মনীষ ছিছোডিয়ালৈ পুনৰ চমন জাৰি CBIৰ

0 36

দিল্লীৰ উপ-মুখ্যমন্ত্ৰী মনীষ ছিছোডিয়ালৈ পুনৰ CBIৰ চমন। দিল্লীৰ বিতৰ্কিত আবকাৰী নীতিৰ গোচৰত সোমবাৰে পুৱা ১১ বজাত CBIৰ কাৰ্যালয়ত হাজিৰ হ’‍বলৈ নিৰ্দেশ দিয়া হৈছে ছিছোডিয়াক। ইয়াৰ পূৰ্বে CBI আৰু EDয়ে মনীষ ছিছোডিয়াৰ ঘৰৰ লগতে বেংক লকাৰতো তালাচী চলাইছিল যদিও কোনো আপত্তিজনক সমল উদ্ধাৰ কৰিবলৈ সক্ষম নহ’ল। কিন্তু ইয়াৰ পিছতো সোমবাৰে CBIয়ে চমন জাৰি কৰে ছিছোডিয়ালৈ। এইবাৰ আপৰ নেতাজনক গ্ৰেপ্তাৰ কৰা হ’ব নেকি তাকলৈও আৰম্ভ হৈছে চৰ্চা।

Leave A Reply

Your email address will not be published.