জীৱনৰ চৰম পথ বাচি ললে মালাইকা অৰোৰাৰ পিতৃয়ে

পিতৃৰ আত্মহত্যাৰ পিছতে সামজিক মাধ্যমত বিবৃতি দিছে অভিনেত্ৰী মালাইকা অৰোৰাই। বিবৃতিযোগে পিতৃ অনিল কুলদীপ মেহতাৰ মৃত্যু নিশ্চিত কৰিছে অভিনেত্ৰীগৰাকীয়ে। প্ৰাপ্ত খবৰ অনুসৰি মৃত্যুৰ পূৰ্বে দুই কন্যালৈ ফোন কৰিছিল অনিল মেহতাই। মালাইকা আৰু অমৃতাক জনাইছিল মনৰ কথা।

খবৰ অনুসৰি ১১ ছেপ্টেম্বৰত আত্মহত্যা কৰিছিল অনিল কুলদীপ মেহতাই। বুধবাৰে সন্ধিয়া পৰিয়ালটোৰ মানসিক অৱস্থাৰ কথা উল্লেখ কৰি এটা পষ্ট শ্বেয়াৰ কৰিছিল মালাইকা অৰোৰাই। ইনষ্টাগ্ৰাম পষ্টটোত পিতৃৰ বিষয়ে বহু কথাই লিখিছে অভিনেত্ৰীগৰাকীয়ে। পিতৃক নম্ৰ আৰু নিষ্ঠাবান মানুহ বুলি উল্লেখ কৰিছে মালাইকাই।

মালাইকাৰ প্ৰিয়বন্ধু আছিল দেউতাক। পিতৃৰ মৃত্যু সন্দৰ্ভত সংবাদ মাধ্যমক গোপনীয়তা বজাই ৰাখিবলৈ অনুৰোধ মালাইকাৰ। পিতৃৰ মৃত্যুৰ দিনটোত পুনেৰ এটা অনুষ্ঠানত আছিল মালাইকা। মালাইকালৈ ফোন কৰি নিজৰ শাৰীৰিক-মানসিক অসুস্থতাৰ কথা জনাইছিল পিতৃয়ে। তাৰ পাছতেই চৰম পন্থা বাচি লৈছিল অনিল কুলদীপ মেহতাই। সম্প্ৰতি মৃত্যুৰ কাৰণ নিশ্চিত কৰিবলৈ মৰণোত্তৰ পৰীক্ষা কৰা হৈছে অনিল মেহতাৰ। ভাভা চিকিৎসালয়ত সম্পন্ন কৰা হৈছে মৰণোত্তৰ পৰীক্ষা।

মেহতাৰ মৃত্যুৰ খবৰে শোকৰ ছাঁ পেলাইছে বলীউডত। ছ’চিয়েল মিডিয়াতো বৈছে শোকৰ বন্যা। এই দুখৰ সময়ত পৰিয়ালটোলৈ সমবেদনা জ্ঞাপন কৰিছে বন্ধুবৰ্গ, সহকৰ্মী তথা অনুৰাগীয়ে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

শিক্ষকৰ আৰ্জিত ছুটি সম্পৰ্কত ৰাজ্য চৰকাৰৰ কেবিনেটে লোৱা সিদ্ধান্তক আদৰণি সদৌ অসম কৰ্মচাৰী পৰিষদৰ

শিক্ষক সমাজৰ দীৰ্ঘদিনীয়া দাবী সম্পৰ্কত আজি ৰাজ্য চৰকাৰৰ কেবিনেটে...

চেক বাউন্স গোচৰত অন্তৱৰ্তীকালীন জামিন লাভ ৰাজপাল যাদৱৰ

হিন্দী চিনেমাৰ প্ৰবীণ অভিনেতা তথা কমেডিয়ান ৰাজপাল যাদৱে কিছুদিনৰ...

হোজাইত সক্ৰিয় ৰূপত খাদ্য সুৰক্ষা বিভাগ; ছীল কৰিলে ২খনকৈ হোটেল

হোজাইত খাদ্য সুৰক্ষা বিভাগৰ অভিযান। হোজাইৰ দেৱস্থান অঞ্চলত খাদ্য...