বাতিল হ’ল উচ্চতৰ মাধ্যমিকৰ প্ৰথম বৰ্ষৰ পৰীক্ষা

ৰাজ্যৰ শিক্ষা বিভাগে বাতিল কৰিলে উচ্চতৰ মাধ্যমিকৰ প্ৰথম বৰ্ষৰ পৰীক্ষা। পৰীক্ষা অনুষ্ঠিত নকৰাকৈয়ে পুনৰ সকলো শিক্ষাৰ্থীক উত্তীৰ্ণ কৰোৱা হ’ব ৰাজ্যৰ সকলো প্ৰথম বৰ্ষৰ ছাত্ৰ-ছাত্ৰীক। অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদৰ মুখ্য কাৰ্যালয়ৰ পৰা প্ৰেৰণ কৰা এক জাননীৰ জৰিয়তে উচ্চতৰ মাধ্যমিকৰ প্ৰথম বৰ্ষৰ সকলো শিক্ষাৰ্থীকে দ্বিতীয় বৰ্ষলৈ উত্তীৰ্ণ কৰোৱাৰ নিৰ্দেশনা প্ৰদান কৰিছে।

পৰীক্ষা নিয়ন্ত্ৰক পংকজ বৰঠাকুৰে পত্ৰখনৰ জৰিয়তে সকলো শিক্ষানুষ্ঠানৰ প্ৰথম বৰ্ষৰ ছাত্ৰ-ছাত্ৰীসকলক দ্বিতীয় বৰ্ষলৈ উত্তীৰ্ণ কৰোৱাৰ বাবে নিৰ্দেশনা জাৰি কৰিছে। পত্ৰখনত কৈছে যে, শিক্ষাৰ্থীসকলে পৰীক্ষাৰ বাবে প্ৰ-পত্ৰ পূৰণ কৰিছিল যদিও প্ৰাকৃতিক দুৰ্যোগ আৰু অন্যান্য কাৰণৰ বাবে পৰীক্ষা অনুষ্ঠিত কৰিব পৰা নাযাব। সেয়েহে সকলো ছাত্ৰ-ছাত্ৰীকে উত্তীৰ্ণ কৰাব লাগে উচ্চতৰ মাধ্যমিকৰ দ্বিতীয় বৰ্ষলৈ। আনহাতে, শিক্ষানুষ্ঠানসমূহৰ মূৰব্বীসকলক শিক্ষাৰ্থীসকলৰ পূৰ্বৰ পৰীক্ষাৰ নম্বৰসমূহ সংসদৰ পৰ্টেলত অন্তৰ্ভুক্ত কৰিবৰ বাবে নিৰ্দেশ দিয়া হৈছে যাতে সকলো শিক্ষাৰ্থীৰ মাৰ্কশ্বিটসমূহ তৈয়াৰ কৰিব পাৰি।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

সদৌ অসম ডায়েট বিষয়া সন্থাৰ প্ৰতিনিধি দলৰ মুখ্যমন্ত্ৰীক সাক্ষাত্‍

মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিলৈ বৰঙণি আৰু স্মাৰক-পত্ৰ প্ৰদান গুৱাহাটীৰ লোক সেৱা...

ৰাছিয়াৰ সংসদীয় নিৰ্বাচনত পুটিনৰ দলৰ বৃহৎ জয়; ইউক্ৰেইনৰ ড্ৰোন আক্ৰমণৰ মাজতে অনুষ্ঠিত নিৰ্বাচন

ৰাছিয়াৰ সংসদীয় নিৰ্বাচনত ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনৰ দল United Russiaৰ...

মধ্যপ্ৰাচ্যত পুনৰ বৃদ্ধি উত্তেজনা; ইৰাণ ভ্ৰমণক লৈ আমেৰিকাৰ নতুন সতৰ্কবাণী

মধ্যপ্ৰাচ্যত পুনৰ বৃদ্ধি উত্তেজনা। ইৰাণ ভ্ৰমণক লৈ আমেৰিকাৰ নতুন...