নিজে লাভ কৰা নোবেল বঁটা ট্ৰাম্পক দিলে মাচাডোৱে, এই বঁটা হস্তান্তৰ কৰিব পাৰিনে?

ভেনিজুৱেলাৰ বিৰোধী নেত্ৰী মাৰিয়া ক’ৰিনা মাচাডোৱে বৃহস্পতিবাৰে আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পক তেওঁৰ শান্তিৰ নোবেল বঁটা প্ৰদান কৰে। হোৱাইট হাউছত ৰাষ্ট্ৰপতি ট্ৰাম্পৰ সৈতে সাক্ষাৎ কৰি তেওঁ এই বঁটা প্ৰদান কৰে।

ৰাষ্ট্ৰপতি নিকোলাছ মাদুৰো আৰু তেওঁৰ পত্নীক গ্ৰেপ্তাৰ কৰি অভিযোগৰ সন্মুখীন হ’বলৈ আমেৰিকালৈ অনাৰ বাবে আৰু ভেনিজুৱেলালৈ আমেৰিকান সৈন্য প্ৰেৰণ কৰাৰ সিদ্ধান্ত লোৱাৰ পিছতে মাচাডোয়ে এই পদক্ষেপ গ্ৰহণ কৰিছে।

নোবেল বঁটাৰ বিষয়ে কি ক’লে ট্ৰাম্পে?

বৈঠকৰ অন্তত ট্ৰাম্পে ট্ৰুথছ’চিয়েলত লিখিছে, “আজি ভেনিজুৱেলাৰ মাৰিয়া ক’ৰিনা মাচাডোক লগ পোৱাটো মোৰ বাবে এক বৃহৎ সন্মান। তেওঁ এগৰাকী আচৰিত মহিলা যিয়ে ইমানখিনি সহ্য কৰিছে।” নোবেল বঁটাৰ সন্দৰ্ভত ট্ৰাম্পে কয়, “মাৰিয়াই মোৰ কামৰ বাবে মোক তেওঁৰ শান্তিৰ নোবেল বঁটা উপহাৰ দিলে। এইটো পাৰস্পৰিক সন্মানৰ এক আচৰিত ইংগিত। ধন্যবাদ মাৰিয়া!”

মাৰিয়াই ট্ৰাম্পক শান্তিৰ নোবেল বঁটা প্ৰদান কৰাৰ সময়তে এই বঁটা আন কাৰোবাক দিব পাৰি নেকি সেই লৈ প্ৰশ্ন উত্থাপন হৈছে। নিয়মে কি কয় জানো আহক। নোবেল শান্তি কেন্দ্ৰই এক্সত এটা দীঘলীয়া পোষ্ট প্ৰকাশ কৰিছিল য’ত এই বঁটা আন কাৰোবাক দিব পাৰি নেকি সেই সম্পৰ্কে নিয়মৰ বিষয়ে ব্যাখ্যা কৰা হৈছিল। কেন্দ্ৰই উল্লেখ কৰিছে যে ইয়াৰ পূৰ্বেও শান্তিৰ নোবেল বঁটা বিক্ৰী হৈছে।

পোষ্টটোত উল্লেখ কৰা হৈছে যে, ইয়াৰ এটা উদাহৰণ হ’ল ডিমিট্ৰি মুৰাটভৰ পদক, যিটো ইউক্ৰেইনৰ যুদ্ধৰ পৰা শৰণাৰ্থীসকলক সহায় কৰিবলৈ ১০ কোটি মাৰ্কিন ডলাৰৰ ওপৰত নিলাম কৰা হৈছিল।

সত্যটো অৱশ্যে এইটোৱেই যে- শান্তিৰ নোবেল বঁটাটো নিজেই আন কাকো দিব নোৱাৰে; কেৱল পদকটোহে আন এজন ব্যক্তিক গতাই দিব পাৰিব। এজন ব্যক্তিয়ে শান্তিৰ নোবেল বঁটা লাভ কৰাৰ পিছত সেই বিশেষ ব্যক্তিগৰাকীৰ নামহে তেওঁলোকৰ মাজত থাকে। মাৰিয়াই ট্ৰাম্পক শান্তিৰ নোবেল বঁটা প্ৰদান কৰাৰ অৰ্থ এইটো নহয় যে, ট্ৰাম্প এতিয়া শান্তিৰ নোবেল বঁটা বিজয়ী।

নৰৱেৰ নোবেল কমিটীৰ মতে, এবাৰ নোবেল বঁটা ঘোষণা হ’লে ইয়াক প্ৰত্যাহাৰ, ভাগ-বতৰা বা আন কাকো দিব নোৱাৰি। এই সিদ্ধান্ত চিৰদিনৰ বাবে চূড়ান্ত। গতিকে পদকৰ মালিক সলনি হ’ব পাৰে, কিন্তু শান্তিৰ নোবেল বঁটা বিজয়ীৰ মৰ্যাদা সলনি নহয়।

ইয়াক স্থানান্তৰ কৰিব পাৰিনে?

নাই, শান্তিৰ নোবেল বঁটা হস্তান্তৰ কৰিব নোৱাৰি। শান্তিৰ নোবেল বঁটা কেৱল নৰৱেৰ নোবেল কমিটীয়েহে প্ৰদান কৰা আনুষ্ঠানিক সন্মান। কমিটীয়ে কাৰোবাৰ নাম ঘোষণা কৰিলেই সেই ব্যক্তিজনক চিৰদিনৰ বাবে শান্তিৰ নোবেল বঁটা বিজয়ী হিচাপে স্বীকৃতি দিয়া হয়।

ট্ৰাম্পে এই পদক গ্ৰহণ কৰিব পাৰে। ইয়াৰ দ্বাৰা কোনো নিয়ম উলংঘা নহয়। অৱশ্যে ইয়াৰ অৰ্থ এইটো নহয় যে, ট্ৰাম্পে শান্তিৰ নোবেল বঁটা লাভ কৰিছে। নোবেল কমিটীয়ে স্পষ্টকৈ উল্লেখ কৰিছে যে-

নোবেল বঁটা বাতিল কৰিব নোৱাৰি,

ইয়াক গতাই দিব বা হস্তান্তৰ কৰিব নোৱাৰিব,

ইয়াক শ্বেয়াৰ কৰিব নোৱাৰি,

গতিকে পদকৰ মালিক সলনি হ’ব পাৰে। কিন্তু শান্তি নোবেল বঁটা বিজয়ীগৰাকীৰ মৰ্যাদা অপৰিৱৰ্তিত হৈ আছে। ইয়াৰ পূৰ্বে নোবেল বঁটাৰ পদক নিলামত বিক্ৰী বা দান কৰা হৈছিল। কিন্তু সেইবোৰ ক্ষেত্ৰতো সেই বঁটাটো প্ৰথমে লাভ কৰা ব্যক্তিজনৰ নামতেই থাকিল।

ঠিক তেনেদৰে, ট্ৰাম্পক কেতিয়াও শান্তিৰ নোবেল বঁটা বিজয়ী বুলি কোৱা নহ’ব। ট্ৰাম্পৰ হাতত থাকিব কেৱল পদক, সন্মান বা খিতাপ নহয়।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

২২ বছৰীয়া দীঘলীয়া অপেক্ষাৰ অন্ত! ডুৰাণ্ড কাপৰ-২০২৬ৰ চেম্পিয়ন ইষ্ট বেংগল

মোহনবাগানক ৪-১ গ’লত পৰাস্ত কৰি ১৭সংখ্যক ডুৰাণ্ড কাপ জয়...

অসমৰ বানাক্ৰান্ত বিদ্যালয়সমূহৰ পুনৰ্নিৰ্মাণৰ বাবে ONGCৰ ২০ কোটি টকাৰ সাহায্য

অসমত শেহতীয়াকৈ হোৱা প্ৰলয়ংকাৰী বানত ক্ষতিগ্ৰস্ত হোৱা ৰাজ্যখনৰ প্ৰায়...

প্ৰথম বিদেশ যাত্ৰাতে থমকি ৰ’ল জীৱন, ২২ বছৰীয়া ভাৰতীয় যুৱকৰ কৰুণ পৰিণতি

ৰাছিয়ান ক্ষেপণাস্ত্ৰ আক্ৰমণত নিহত উত্তৰ প্ৰদেশৰ যুৱকৰ মৃতদেহ ৩৪...