হৃদম ঠাকুৰীয়া, জোনাক কাশ্যপৰ ভৱিষ্যৎ শিক্ষা জীৱনৰ সম্পূৰ্ণ ব্যয় বহন কৰিব মন্ত্ৰী অশোক সিংহলে

হাইস্কুল শিক্ষান্ত পৰীক্ষাত প্ৰথম স্থান লাভ কৰা ঢেকিয়াজুলিৰ সু-সন্তান হৃদম ঠাকুৰীয়া আৰু সপ্তম স্থান লাভ কৰা জোনাক কাশ্যপলৈ আন্তৰিক শুভেচ্ছা জ্ঞাপন মন্ত্ৰী অশোক সিংহলৰ

দুয়োগৰাকী কৃতী ছাত্ৰৰ ভৱিষ্যৎ শিক্ষা জীৱনৰ সম্পূৰ্ণ ব্যয় বহন কৰিব মন্ত্ৰী সিংহলে

ঢেকিয়াজুলিৰ শংকৰদেৱ শিশু নিকেতনলৈ ২০ লাখ টকা আৰু চিৰাজুলিৰ লুইত জাতীয় বিদ্যালয়লৈ ১০ লাখ টকাৰ এককালীন অনুদান প্ৰদানৰ কথা ঘোষণা মন্ত্ৰী সিংহলৰ

আজি ঘোষণা কৰা ২০২৩ বৰ্ষৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফলত ৰাজ্যখনৰ ভিতৰতে প্ৰথম স্থান লাভ কৰি উজলি উঠা ঢেকিয়াজুলিৰ সু-সন্তান হৃদম ঠাকুৰীয়া আৰু সপ্তম স্থান লাভ কৰা জোনাক কাশ্যপলৈ আন্তৰিক অভিনন্দন আৰু শুভেচ্ছা জ্ঞাপন কৰিছে অসম চৰকাৰৰ গৃহ নিৰ্মাণ আৰু নগৰ পৰিক্ৰমা তথা জলসিঞ্চন বিভাগৰ মন্ত্ৰী অশোক সিংহলে। অসম বিধানসভাত ঢেকিয়াজুলি সমষ্টিক প্ৰতিনিধিত্ব কৰা মন্ত্ৰীগৰাকীয়ে এক শুভেচ্ছা বাৰ্তাত কয় যে ৯৯.৩৩% নম্বৰেৰে সমগ্ৰ ৰাজ্যৰ ভিতৰতে প্ৰথম স্থান দখল কৰি ঢেকিয়াজুলিৰ শংকৰদেৱ শিশু নিকেতনৰ মেধাৱী ছাত্ৰ তথা ভালুকধাৰা নিৱাসী সৰ্বানন্দ ঠাকুৰীয়াৰ পুত্ৰ হৃদম ঠাকুৰীয়াই সমগ্ৰ ঢেকিয়াজুলিবাসীকে গৌৰৱান্বিত কৰি তুলিছে। সেইদৰে চিৰাজুলিৰ শংকৰ কলিতাৰ পুত্ৰ জোনাক কাশ্যপেও অঞ্চলটোৰ লুইত জাতীয় বিদ্যালয়ৰ পৰা এইবাৰৰ পৰীক্ষাত সপ্তম স্থান অধিকাৰ কৰি সমষ্টিটোলৈ গৌৰৱ কঢ়িয়াই আনিছে। কৃতী ছাত্ৰ দুগৰাকীৰ এই চমকপ্ৰদ সাফল্যৰ বাবে মন্ত্ৰী সিংহলে তেওঁলোকৰ পিতৃ-মাতৃ, অভিভাৱক তথা বিদ্যালয়ৰ শিক্ষাগুৰুসকলকো ধন্যবাদ আৰু অভিনন্দন জ্ঞাপন কৰে। মেধাৱী ছাত্ৰ দুগৰাকীৰ ভৱিষ্যৎ শিক্ষা জীৱনলৈ অলেখ শুভকামনা জ্ঞাপন কৰি অনাগত দিনবোৰতো প্ৰজ্ঞাৰ জ্যোতিৰে তেওঁলোকৰ জীৱনৰ প্ৰতিটো ঢাপ উজলি উঠিব বুলি মন্ত্ৰীগৰাকীয়ে আশা প্ৰকাশ কৰে।

আনহাতে, ঢেকিয়াজুলিৰ শৈক্ষিক ক্ষেত্ৰখনক উজলাই তোলা সমষ্টিটোৰ কৃতী সন্তান হৃদম ঠাকুৰীয়া আৰু জোনাক কাশ্যপৰ ভৱিষ্যৎ শিক্ষা জীৱনৰ সম্পূৰ্ণ ব্যয় ব্যক্তিগতভাৱে বহন কৰিব বুলি মন্ত্ৰী সিংহলে আজি জানিবলৈ দিছে। তেওঁ লগতে হৃদম ঠাকুৰীয়াই অধ্যয়ন কৰা ঢেকিয়াজুলিৰ শংকৰদেৱ শিশু নিকেতনলৈ তেওঁৰ বিধায়ক পুঁজিৰ পৰা ২০ লাখ টকা আৰু জোনাক কাশ্যপে অধ্যয়ন কৰা লুইত জাতীয় বিদ্যালয়লৈ ১০ লাখ টকাৰ এককালীন অনুদান প্ৰদানৰ কথা ঘোষণা কৰিছে। অনাগত দিনবোৰতো বিদ্যালয় দুখনে গুণগত মানৱ সম্পদ সৃষ্টিৰে ঢেকিয়াজুলিৰ শৈক্ষিক ক্ষেত্ৰখনক অধিক সমৃদ্ধ কৰাত আত্মনিয়োগ কৰিব বুলি তেওঁ আশা প্ৰকাশ কৰে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

এ চি এৰ কৰ্পৰেট টি-২০ ক্ৰিকেট প্ৰতিযোগিতা ২০২৬ৰ সূচী ঘোষণা

এ চি এৰ কৰ্পৰেট টি-২০ ক্ৰিকেট প্ৰতিযোগিতা ২০২৬ৰ সূচী...

ACAৰ কৰ্পৰেট টি-২০ ক্ৰিকেট প্ৰতিযোগিতা ২০২৬ৰ সূচী ঘোষণা

অসম ক্ৰিকেট সন্থাই অহা ১০ মাৰ্চত আৰম্ভ হ’বলগীয়া...

Assam down town University Wins Big at ET TechEDU Awards 2026

Assam down town University has brought pride to the...

ইৰাণক বিধ্বংসী আক্ৰমণ ইজৰাইলৰ

ইৰাণক বিধ্বংসী আক্ৰমণ ইজৰাইলৰ। ৰাজধানী তেহৰানসহ ইৰানৰ বিভিন্ন ঠাইত...