গৃহ নিৰ্মাণ আৰু নগৰ পৰিক্ৰমা বিভাগ তথা জলসিঞ্চন বিভাগৰ বিভিন্ন কাম-কাজৰ পৰ্যালোচনা মন্ত্ৰী অশোক সিংহলৰ

গৃহ নিৰ্মাণ আৰু নগৰ পৰিক্ৰমা তথা জলসিঞ্চন বিভাগৰ মন্ত্ৰী অশোক সিংহেল আজি তেওঁৰ জনতা ভৱনস্থিত কাৰ্যালয়ৰ সভাকক্ষত গৃহ নিমাৰ্ণ আৰু নগৰ পৰিক্ৰমা বিভাগৰ বিভিন্ন শাখা বিভাগ যেনে পৌৰ প্ৰশাসন সঞ্চালকালয়, জি এম চি, জি এম ডি এ, নগৰ আৰু গাঁও পৰিকল্পনা সঞ্চালকালয় আদিৰ বিভিন্ন কাম-কাজৰ পৰ্যালোচনা কৰে৷ মন্ত্ৰীগৰাকীয়ে আজি¸ জলসিঞ্চন বিভাগৰ শীৰ্ষ বিষয়াসকলৰ সৈতেও আন এক গুৰুত্বপূৰ্ণ বৈঠকত মিলিত হৈ বিভাগটোৰ বিভিন্ন কাম-কাজৰ খতিয়ান লয়৷

গৃহ নিৰ্মাণ আৰু নগৰ পৰিক্ৰমা বিভাগ তথা ইয়াৰ শাখা বিভাগসমূহৰ বিভিন্ন কাম কাজৰ পৰ্যালোচনা কৰি মন্ত্ৰী সিংহলে আজি বিগত চিন্তন শিবিৰত নিৰ্ধাৰিত লক্ষ্য আৰু আৰ্জিত সফলতা, নগৰীয়া আন্তঃগাঁথনি উন্নয়ন পুঁজিৰ অধীনৰ আঁচনিৰ চূড়ান্তকৰণ, দীপৰ বিলৰ ইক’-চেনচিটিভ জ’নৰ সমস্যাসমূহ, ফাঁচীবজাৰৰ পুৰণি কাৰাগাৰ চৌহদত পাৰ্কিং স্থলী নিৰ্মাণ, পৌৰ প্ৰশাসন সঞ্চালকালয়ৰ ষ্টাফিং পেটাৰ্ণ আৰু এজনীয়া সমিতিৰ প্ৰতিবেদন সন্দৰ্ভত আলোচনা, পঞ্চম আৰু ষষ্ঠ বিত্ত আয়োগৰ অধীনত ৰূপায়িত আঁচনিৰ পৰ্যালোচনা কৰে৷ সেইদৰে নগৰ আৰু গাঁও পৰিকল্পনা সঞ্চালকালয়ৰ সৈতে হোৱা বৈঠকত মন্ত্ৰী সিংহলে অনলাইনযোগে গৃহ নিৰ্মাণৰ অনুমতি প্ৰদান ব্যৱস্থা, চূড়ান্ত হ’বলৈ বাকী থকা মাষ্টাৰ প্লেনসমূহ তথা তেজপুৰত অনুষ্ঠিত বিভাগীয় বৈঠকৰ সিদ্ধান্তসমূহৰ পৰ্যালোচনা কৰে আৰু সংশ্লিষ্ট বিষয়াসকলক যাৱতীয় নিৰ্দেশনা প্ৰদান কৰে৷

আনহাতে, জলসিঞ্চন বিভাগৰ সচিব পৱিত্ৰ ৰাম খাউণ্ডৰ লগতে অন্যান্য শীৰ্ষ বিষয়াসকলৰ সৈতে হোৱা এক বৈঠকত মন্ত্ৰী সিংহলে আজি বিভাগটোৰ কাম-কাজসমূহৰ নিয়মীয়া পৰ্যালোচনা কৰে৷ বৈঠকত তেওঁ বিভাগে গ্ৰহণ কৰা ক্ষুদ্ৰ আৰু মজলীয়া জলসিঞ্চন আঁচনিসমূহৰ ৰূপায়ণ, ২০২৩-২৪ বৰ্ষৰ বাবে নাবাৰ্ড, এছ অ’ পি ডি-জি, এম এণ্ড আৰৰ অধীনত আঁচনি দাখিলৰ স্থিতি, ৰাজ্যৰ প্ৰতিখন জিলাৰ বাবে জিলা জলসিঞ্চন পৰিকল্পনা প্ৰস্তুতিৰ অগ্ৰগতি আৰু ৰাজ্যিক কেবিনেটৰ সিদ্ধান্ত অনুসৰি বিভাগটোৰ পুনৰ্গঠনৰ সাম্প্ৰতিক স্থিতি সম্পৰ্কে বিশদভাৱে বুজ লয়৷ তেওঁ লগতে বিভাগৰ অতিৰিক্ত মুখ্য অভিযন্তাসকলৰ দ্বাৰা বিভিন্ন আঁচনিৰ নিয়মীয়া পৰিদৰ্শন সম্পৰ্কেও আলোচনা কৰে৷ জলসিঞ্চনৰ শেহতীয়া পদ্ধতি, লিডাৰ জৰীপ আৰু অন্যান্য বিষয় সন্দৰ্ভত জ্ঞান অৰ্জনৰ বাবে ৰাজ্যৰ বাহিৰলৈ অভিযন্তাৰ এটা দল পঠিওৱাৰ বাবেও ব্যৱস্থা গ্ৰহণ কৰিবলৈ তেওঁ মুখ্য অভিযন্তাগৰাকীক নিৰ্দেশ দিয়ে৷

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

এ চি এৰ কৰ্পৰেট টি-২০ ক্ৰিকেট প্ৰতিযোগিতা ২০২৬ৰ সূচী ঘোষণা

এ চি এৰ কৰ্পৰেট টি-২০ ক্ৰিকেট প্ৰতিযোগিতা ২০২৬ৰ সূচী...

ACAৰ কৰ্পৰেট টি-২০ ক্ৰিকেট প্ৰতিযোগিতা ২০২৬ৰ সূচী ঘোষণা

অসম ক্ৰিকেট সন্থাই অহা ১০ মাৰ্চত আৰম্ভ হ’বলগীয়া...

Assam down town University Wins Big at ET TechEDU Awards 2026

Assam down town University has brought pride to the...

ইৰাণক বিধ্বংসী আক্ৰমণ ইজৰাইলৰ

ইৰাণক বিধ্বংসী আক্ৰমণ ইজৰাইলৰ। ৰাজধানী তেহৰানসহ ইৰানৰ বিভিন্ন ঠাইত...