মূৰৰ মূল্য আছিল ৮ লাখ টকা; ছত্তীশগড় বনাঞ্চলৰ সংঘৰ্ষত নিহত মাওবাদী নেতা

ছত্তীশগড়ৰ বিজাপুৰত নিৰাপত্তাবাহিনীৰ গুলীত মৃত্যু হ’ল মাওবাদীৰ অন্যতম শীৰ্ষ নেতা সোধি কান্নাৰ। তেওঁৰ মূৰৰ দাম আছিল আঠ লাখ টকা। শুকুৰবাৰে বিজাপুৰৰ জংঘলত যৌথবাহিনীয়ে অভিযান চলাইছিল। সেই অভিযানতে তেওঁ নিহত হয়। প্ৰথমাৱস্থাত নিহত মাওবাদীৰ পৰিচয় জানিব পৰা নগৈছিল। সোমবাৰে আৰক্ষীয়ে তেওঁৰ পৰিচয় প্ৰকাশ কৰিছে।

মাওবাদীৰ সশস্ত্ৰ শাখা ‘পিপল্‌ছ লিবাৰেশ্যন গেৰিলা আৰ্মি’ৰ (পিএলজিএ) এটা বেটেলিয়নৰ ডেপুটি কমাণ্ডাৰ আছিল সোধি। তেলঙ্গানাত তেওঁ একাধিক মাওবাদী কাৰ্যকলাপত জড়িত আছিল। শুকুৰবাৰে গোপন সূত্ৰৰ খবৰৰ ভিত্তিত বিজাপুৰৰ জাতীয় উদ্যানত যৌথবাহিনীয়ে অভিযান চলায়। বাহিনীৰ হাতত খবৰ আছিল যে, এই জংঘলত মাওবাদীৰ তেলঙ্গানা ৰাজ্য কমিটি, জাতীয় উদ্যান কমিটি আৰু পিএলজিএৰ এটা বেটেলিয়নৰ নেতাসকল লুকাই আছে। এই অভিযানৰ অন্তত সোধিৰ নিথৰ দেহ উদ্ধাৰ কৰে যৌথবাহিনীয়ে। লগতে কিছু অস্ত্ৰ-শস্ত্ৰও উদ্ধাৰ হয়। জংঘলৰ পৰা এটা ৰাইফল, একে-৪৭ৰ মেগাজিন আৰু প্ৰচুৰ বিস্ফোৰক সামগ্ৰীও উদ্ধাৰ হয়।

সোমবাৰে বস্তাৰৰ আইজি পি সুন্দৰৰাজে জনাইছে যে, বিগত ১৮ মাহত এই অঞ্চলৰ পৰা কমেও ৪১৫জন মাওবাদীৰ নিথৰ দেহ উদ্ধাৰ হৈছে। নিহতসকলৰ মাজত আছে একাধিক শীৰ্ষ মাওবাদী নেতাও। যেনে, মাওবাদী পলিটব্যুৰোৰ সদস্য ৰামচন্দ্ৰ ৰেড্ডি ওৰফে চলপতি, সাধাৰণ সম্পাদক নাম্বালা কেশব ৰাও ওৰফে বাসবৰাজু ওৰফে গগন্না, কেন্দ্ৰীয় কমিটিৰ সদস্য নৰসিংহচলম ওৰফে সুধাকৰ, চৈতন্য বেঙ্কট ৰবি ওৰফে অৰুণা আদি নেতা-নেত্ৰী।

কিন্তু এইবোৰৰ মাজতো মাওবাদীসকলে নিজৰ কাৰ্যকলাপ আৰু গাঁৱৰ লোকসকলক ভয় দেখুওৱাৰ চেষ্টা অব্যাহত ৰাখিছে। বিগত সপ্তাহত ‘পুলিচৰ গুপ্তচৰ’ বুলি সন্দেহত বিজাপুৰৰ উসুৰ থানা এলেকাত এজন যুৱকক হত্যা কৰিছে মাওবাদীয়ে। পাঁচ সশস্ত্ৰ মাওবাদীয়ে নিশা ঘৰত সোমাই তেওঁক টানি-আজুৰি বাহিৰলৈ আনি হত্যা কৰে বুলি অভিযোগ। তাৰ আগতে নিহতক ‘পুলিচৰ গুপ্তচৰ’ বুলি ঘোষণা কৰিছিল। বিগত মাহতো বিজাপুৰৰ আন এটা গাঁৱত একেটা ‘অভিযোগত’ তিনিজনক ফাঁচিকাঠত ওলোমাইছিল মাওবাদীৰ সশস্ত্ৰ শাখা পিএলজিএই।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

এ চি এৰ কৰ্পৰেট টি-২০ ক্ৰিকেট প্ৰতিযোগিতা ২০২৬ৰ সূচী ঘোষণা

এ চি এৰ কৰ্পৰেট টি-২০ ক্ৰিকেট প্ৰতিযোগিতা ২০২৬ৰ সূচী...

ACAৰ কৰ্পৰেট টি-২০ ক্ৰিকেট প্ৰতিযোগিতা ২০২৬ৰ সূচী ঘোষণা

অসম ক্ৰিকেট সন্থাই অহা ১০ মাৰ্চত আৰম্ভ হ’বলগীয়া...

Assam down town University Wins Big at ET TechEDU Awards 2026

Assam down town University has brought pride to the...

ইৰাণক বিধ্বংসী আক্ৰমণ ইজৰাইলৰ

ইৰাণক বিধ্বংসী আক্ৰমণ ইজৰাইলৰ। ৰাজধানী তেহৰানসহ ইৰানৰ বিভিন্ন ঠাইত...