মাতৃৰ উমাল বুকুৰ মাজৰ পৰা কাঢ়ি নি কণমানিক হত্যা কৰিলে কামাল উদ্দিনে

কাছাৰ জিলাৰ ধলাইত সংঘটিত হৈছে এক ভয়ংকৰ ঘটনা। মাতৃৰ কোলাৰ পৰা ৩ বছৰীয়া সন্তানক কাঢ়ি নি দাৰে ঘপিয়াই হত্যা কৰিলে কামাল উদ্দিন নামৰ এজন প্ৰতিবেশীয়ে।

এই ঘটনাৰ পিছতে উত্তেজিত হৈ পৰে স্থানীয় ৰাইজ। ক্ষুব্ধ একাংশ লোকে হত্যাকাৰীৰ বাসগৃহ জ্বলাই দিয়াৰ লগতে হত্যাকাৰী কামাল উদ্দিনক ধৰি লপাথপা দি গতাই দিয়ে আৰক্ষীক।

নিজ গৃহৰ চোতালত মাতৃ হাছছানাৰা বেগমে তিনি বছীয়া কন্যা সন্তানক কোলাত লৈ বহি আছিল৷ সেই সময়তে কামাল উদ্দিন নামৰ প্ৰতিবেশীজনে উপস্থিত হৈ হাছানাৰ কোলাৰ পৰা শিশুটিক কাঢ়ি লৈ যায় আৰু শিশুটিক চোতালতে দাৰে উপৰ্যুপৰি আক্ৰমণ কৰে। হাফছানাৰ চিঞৰ শুনি ওলায় আহে ওচৰ-চুবুৰীয়া। কামালৰ কৱলৰ পৰা শিশুটিক উদ্ধাৰ কৰি হাস্পতাললৈ লৈ যায় যদিও চিকিৎসকে শিশুটিক মৃত বুলি ঘোষণা কৰে৷

উল্লেখ্য যে হত্যাকাৰী কামাল উদ্দিন এজন মানসিক ৰোগী। কেইবছৰ পূৰ্বেও হেনো এগৰাকী মহিলাক হত্যা কৰিছিল কামাল উদ্দিনে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

খেলি থাকোঁতেই মুখত সোমাল লোহাৰ ৰড! ৪০ মিনিটৰ জটিল অস্ত্ৰোপচাৰত প্ৰাণৰক্ষা ৫ বছৰীয়া শিশুৰ

গুজৰাটৰ পাটন জিলাৰ সামি তালুকাৰ বেদ গাঁৱত সংঘটিত হৈছে...

মণিপুৰত পুনৰ হিংসাত্মক ঘটনা, কামজঙত ২৮টা ঘৰ জ্বলাই দিয়াৰ অভিযোগ

মণিপুৰৰ কামজং জিলাত বিগত ২৪ ঘণ্টাত পৃথক পৃথক ঘটনাত...

এছিয়ান পেৰা গেমছত মোনা আগৰৱালৰ স্বৰ্ণ জয়; অৱনী লেখাৰাই লাভ কৰিলে ৰূপৰ পদক

এছিয়ান পেৰা গেমছত ভাৰতৰ পদক অভিযান আৰম্ভ হ’ল স্বৰ্ণ...