ঢকুৱাখনাৰ সাপতিয়া গাঁৱত উদ্ধাৰ এটা ছিন্ন মুণ্ড, উদ্ধাৰ হোৱা ছিন্ন মুণ্ডতো ধুবুৰীৰ জাহাংগীৰ হুছেইনৰ নেকি?

আকৌ চৰ্চালৈ আহিছে ঢকুৱাখনাৰ ৰহস্যজনক হত্যাকাণ্ড। হত্যাকাণ্ড হোৱা স্থানৰ কিছু নিলগত প্ৰায় ৬ মাহৰ অন্তত উদ্ধাৰ এটা সন্দেহজনক ছিন্ন মুণ্ড। স্থানীয় লোকে মাছ ধৰি থাকোঁতে জালত উঠি আহে ছিন্ন মুণ্ডটো। ছিন্ন মুণ্ডটো জাহাংগীৰ হুছেইনৰ বুলি সন্দেহ কৰিছে স্থানীয় লোকে। উল্লেখ্য যে ১ জুনত ঢকুৱাখনাৰ সাপতিয়া গাঁৱত উদ্ধাৰ হৈছিল এটা মুণ্ডবিহীন মৃতদেহ। প্ৰথমাৱস্থাত মৃতদেহটো সুনীল গগৈ নামৰ লোকজনৰ বুলি সন্দেহ কৰা হৈছিল যদিও পিছলৈ ঘটনাই লৈছিল নতুন মোৰ। আৰক্ষীৰ তদন্তত পোহৰলৈ আহিছিল চাঞ্চল্যকৰ তথ্য। মৃতদেহটো আছিল জাহাংগীৰ হুছেইন নামৰ ধুবুৰীৰ এজন ৰাজ-মিস্ত্ৰীৰ। সুনীল গগৈয়ে জাহাংগীৰক হত্যা কৰাৰ অভিযোগ উঠিছিল। ঘটনাৰ পাছতে মূল অভিযুক্ত সুনীল গগৈয়ে পলায়ন কৰাৰ কথা প্ৰকাশ কৰিছিল তদন্তকাৰী বিষয়াই। হত্যাকাণ্ডৰ তদন্ত আৰক্ষীৰ পৰা হস্তান্তৰ কৰা হৈছিল CIDক। প্রায় ৬ মাহে হত্যাকাণ্ডৰ কোনো শুংসূত্র লাভ নকৰিলে CIDএ। কিন্তু শনিবাৰে ছিন্ন মুণ্ড উদ্ধাৰৰ পাছতে পুনৰ চৰ্চা লাভ কৰিছে সেই ঘটনাই। ঘটনাস্থলীত আৰক্ষীৰ দল উপস্থিত হৈ আৰম্ভ কৰিছে তদন্ত।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

পৃথিৱীৰ ওপৰত সম্পূৰ্ণ নিয়ন্ত্ৰণৰ আকাংক্ষা; ৪টা নতুন সামৰিক ঘাটি নিৰ্মাণ কৰিব বিচাৰিছে আমেৰিকাই

বিশ্বৰ ৮০খন দেশৰ কমেও ৭৫০টা সামৰিক ঘাটি আমেৰিকাৰ নিয়ন্ত্ৰণত...

ইলন মাস্কৰ দৰমহাৰে ইখনৰ পিছত সিখন দেশ ক্ৰয় কৰিব পাৰিব আপুনি…

কিমান টকা হ'লে বহুত টকা বুলি কোৱা হয়? এক...

বিশ্বৰ ১৯০খন দেশৰ অৰ্থনীতিতকৈও ডাঙৰ এটা কোম্পানী

কোম্পানীটোৰ নাম Nvidia। এই আমেৰিকান কোম্পানীটো বিশ্বৰ ১৯০খন দেশৰ...

Exclusive | দিল্লী বিস্ফোৰণত ব্যৱহৃত হ্যুণ্ডাই i20 বাহনৰ সবিশেষ

CC কেমেৰাত দিল্লী বিস্ফোৰণত ব্যৱহৃত হ্যুণ্ডাই i20 বাহনৰ দৃশ্য।...