পাণ দোকানীৰ পৰা কোটিপতি হোৱা মাইনাও ব্ৰহ্মক গ্ৰেপ্তাৰ

ৰাজ্যত সংঘটিত হৈছে এটাৰ পিছত আনটো বৃহৎ ট্ৰেডিং কেলেংকাৰি। পোহৰলৈ আহিছে ট্ৰেডিঙৰ নামত সাধাৰণ জনতাক কৰা প্ৰৱঞ্চনাৰ ভয়াৱহ তথ্য। কিছুদিন পূৰ্বে বাক্সাৰ মুছলপুৰত সংঘটিত এক বৃহৎ প্ৰবঞ্চনাৰ বাতৰি আহিছিল পোহৰলৈ। ট্ৰেডিঙৰ নামত সাধাৰণ জনতাৰ পৰা কোটি কোটি টকা সংগ্ৰহ কৰি আত্মসাৎ কৰিছিল এক প্ৰৱঞ্চক চক্ৰই। আৰু এই প্ৰৱঞ্চক চক্ৰটোৰ মূল মাষ্টাৰমাইণ্ড আছিল পান দোকানী মাইনাও ব্ৰহ্ম। প্ৰায় ১০০ কোটি টকাৰ কেলেংকাৰি সংঘটিত কৰিছিল অভিযুক্ত মাইনাও ব্ৰহ্মই। এই কেলেংকাৰি পোহৰলৈ অহাৰ পিছতে ভুক্তভোগী গ্ৰাহকে ভিৰ কৰিছিল নিজৰ ধন বিচাৰি। লগতে আৰক্ষীৰো কাষ চাপিছিল ভুক্তভোগী গ্ৰাহকে। হঠাৎ অন্তৰ্ধান হৈ পৰিছিল মাইনাও ব্ৰহ্ম। বাক্সা আৰক্ষীয়ে মাইনাও ব্ৰহ্মক বিচাৰি চলাইছিল অভিযান। কেইবাদিন ধৰি সন্ধান নাছিল অভিযুক্ত মাইনাও ব্ৰহ্মৰ। অৱশেষত বুধবাৰে নিশা বৰঝাৰৰ পৰা আটকৰ পাছতে গ্ৰেপ্তাৰ কৰে বাক্সা আৰক্ষীয়ে। প্ৰাপ্ত খবৰ অনুসৰি, দিল্লীত দীৰ্ঘদিনে আত্মগোপন কৰি আছিল মাইনাও ব্ৰহ্ম। পাণ দোকানীৰ পৰা কোটিপতি হৈছিল মাইনাও ব্ৰহ্ম।

ইফালে অভিযুক্ত মাইনাও ব্ৰহ্মক গ্ৰেপ্তাৰৰ খবৰ পাই মুছলপুৰ থানাত গ্ৰাহকৰ ভিৰ। প্ৰাপ্য ধন বিচাৰি থানাত ভিৰ কৰিলে বহু লোকে। কিন্তু গ্ৰেপ্তাৰৰ পিছতো মুখ নুখুলিলে প্ৰৱঞ্চক মাইনাও ব্ৰহ্মই। ইফালে মাইনাও ব্ৰহ্মৰ আন এজন সহযোগী বৰ্তমানেও পলাতক। ডিঙিত মোটা সোণৰ চেইন পিন্ধা দীপাংকৰ ভট্ট। মুছলপুৰত সংঘটিত কেলেংকাৰিৰ আন অভিযুক্ত দীপাংকৰ। টিহুৰ ভোজকুছি গাঁৱত ঘৰ দীপাংকৰ ভট্টৰ। কম দিনতেই বিশাল সম্পত্তিৰ মালিক হৈছিল দীপাংকৰ। অভিযুক্ত দীপাংকৰ ভট্টকো বিচাৰি আৰক্ষীৰ অভিযান। দীপাংকৰৰ ভোজকুছিৰ বাসগৃহৰ পৰা ৫খন বাহন জব্দ কৰিছে আৰক্ষীয়ে। নিজগাঁও ভোজখুছি, মাখিবাহা, টিহু, নলবাৰী, আৰু পাঠশালাত প্ৰৱঞ্চনাৰ টকাৰে বিশাল সম্পত্তি গঢ়িছিল দিপাংকৰ ভট্টই। ইতিমধ্যে দিপাংকৰক বিচাৰি অভিযান তীব্ৰতৰ কৰিছে বাক্সা আৰক্ষীয়ে। বহু ভুক্তভোগীয়ে এতিয়া মাইনাও ব্ৰহ্মক গ্ৰেপ্তাৰৰ পিছতে ভিৰ কৰিছে থানাত।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

ইৰাণত ট্ৰাম্পৰ মিছন, খামেনেইৰ পতনৰ কাউণ্টডাউন আৰম্ভ, আমেৰিকাই আক্ৰমণ কৰিব নেকি?

বৰ্তমান ট্ৰাম্পৰ প্ৰধান লক্ষ্য হৈছে ইৰাণ। কাৰণ ইৰাণ জ্বলিছে।...

ইৰাণ সংকটক লৈ হাই এলাৰ্টত ইজৰাইল; ট্ৰাম্পৰ বক্তব্যৰ পিছত আমেৰিকাৰ আক্ৰমণৰ আশংকা

ইৰাণত চলি থকা চৰকাৰ বিৰোধী বৃহৎ প্ৰতিবাদৰ মাজতে ইজৰাইল...

অপাৰেচন হকআইঃ ছিৰিয়াত ISISৰ ওপৰত আমেৰিকাৰ বৃহৎ আক্ৰমণ, কেইবাটাও লক্ষ্যত বিমান আক্ৰমণ

মিত্ৰশক্তিৰ বাহিনীৰ সৈতে আমেৰিকাৰ কেন্দ্ৰীয় কমাণ্ড (চেণ্টকম) বাহিনীয়ে অপাৰেচন...