পুনৰ আৰম্ভ হৈছে মাজুলী-যোৰহাট সংযোগী ফেৰী সেৱা

আজিৰ পৰা পুনৰ আৰম্ভ হৈছে মাজুলী-নিমাতীঘাট সংযোগী ফেৰী সেৱা। অৱশ্যে এই ফেৰী চলাচলত নতুন চৰ্তাৱলী ধার্য কৰিছে। পৰৱৰ্তী জাননী জাৰি নকৰালৈকে  চাৰি চকীয়া বাহন পাৰা-পাৰ কৰিব নোৱাৰিব ফেৰীত। দুচকীয়া বাহন আৰু আৰু সাধাৰণ যাত্ৰীহে পাৰা-পাৰ হ’ব পাৰিব। এই সম্পৰ্কে এক নিৰ্দেশনা জাৰি কৰিছে মাজুলীৰ অতিৰিক্ত উপায়ুক্তই। ইফালে, ২৭ আগষ্টৰ পৰা জিলা প্ৰশাসন আৰু আভ্যন্তৰীণ জল পৰিবহণ বিভাগে বন্ধ কৰি দিছিল ফেৰী সেৱা। যাৰ বাবে ৰোগী, ছাত্ৰ-ছাত্ৰী তথা বিশেষ প্ৰয়োজনীয় কামত যোৰহাটলৈ যাব লগা লোকসকল অভাৱনীয় সমস্যাৰ সন্মুখীন হৈছিল।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

আজিৰে পৰা আৰম্ভ ৰাজস্থান ৰয়েলছ-আৰ চি বি খেলৰ টিকট বিক্ৰী

অহা ১০ এপ্ৰিলত বৰ্ষাপাৰাৰ এ চি এ ষ্টেডিয়ামত অনুষ্ঠিত...

নিশাই গুৱাহাটীত উপস্থিত হ’ব মুম্বাই ইণ্ডিয়ানছ, দেওবাৰে পাব ৰাজস্থান ৰয়েলছ

গুৱাহাটীৰ এ চি এ ষ্টেডিয়ামত অহা সাত এপ্ৰিলত চলিত...

জিএনআৰচি হাস্পতালৰ বসন্তকালীন চিএমই ২০২৬

ক্লিনিকেল নিউৰ 'ফিজিঅ'লজি আপডেটৰ গুৰুত্বপূৰ্ণ একাডেমিক অধিৱেশনত নতুন দিল্লীৰ...

দেশত পুনৰ ভূমিকম্পৰ জোকাৰণি

দেশত পুনৰ ভূমিকম্পৰ জোকাৰণি। শুকুৰবাৰে নিশা ৯:৫০ বজাত অনুভূত...