পেহেলগামত হনিমুনলৈ গৈ কৰুণ মৃত্যু, সপোনবোৰ আৰু দিঠক নহয় কেতিয়াও

সন্ত্ৰাসবাদীৰ ভয়াৱহ আক্ৰমণৰ পিছত জম্মু-কাশ্মীৰৰ পেহেলগামত এতিয়া শোকাকুল পৰিৱেশ। আপোনজনক হেৰুৱাই হিয়া ঢাকুৰি কান্দিছে বহুজনে। তাৰ মাজতে ভাইৰেল হৈ পৰিছে সমগ্ৰ বিশ্বকে স্তব্ধ কৰা এখন ছবি। নিথৰ স্বামীৰ কাষত বহি ৰৈছে পত্নী। বিয়াৰ মাত্ৰ কেইটামান দিন হৈছিল। ১৬ এপ্ৰিলতহে আৱদ্ধ হৈছিল বিবাহপাশত। শেষ হোৱাই নাছিল আনন্দবোৰ। কথা আছিল সদায় একেলগে থকাৰ, কথা আছিল জীৱনৰ দীঘলীয়া বাটটো একেলগে যোৱাৰ। কিন্তু মুহূৰ্ততেই সকলো শেষ। সপোনবোৰ আৰু পূৰণ নহয়। কথাবোৰ আৰু দিঠক নহয় কেতিয়াও। হনিমুনৰ বাবে গৈছিল কাশ্মীৰলৈ। কিন্তু পেহেলগামৰ সন্ত্ৰাসবাদীৰ আক্ৰমণত মুহূৰ্ততে শেষ হৈ গ’ল সকলো। সন্ত্ৰাসবাদীৰ ভয়াৱহ আক্ৰমণত প্ৰাণ গ’ল কেৰালাৰ নৌ সেনা বিষয়া বিনয় নৰৱালৰ।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

ৰাছিয়া বা চীন নহয়, এই ৩১খন দেশৰ বিৰুদ্ধে আমেৰিকাই প্ৰথমে যুঁজিব…

১৯৪৯ চনত ব্ৰিটেইন, ফ্ৰান্সৰ দৰে ইউৰোপীয় দেশৰ সৈতে আমেৰিকাই...

ভেনিজুৱেলাত চাহ একাপৰ দামত পোৱা যাব সোণ

পৃথিৱীত এনেকুৱা এখন ঠাই আছে য’ত সোণৰ দাম ভাল...

এখন গ্ৰন্থই সলনি কৰিছিল ঝি জিনপিঙৰ জীৱন…

চীনৰ ৰাষ্ট্ৰপতি ঝি জিনপিঙে এক ব্যক্তিগত কথা প্ৰকাশ কৰিছে।...

বৰ্খাস্ত হোৱা মুস্তাফিজুৰে KKRৰ পৰা পাবনে ৯.২০ কোটি টকা? নিয়মবোৰ কি কি?

IPLৰ পৰা মুস্তাফিজুৰ ৰহমান বাদ পৰাৰ পিছত বিতৰ্ক বহু...