তিনিচুকীয়াৰ এগৰাকী মহিলাই দৃষ্টি কাঢ়িছে সকলোৰে

তিনিচুকীয়াৰ এগৰাকী মহিলাই দৃষ্টি কাঢ়িছে সকলোৰে। মুখ্যমন্ত্ৰীৰো মন জয় কৰিছে মহিলাগৰাকীয়ে। নামঃ বেবী গগৈ চেতিয়া। হয়, তিনিচুকীয়াৰ গেলাপুখুৰীৰ বেবী গগৈ চেতিয়াৰ কৰ্মই এতিয়া আপ্লুত কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাকো। ইটাখুলি উন্নয়ন খণ্ডৰ কৃষি সখী বেবী গগৈ চেতিয়াৰ কৃষি কৰ্মৰ আধুনিক পদ্ধতিক প্ৰশংসা সৰ্বজনৰ।

ড্ৰ’নৰ জৰিয়তে কৃষি পথাৰত ঔষধ চটিয়াই চৰ্চাত বেবী গগৈ চেতিয়া। কৃষি সখী হিচাপে কৰ্মৰত বেবী গগৈয়ে আধুনিক পৰিস্থিতিৰ স’তে মিলিব পৰাকৈ কৃষি পথাৰত এইদৰে উন্নত পদ্ধতিৰে সাৰ-পানী যোগান ধৰা কাৰ্যত এতিয়া মোহাচন্ন সকলো। মহিলাগৰাকীৰ এই কাৰ্য মুখ্যমন্ত্ৰীৰ চকুত পৰাৰ পাছতেই মুখ্যমন্ত্ৰীয়ে এইদৰে সামাজিক মাধ্যমত ফটো শ্বেয়াৰ কৰি লিখিলে, ‘‘এখন শক্তিশালী ছবি’’।

মহিলা সবলীকৰণৰ দিশত আৰু এখোজ আগবাঢ়ি তিনিচুকীয়াৰ বেবী গগৈ চেতিয়াই দেখুৱালে আধুনিক অসমীয়া মহিলাই কৰিব নোৱাৰে কি। বেবী গগৈ চেতিয়াৰ এই কাৰ্যই কৃষিখণ্ডত আনিব এক নতুন জোৱাৰ।

তিনিচুকীয়াত বৰ্তমানলৈ মুঠ তিনিগৰাকী এনে কৃষি সখীৰ লগতে সমগ্ৰ অসমত মুঠ ১৮ গৰাকী কৃষি সখীক প্ৰশিক্ষণ প্ৰদান কৰিছে কৃষি বিভাগে। পৰিস্থিতিৰ স’তে মিলিব পৰাকৈ কৃষিত উন্নত পদ্ধতি ব্যৱহাৰৰ প্ৰশিক্ষণ প্ৰদান কৰিছে বিভাগে। এই পদক্ষেপ হাতত লৈ এইদৰে আগবাঢ়ি অহা বেবী গগৈ চেতিয়াৰ কৰ্মত তিনিচুকীয়া কৃষি বিজ্ঞান কেন্দ্ৰৰ মূৰব্বীৰ লগতে জিলা কৃষি বিষয়াই জনালে শুভেচ্ছা। সকলোকে এইক্ষেত্ৰত আগবাঢ়ি যাবলৈ জনালে আহ্বান।

বেবী গগৈ চেতিয়াৰ দৰেই অসমৰ মহিলা ওলাই আহক এইদৰে। নতুনত্বক আদৰি প্ৰতিতো খণ্ডতে আগবাঢ়ি যাওক আজিৰ অসমৰ মহিলা। সকলোৰে এতিয়া এয়াই আশা। এয়াই প্ৰত্যাশা।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

মুখ্যমন্ত্ৰীৰ পৰা প্ৰধানমন্ত্ৰী হোৱালৈ…মোদী-পুটিনৰ ২৫ বছৰীয়া সম্পৰ্ক…

মোদী-পুটিনৰ ২৫ বছৰীয়া বন্ধুত্ব : ভাৰত-ৰাছিয়া সম্পৰ্কৰ এক অটুট...

মাত্ৰ ২ ঘণ্টা শোৱা এগৰাকী প্ৰধানমন্ত্ৰীৰ কাহিনী ক’ম আজি…

আপুনি দৈনিক কিমান ঘণ্টা শোৱে? নিশ্চয়কৈ ৬ৰ পৰা ৮...

ভাৰতলৈ আহিছে পুটিন… সিফালে চীন পালেগৈ ফ্ৰান্সৰ ৰাষ্ট্ৰপতি ইমানুৱেল মেক্ৰন

ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনে দুদিনীয়া ভ্ৰমণসূচীৰে ভাৰত ভ্ৰমণ কৰাৰ...

পুটিনৰ ভাৰত ভ্ৰমণঃ বাণিজ্যৰ পৰা মহাকাশলৈ এই ৮টা ক্ষেত্ৰত স্বাক্ষৰিত হ’ব বৃহৎ চুক্তি

ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনৰ ভাৰত ভ্ৰমণ। এই ভ্ৰমণৰ সময়ত...