনীতিৰ মাধ্যমেৰে উত্তেজনা শান্ত কৰাৰ বাৰ্তা আকৌ এবাৰ দিয়া হৈছে। আমি বিচাৰো যে, আঞ্চলিক শান্তি, নিৰাপত্তা আৰু সুস্থিতি সোনকালে ঘূৰি আহক।”

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

ইৰাণত ট্ৰাম্পৰ মিছন, খামেনেইৰ পতনৰ কাউণ্টডাউন আৰম্ভ, আমেৰিকাই আক্ৰমণ কৰিব নেকি?

বৰ্তমান ট্ৰাম্পৰ প্ৰধান লক্ষ্য হৈছে ইৰাণ। কাৰণ ইৰাণ জ্বলিছে।...

ইৰাণ সংকটক লৈ হাই এলাৰ্টত ইজৰাইল; ট্ৰাম্পৰ বক্তব্যৰ পিছত আমেৰিকাৰ আক্ৰমণৰ আশংকা

ইৰাণত চলি থকা চৰকাৰ বিৰোধী বৃহৎ প্ৰতিবাদৰ মাজতে ইজৰাইল...

অপাৰেচন হকআইঃ ছিৰিয়াত ISISৰ ওপৰত আমেৰিকাৰ বৃহৎ আক্ৰমণ, কেইবাটাও লক্ষ্যত বিমান আক্ৰমণ

মিত্ৰশক্তিৰ বাহিনীৰ সৈতে আমেৰিকাৰ কেন্দ্ৰীয় কমাণ্ড (চেণ্টকম) বাহিনীয়ে অপাৰেচন...