পেহেলগামত হনিমুনলৈ গৈ কৰুণ মৃত্যু, সপোনবোৰ আৰু দিঠক নহয় কেতিয়াও

সন্ত্ৰাসবাদীৰ ভয়াৱহ আক্ৰমণৰ পিছত জম্মু-কাশ্মীৰৰ পেহেলগামত এতিয়া শোকাকুল পৰিৱেশ। আপোনজনক হেৰুৱাই হিয়া ঢাকুৰি কান্দিছে বহুজনে। তাৰ মাজতে ভাইৰেল হৈ পৰিছে সমগ্ৰ বিশ্বকে স্তব্ধ কৰা এখন ছবি। নিথৰ স্বামীৰ কাষত বহি ৰৈছে পত্নী। বিয়াৰ মাত্ৰ কেইটামান দিন হৈছিল। ১৬ এপ্ৰিলতহে আৱদ্ধ হৈছিল বিবাহপাশত। শেষ হোৱাই নাছিল আনন্দবোৰ। কথা আছিল সদায় একেলগে থকাৰ, কথা আছিল জীৱনৰ দীঘলীয়া বাটটো একেলগে যোৱাৰ। কিন্তু মুহূৰ্ততেই সকলো শেষ। সপোনবোৰ আৰু পূৰণ নহয়। কথাবোৰ আৰু দিঠক নহয় কেতিয়াও। হনিমুনৰ বাবে গৈছিল কাশ্মীৰলৈ। কিন্তু পেহেলগামৰ সন্ত্ৰাসবাদীৰ আক্ৰমণত মুহূৰ্ততে শেষ হৈ গ’ল সকলো। সন্ত্ৰাসবাদীৰ ভয়াৱহ আক্ৰমণত প্ৰাণ গ’ল কেৰালাৰ নৌ সেনা বিষয়া বিনয় নৰৱালৰ।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

অসমত গ্ৰেপ্তাৰ পাকিস্তানী চোৰাংচোৱা

পুনৰ দেশতেই ওলাইছে ঘৰ বিভীষণ। এইবাৰ ভাৰতীয় তথ্য পাকিস্তানক...

উৰণ সেতুত ৰীল বনাবলৈ গৈ তলত পৰিলগৈ কিশোৰ

উৰণ সেতুত ৰীল বনাবলৈ গৈ তলত পৰিলগৈ কিশোৰ। ঈদৰ...

ডায়েট ডিব্ৰুগড়ত কুইজ প্ৰতিযোগিতা, প্ৰথম স্থান জিনিলে কোনে?

জিলা শিক্ষা আৰু প্ৰশিক্ষণ প্ৰতিষ্ঠান (ডায়েট), ডিব্ৰুগড়ত প্ৰতিষ্ঠানটোৰ প্ৰশিক্ষাৰ্থীসকলৰ...