পৌৰ সম্পত্তি কৰ সংগ্ৰহৰ তিনিমহীয়া প্ৰত্যাহ্বান কাৰ্যসূচীৰ শুভাৰম্ভ

ৰাজ্যৰ পৌৰসভাসমূহৰ পৌৰপতি, উপ-পৌৰপতি আৰু কাৰ্যবাহী বিষয়াসকলৰ সৈতে ভিডিঅ’ কনফাৰেন্সযোগে বৈঠকত মিলিত হ’ল মন্ত্ৰী অশোক সিংহল

পৌৰ সম্পত্তি কৰ সংগ্ৰহৰ তিনিমহীয়া প্ৰত্যাহ্বান কাৰ্যসূচীৰ শুভাৰম্ভ

গৃহ নিৰ্মাণ আৰু নগৰ পৰিক্ৰমা তথা জলসিঞ্চন বিভাগৰ মন্ত্ৰী অশোক সিংহলে আজি তেওঁৰ জনতা ভৱনস্থিত কাৰ্যালয়ৰ সভাকক্ষৰ পৰা ৰাজ্যৰ পৌৰসভাসমূহৰ পৌৰপতি, উপ-পৌৰপতি আৰু কাৰ্যবাহী বিষয়াসকলৰ সৈতে ভিডিঅ’ কনফাৰেন্সযোগে এক গুৰুত্বপূৰ্ণ বৈঠকত মিলিত হয়৷ পৌৰসভাসমূহৰ বিভিন্ন কাম-কাজৰ লগতে আজিৰ বৈঠকত মূলতঃ সম্পত্তি কৰৰ মূল্যায়ণ আৰু কৰ সংগ্ৰহৰ বিষয়ে আলোচনা কৰা হয়৷ মন্ত্ৰীগৰাকীয়ে আজি পৌৰ সম্পত্তি কৰ সংগ্ৰহৰ বাবে তিনিমহীয়া এক বিশেষ প্ৰত্যাহ্বান কাৰ্যসূচীৰো শুভাৰম্ভ কৰে। অহা ১ ছেপ্টেম্বৰৰ পৰা ৩০ নৱেম্বৰলৈ চলিবলগীয়া এই কাৰ্যসূচীৰ বাবে তেওঁ পৌৰসভাসমূহক নিজৰ লক্ষ্য স্থিৰ কৰি দিয়াৰ লগতে যাৱতীয় নিৰ্দেশনাও প্ৰদান কৰে৷ বৈঠকত তেওঁ অনলাইনযোগে গৃহ নিৰ্মাণ আৰু ব্যৱসায়ৰ অনুমতি প্ৰদান তথা আৱৰ্জনা সংগ্ৰহ আৰু ব্যৱস্থাপনাৰো বুজ লয়৷

আনহাতে মন্ত্ৰী সিংহলে আজি জনতা ভৱনত অন্যান্য কেইবাখনো বৈঠকতো মিলিত হয়৷ গুৱাহাটী মহানগৰ উন্নয়ন কতৃৰ্পক্ষৰ বিষয়ববীয়াসকলৰ সৈতে হোৱা এক বৈঠকত তেওঁ শিলসাকোঁ বিলৰ পুনৰুজ্জীৱিতকৰণ প্ৰকল্পৰ পৰ্যালোচনা কৰাৰ বিপৰীতে গৃহ নিৰ্মাণ আৰু নগৰ পৰিক্ৰমা বিভাগৰ বিভিন্ন শাখা বিভাগসমূহেৰ হোৱা এক বৈঠকত তেওঁ বিগত চিন্তন শিবিৰৰ নিৰ্ধাৰিত লক্ষ্য আৰু আৰ্জিত সফলতাৰ অগ্ৰগতিৰ বুজ লয়৷ আনহাতে “মিছন অম্ৰুট”ৰ বিষয়াসকলৰে হোৱা আন এক বৈঠকত মন্ত্ৰীগৰাকীয়ে ৰাজ্যৰ বিভিন্ন নগৰীয়া এলেকাত অম্ৰুট অভিযানৰ অধীনত ৰূপায়িত খোৱাপানী যোগান প্ৰকল্পসমূহৰ অগ্ৰগতিৰ বিশদ পৰ্যালোচনা কৰে৷

আজিৰ এই বৈঠকসমূহত গৃহ নিৰ্মাণ আৰু নগৰ পৰিক্ৰমা বিভাগৰ আয়ুক্ত-সচিব কবিতা পদ্মনাভন, সচিব পৱিত্ৰ ৰাম খাউণ্ডৰ লগতে সংশ্লিষ্ট শাখা বিভাগসমূহৰ জ্যেষ্ঠ বিষয়াসকল উপস্থিত থাকে৷

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

এ চি এৰ কৰ্পৰেট টি-২০ ক্ৰিকেট প্ৰতিযোগিতা ২০২৬ৰ সূচী ঘোষণা

এ চি এৰ কৰ্পৰেট টি-২০ ক্ৰিকেট প্ৰতিযোগিতা ২০২৬ৰ সূচী...

ACAৰ কৰ্পৰেট টি-২০ ক্ৰিকেট প্ৰতিযোগিতা ২০২৬ৰ সূচী ঘোষণা

অসম ক্ৰিকেট সন্থাই অহা ১০ মাৰ্চত আৰম্ভ হ’বলগীয়া...

Assam down town University Wins Big at ET TechEDU Awards 2026

Assam down town University has brought pride to the...

ইৰাণক বিধ্বংসী আক্ৰমণ ইজৰাইলৰ

ইৰাণক বিধ্বংসী আক্ৰমণ ইজৰাইলৰ। ৰাজধানী তেহৰানসহ ইৰানৰ বিভিন্ন ঠাইত...