জনতা ভৱনত ‘মিশ্যন বানমুক্ত গুৱাহাটী’ সন্দৰ্ভত মন্ত্ৰী অশোক সিংহলৰ গুৰুত্বপূৰ্ণ বৈঠক

গৃহ নিৰ্মাণ আৰু নগৰ পৰিক্ৰমা তথা জলসিঞ্চন বিভাগৰ মন্ত্ৰী অশোক সিংহলে আজি তেওঁৰ জনতা ভৱনস্থিত নিজ কাৰ্যালয়ৰ সভাকক্ষত গৃহ আৰু নগৰ পৰিক্ৰমা বিভাগ, লোক নিৰ্মাণ বিভাগ, জলসম্পদ বিভাগ, গুৱাহাটী পৌৰ নিগম আদি বিভাগৰ শীৰ্ষ বিষয়াসকলৰ সৈতে ‘মিশ্যন বানমুক্ত গুৱাহাটী’ সন্দৰ্ভত এক গুৰুত্বপূৰ্ণ বৈঠকত মিলিত হয়৷ সমাগত বাৰিষা কালত গুৱাহাটী মহানগৰীৰ ৰাইজে যাতে কৃত্ৰিম বানপানীৰ সমস্যাত বৰ বেছি দুৰ্ভোগ ভুগিবলগীয়া নহয়, সেয়া নিশ্চিত কৰাৰ বাবে ‘মিশ্যন বানমুক্ত গুৱাহাটী’ৰ অধীনত বিভিন্ন বিভাগৰ ওপৰত ন্যস্ত কৰা দায়িত্বৰ অগ্ৰগতিৰ বিষয়ে আজিৰ বৈঠকত মন্ত্ৰী সিংহলে বিশদভাৱে পৰ্যালোচনা কৰে আৰু কাম-কাজৰ ক্ষেত্ৰত দেখা দিয়া অসুবিধাসমূহ কাৰ্যকৰীভাৱে সমাধানৰ বাবে সংশ্লিষ্ট বিষয়ববীয়াসকলক যাৱতীয় নিৰ্দেশনা প্ৰদান কৰে৷

উল্লেখযোগ্য যে মিশ্যন বানমুক্ত গুৱাহাটীৰ অধীনত মহানগৰীৰ বিভিন্ন নদী তথা নলা-নৰ্দমা পৰিষ্কৰণৰ বাবে গুৱাহাটী মহানগৰ উন্নয়ন প্ৰাধিকৰণ [জি এম ডি এ], জলসম্পদ বিভাগ, লোক নিৰ্মাণ বিভাগ, গুৱাহাটী পৌৰ নিগম আদিক সুকীয়া সুকীয়াকৈ বিভিন্ন দায়িত্ব অৰ্পণ কৰা হৈছিল আৰু সেইবোৰৰ কামত যথেষ্ট অগ্ৰগতি লাভ কৰা হৈছে বুলি সংশ্লিষ্ট বিভাগৰ বিষয়ববীয়াসকলে মন্ত্ৰীগৰাকীক জানিবলৈ দিয়ে৷ মহানগৰীৰ ৱায়াৰলেছ, হাতীগাঁও, ৰুক্মিণীগাঁও আদি অঞ্চলত চলি থকা কাম-কাজৰ পুনৰীক্ষণৰ বাবে বিভিন্ন বিভাগৰ বিষয়াসকলৰ এক যুটীয়া পৰ্যবেক্ষণৰ বাবেও মন্ত্ৰীগৰাকীয়ে নিৰ্দেশ দিয়ে৷ আজিৰ বৈঠকত গৃহ নিৰ্মাণ আৰু নগৰ পৰিক্ৰমা বিভাগৰ আয়ুক্ত-সচিব কবিতা পদ্মনাভন আৰু সচিব পৱিত্ৰৰাম খাউণ্ডৰ লগতে ‘মিশ্যন বানমুক্ত গুৱাহাটী’ৰ দায়িত্ববাহী অন্যান্য বিভাগৰসমূহৰ জ্যেষ্ঠ বিষয়াসকল উপস্থিত থাকে৷

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

AC নোহোৱাকৈয়ে কমাব পাৰিব কোঠাৰ ভিতৰৰ আৰ্দ্ৰতা: ঘৰখনক আৰামদায়ক কৰি ৰাখিবলৈ কিছু সহজ টিপছ

বৰ্ষাকাল বা বাৰিষাৰ আগমন নিশ্চয়কৈ এক সকাহজনক খবৰ। কিন্তু...

প্ৰধানমন্ত্ৰী মোদী বিশ্বৰ অন্যতম শক্তিশালী নেতা: ২০১৯ৰ MAN vs WILDৰ স্মৃতি ৰোমন্থন বিয়েৰ গ্ৰিলছৰ

ব্ৰিটেইনৰ প্ৰখ্যাত দুঃসাহসী অভিযাত্রী তথা জনপ্ৰিয় দূৰদৰ্শন ব্যক্তিত্ব বিয়েৰ...