২৪ ঘণ্টাত ক’ভিডত প্ৰাণ হেৰুৱালে ২১ জন আক্ৰান্তই

বিগত ২৪ ঘণ্টাত ৰাজ্যত ক’ভিডত প্ৰাণ হেৰুৱাইছে ২১ জন আক্ৰান্তই। শুকুৰবাৰৰ দিনটোত ৰাজ্যত ক’ভিডত আক্ৰান্ত হৈছে ২ হাজাৰ ৮৬১ জন। কামৰূপ মে’ট্ৰত হ্ৰাস পাইছে ক’ভিডত আক্ৰান্ত। শুকুৰবাৰৰ দিনটোত কামৰূপ মে’ট্ৰত আক্ৰান্ত ৫৯৯ জন। দিনটোত ৰাজ্যত ক’ভিড টেষ্ট কৰা হৈছিল ৪১ হাজাৰ ১৩৪ টা। ৰাজ্যত বৰ্তমান পজিটিভিটীৰ ৬.৯৬ শতাংশ। ইয়াৰ বিপৰীতে আৰোগ্যৰ হাৰ হৈছে ৯৪.৪১ শতাংশ। সংক্ৰমণৰ হাৰ হ্ৰাস কিন্তু মৃত্যুৰ হাৰ বৃদ্ধি পাইছে। এনে পৰিস্থিতিত ক’ভিড সংক্ৰান্তীয় নিষেধাজ্ঞা শিথিল কৰিবনে নকৰে তাক লৈ দ্বিধাগ্ৰস্ত হৈ পৰিছে চৰকাৰ তথা প্ৰশাসন।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

ইৰাণত ট্ৰাম্পৰ মিছন, খামেনেইৰ পতনৰ কাউণ্টডাউন আৰম্ভ, আমেৰিকাই আক্ৰমণ কৰিব নেকি?

বৰ্তমান ট্ৰাম্পৰ প্ৰধান লক্ষ্য হৈছে ইৰাণ। কাৰণ ইৰাণ জ্বলিছে।...

ইৰাণ সংকটক লৈ হাই এলাৰ্টত ইজৰাইল; ট্ৰাম্পৰ বক্তব্যৰ পিছত আমেৰিকাৰ আক্ৰমণৰ আশংকা

ইৰাণত চলি থকা চৰকাৰ বিৰোধী বৃহৎ প্ৰতিবাদৰ মাজতে ইজৰাইল...